নতুন দিল্লী: ভাৰতৰ বাবে এক বৃহৎ কূটনৈতিক সফলতা ৷ ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰ মাইণ্ড তাহাউৰ ৰাণাক বৃহস্পতিবাৰে আমেৰিকাৰ পৰা ভাৰতলৈ ঘূৰাই অনা হয় ৷ ভাৰতীয় আইন অনুসৰি বিচাৰ কৰা হ’ব কুখ্যাত অপৰাধীজনৰ ।
বৃহস্পতিবাৰে বিয়লি ৰাণাক কঢ়িয়াই অনা বিমানখন দিল্লীৰ পালাম বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই তেওঁক আনুষ্ঠানিকভাৱে বিমানবন্দৰত গ্ৰেপ্তাৰ কৰে । ইয়াৰ পিছত ৰাণাক নিয়াৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হ’ব, য’ত তেওঁক জিম্মাত ৰখাৰ বাবে সংস্থাটোৱে আবেদন জনোৱাৰ পূৰ্বে স্বাস্থ্য় পৰীক্ষা কৰা হ’ব ।
ইতিমধ্যে দিল্লীৰ এখন আদালতে ২৬/১১ মুম্বাই আক্ৰমণৰ বিচাৰৰ অভিলেখ লাভ কৰিছে বুলি আদালতৰ এক সূত্ৰই প্ৰকাশ কৰিছে । শেহতীয়াকৈ জিলা ন্যায়াধীশ বিমল কুমাৰ যাদৱে ২৮ জানুৱাৰীত মুম্বাইৰ এখন আদালতৰ কৰ্মচাৰীসকলক অভিলেখ প্ৰেৰণৰ বাবে দিয়া নিৰ্দেশ অনুসৰি এই অভিলেখসমূহ লাভ কৰে ।
দিল্লীত থকা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই মুম্বাইৰ পৰা অভিলেখ উদ্ধাৰৰ বাবে উত্থাপন কৰা আবেদনৰ ভিত্তিত ন্যায়াধীশগৰাকীয়ে এই নিৰ্দেশ গৃহীত কৰে । নিয়াই তদন্ত কৰি থকা সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰৰ গোচৰত অধিবক্তা নৰেন্দ্ৰ মানক বিশেষ ৰাজহুৱা অধিবক্তা হিচাপে নিযুক্তি দিছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ।
আমেৰিকাই তেওঁক প্ৰত্যাৰ্পণৰ অনুমতি দিয়াৰ পিছতে বিশেষ বিমানেৰে ভাৰতত উপস্থিত হয় ৰাণা । নিয়াৰ সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে, ৬৪ বছৰীয়া ৰাণাক তিহাৰ কাৰাগাৰ আৰু তাৰপিছত মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰলৈ স্থানান্তৰিত কৰাৰ পূৰ্বে কমেও এসপ্তাহ নিয়াৰ জিম্মাত ৰখা হ’ব ৷ অপৰাধীজনক ১২ নম্বৰ বেৰেকত ৰখাৰ সম্ভাৱনা আছে, যিটো স্থানত ২০১২ চনত পাকিস্তানী সন্ত্ৰাসবাদী আজমল কাছভক ফাঁচী দিয়াৰ পূৰ্বে ৰখা হৈছিল ।
এজন বিষয়াই কয়, ‘‘নিৰাপত্তাৰ দিশটো চালে নিয়াই ৰাণাক অনলাইনত আদালতৰ সন্মুখত হাজিৰ কৰিব পাৰে । নতুন দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টৰ বাহিৰতো নিৰাপত্তা কটকটীয়া কৰাৰ লগতে নিয়াৰ মুখ্য কার্যালয়তো কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে ৷’’
