ETV Bharat / bharat

সকলোৰে চকুত বিষাদৰ অশ্ৰুকণা; বায়ুসেনাৰ সন্মানৰে শেষ বিদায় তাগে হাইলিয়াঙক

বায়ুসেনাৰ কৰ্পোৰেল তাগে হাইলিয়াঙৰ শেষকৃত্য সম্পন্ন ।

IAF Corporal Tage Hailyang Laid To Rest In Arunachal
বায়ুসেনাৰ কৰ্পোৰেল তাগে হাইলিয়াঙৰ শেষকৃত্য সম্পন্ন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 25, 2025 at 9:50 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ : অসংখ্য গুণমুগ্ধই অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনায় শ্বহীদ তাগে হাইলিয়াঙক । পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হৈছিল তাগে হাইলিয়াং । শ্বহীদ তাগে হাইলিয়াঙক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনায় জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে গাঁৱৰ জ্যেষ্ঠ নাগৰিকসকলেও ।

শুকুৰবাৰে ভাৰতীয় বায়ুসেনাত কৰ্মৰত অৰুণাচল প্ৰদেশৰ তাগে হাইলিয়াঙৰ নশ্বদেহ নিজ গৃহৰ পৰা শেষকৃত্য কৰা স্থানলৈ সামৰিক বাহিনীৰ লোকে স-সন্মানৰে মাৰ্চপাচ কৰি লৈ যোৱা হয় । লগতে বায়ুসেনা বাহিনীয়ে টোপ চালামিৰে কৰ্পোৰেল তাগে হাইলিয়াঙক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সেনাৰ সন্মানৰে তাগেৰ পত্নীৰ হাতত ৰাষ্ট্ৰীয় পতাকা আৰু তেওঁ বায়ুসেনাৰ টুপী ঘূৰাই দিয়া হয় ।

IAF Corporal Tage Hailyang Laid To Rest In Arunachal
বায়ুসেনাৰ কৰ্পোৰেল তাগে হাইলিয়াঙৰ শেষকৃত্য সম্পন্ন (ETV Bharat)

তথ্য অনুসৰি, শ্বহীদ তাগেৰ নৰশ্বৰ দেহ বৃহস্পতিবাৰে তেজপুৰ বায়ুসেনা বাহিনীৰ পৰা নামনি সোৱণশিৰিৰ জিৰ'ৰ সমীপৰ তাজিং গাঁৱলৈ নিয়া হয় । তাতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ তাগেক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

IAF Corporal Tage Hailyang Laid To Rest In Arunachal
বায়ুসেনাৰ সন্মানৰে শেষ বিদায় তাগে হাইলিয়াঙক (ETV Bharat)

বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰীৰ তাজং গাঁৱত তাগেৰ নৰশ্বৰ দেহ উপস্থিতি হোৱাৰ পিছতে এদিন ঘৰতে ৰাখি ধৰ্মীয় ৰীতি-নীতিৰে শুকুৰবাৰে শেষকৃত্য সম্পন্ন কৰা হয় শ্বহীদগৰাকীৰ ।

IAF Corporal Tage Hailyang Laid To Rest In Arunachal
অসংখ্য গুণমুগ্ধই অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনায় শ্বহীদ তাগে হাইলিয়াঙক (ETV Bharat)

উল্লেখ্য যে, মঙলবাৰে (২২ এপ্ৰিল) পহলগামত পত্নীৰ সন্মুখত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল শ্বহীদ তাগে হাইলিয়াঙক । গুলীওৱাৰ পূৰ্বে সন্ত্ৰাসবাদীয়ে শ্বহীদগৰাকীক সুধিছিল তেওঁৰ ধৰ্মৰ বিষয়ে ।

IAF Corporal Tage Hailyang Laid To Rest In Arunachal
বায়ুসেনাৰ সন্মানৰে শেষ বিদায় তাগে হাইলিয়াঙক (ETV Bharat)

অন্য পৰ্যটকৰ দৰে মিনি ছুইজাৰলেণ্ড খ্যাত পলগামৰ সৌন্দৰ্য পাণ কৰিবলৈ পত্নীৰ সৈতে গৈছিল ভাৰতীয় বায়ুসেনা বাহিনীৰ এগৰাকী কৰ্পোৰেল বিষয়া হিচাবে কৰ্মৰত তাগে হাইলয়ঙে । সেয়াই আছিল পত্নীৰ সৈতে সময় অতিবাহিত কৰা শ্বহীদ হাইলয়ঙৰ শেষ সময়খিনি ।

লগতে পঢ়ক : দৈত্য-দানৱে শুকুলা বৰফ ৰঙা কৰিলেও কাৰোবাৰ ধমনীৰে এতিয়াও বৈ আছে মানৱতাৰ তেজ

লগতে পঢ়ক : শোকে বুকু ভাগি নিয়া পৰতো ছ'চিয়েল মিডিয়াত একাংশৰ বাতুলামি