ETV Bharat / bharat

'মই পাকিস্তান সেনাৰ বিশ্বাসযোগ্য এজেণ্ট আছিলো' : নিয়াৰ জেৰাত তাহাউৰ ৰাণাৰ ‘স্বীকাৰোক্তি’

মুম্বাইৰ অপৰাধ শাখাই নতুন দিল্লীত ৰাণাক জেৰা কৰি ২৬/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানৰ জড়িততা প্ৰমাণ কৰা কেইবাটাও সূত্ৰ লাভ কৰে । গৌতম দেৱৰয়ৰ প্ৰতিবেদন...

TAHAWWUR RANA IN JAIL
তাহাউৰ ৰাণা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 7, 2025 at 6:41 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : ২৬/১১ৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তান ৰাজ্যিক উপাদান জড়িত হোৱা সন্দৰ্ভত ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে কৰা দাবীক আৰু অধিক শক্তিশালী কৰি এই আক্ৰমণৰ অন্যতম মূল মাষ্টাৰমাইণ্ড তাহাউৰ ৰাণাই এই কাণ্ডৰ ষড়যন্ত্ৰত পাকিস্তানী সেনাৰ শীৰ্ষ বিষয়া আৰু আই এছ আই জড়িত থকাৰ কথা প্ৰকাশ কৰিছে ।

তিহাৰ কাৰাগাৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ জিম্মাত থকা ৰাণাই মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ বিষয়াসকলক জনাই যে তেওঁ এসময়ত পাকিস্তান সেনাৰ বিশ্বাসযোগ্য এজেণ্ট আছিল । শেহতীয়াকৈ মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ এটা দলে কাৰাগাৰত ৰাণাক সোধা-পোছা কৰিছিল । ৰাণাই প্ৰকাশ কৰে যে তেওঁ পাকিস্তান সেনাৰ বিশ্বাসযোগ্য অপাৰেটিভ আছিল আৰু তেওঁক ছৌদি আৰৱলৈ গোপন অভিযানত প্ৰেৰণ কৰা হৈছিল ।

দৰাচলতে নিয়াৰ জেৰাকাৰীৰ আগত ৰাণাই এই হত্যাকাণ্ডত পাকিস্তান সেনা জড়িত থকাৰ কথাও স্বীকাৰ কৰিছিল । ৰাণাৰ জেৰাত জড়িত নিয়াৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই ই টি ভি ভাৰতক জনোৱা মতে, পাকিস্তানী মূলৰ কানাডাৰ ব্যৱসায়ী (ৰাণা) গৰাকীয়ে সিন্ধু, বেলুচিস্তান, বাহাৱালপুৰ, চিয়াচেন-বালোত্ৰা খণ্ডকে ধৰি পাকিস্তানৰ স্পৰ্শকাতৰ সামৰিক অঞ্চলতো কাম কৰিছিল ।

ডেভিড কলমেন হেডলী (২৬/১১ আক্ৰমণৰ আন এজন মূল ষড়যন্ত্ৰকাৰী) আৰু ৰাণাৰ বিৰুদ্ধে দাখিল কৰা ড’ছিয়াৰত নিয়াই কয় যে অভিযুক্ত দুজনে পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (LeT) আৰু হৰকত-উল জেহাদী ইছলামী (হুজি)ৰ সদস্যৰ সৈতে নতুন দিল্লী আৰু ভাৰতৰ অন্যান্য ঠাইত সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰিবলৈ অপৰাধমূলক ষড়যন্ত্ৰত লিপ্ত হৈছিল ।

৪ এপ্ৰিলত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে তেওঁৰ পৰ্যালোচনা আবেদন নাকচ কৰাৰ পিছত ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হৈছিল । শেহতীয়াকৈ দিল্লীৰ এখন আদালতে তেওঁৰ জিম্মা ৯ জুলাইলৈ বৃদ্ধি কৰিছে । পাকিস্তানী সন্ত্ৰাসবাদীয়ে ২৬/১১ আক্ৰমণত ৬০ ঘণ্টীয়া ঘেৰাওৰ সময়ত মুম্বাইৰ বিভিন্ন স্থানত ১৬৬ জন লোকৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক : ২৬/১১ ৰ অভিযুক্ত তাহাউৰ ৰাণাক ৬ জুনলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ

২৬/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ডে পৰিয়ালৰ সৈতে কথা পাতিবলৈ বিচাৰিছে, NIA লৈ জাননী জাৰি

২৬/১১ ৰ মুম্বাই আক্ৰমণ: মুখ্যমন্ত্রী শৰ্মাই সুঁৱৰিলে শিহৰণকাৰী অভিজ্ঞতা