সূত্ৰই জনোৱা মতে, ‘‘২০০৯ চনত গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰণ কৰি সংস্থাটোৱে গোচৰটো দাখিল কৰাৰ বাবে নিয়াই প্ৰথমে তেওঁক জিম্মাত গ্ৰহণ কৰিব । তেওঁলোকৰ মতে, ৰাণা পৰৱৰ্তী সময়ত বহুকেইটা সংস্থাৰ জেৰাৰ মাজেৰে পাৰ হ’ব । নিয়াই ২০০৯ চনত মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত আৰ চি-০৪/২০০৯/এন আই এ/ডি এল আই নম্বৰত গোচৰটো পঞ্জীয়ন কৰিছিল ।’’
এগৰাকী প্ৰশিক্ষিত সেনা চিকিৎসক, ৰাণা পাকিস্তানত জন্মগ্ৰহণ কৰা যদিও কানাডাৰ নাগৰিক আৰু ২০০৮ চনৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ অন্যতম মূল ষড়যন্ত্ৰকাৰী আমেৰিকাৰ নাগৰিক ডেভিদ কলমেন হেডলী ওৰফে দাউদ গিলানীৰ ঘনিষ্ঠ সহযোগী ৷
২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতীয় দণ্ডবিধিৰ ১২১ এ, অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ১৮ নং ধাৰা আৰু ছাৰ্ক সন্ধি (সন্ত্ৰাসবাদ দমন) আইনৰ ধাৰা ৬(২) আইনৰ অধীনত ২০০৯ চনৰ ১১ নৱেম্বৰত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি নিয়াই এই গোচৰটো গ্ৰহণ কৰে ।
সূত্ৰই জনোৱা মতে, ‘‘সোধা-পোছাৰ সময়ত নিয়াই পাকিস্তান আৰু মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত অন্যান্য দেশৰ ৰাষ্ট্ৰীয় অভিনেতাসকলৰ জড়িতৰ বিষয়ে আৰু কিছু তথ্য নিৰ্ণয় কৰাৰ উপৰিও অধিক তথ্য লাভৰ চেষ্টা কৰিব ।’’
২০২৩ চনৰ ছেপ্টেম্বৰ মাহত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই ২৬/১১ ৰ সন্ত্ৰাসবাদী আক্ৰমণত ৰাণাৰ বিৰুদ্ধে ৪০৫ পৃষ্ঠাৰ পৰিপূৰক অভিযোগনামা দাখিল কৰিছিল । ৰাণাৰ বিৰুদ্ধে হত্যা, হত্যাৰ চেষ্টা, ভাৰতৰ বিৰুদ্ধে যুদ্ধ চলোৱাৰ অভিযোগ উত্থাপন কৰা হৈছিল । তদুপৰি অভিযোগ উত্থাপন হৈছে যে ভ্ৰমণৰ নথি-পত্ৰৰ সুবিধা প্ৰদানকে ধৰি মূল ষড়যন্ত্ৰকাৰী হেডলীক সহায় আগবঢ়াই ভাৰত আক্ৰমণৰ সুবিধা প্ৰদান কৰা ।
আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে তেওঁৰ আবেদন নাকচ কৰাৰ বাবে প্ৰত্যাৰ্পণৰ পৰা হাত সাৰিবলৈ কৰা শেষ প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ পিছতে ৰাণাক ভাৰতলৈ অনা হয় । বিষয়াসকলৰ মতে, তেওঁক ভাৰতলৈ অনাৰ বাবে বহু সংস্থাৰ এটা দল আমেৰিকালৈ গৈছিল ।
২০০৮ চনৰ ২৬ নৱেম্বৰত ১০ জনীয়া পাকিস্তানী সন্ত্ৰাসবাদীৰ এটা দলে আৰৱ সাগৰৰ সাগৰীয় পথ ব্যৱহাৰ কৰি ভাৰতৰ বিত্তীয় ৰাজধানীত লুকাই চুৰকৈ প্ৰৱেশ কৰাৰ পিছত ৰে’ল ষ্টেচন, দুখন বিলাসী হোটেল আৰু ইহুদী কেন্দ্ৰত সমন্বিত আক্ৰমণ চলায় । প্ৰায় ৬০ ঘণ্টাৰ এই আক্ৰমণত ১৬৬ জন লোকৰ মৃত্যু হৈছিল ৷
লগতে পঢ়ক: তাহাউৰ ৰাণাৰ প্ৰত্যাৰ্পণ: বিমানবন্দৰৰ পৰা আদালতলৈ সৰ্বত্ৰে কটকটীয়া নিৰাপত্তা