অৰুণাচলৰ চকুলো ! বায়ুসেনা বাহিনীৰ বিষয়াৰ তেজেৰে পহলগামৰ সেউজভূমি ৰঙা হ'ল
কৰ্মস্থান সলনি হোৱাৰ বাবে পত্নীৰ সৈতে ফুৰিবলৈ পহলগামলৈ গৈছিল অৰুণাচলৰ তাগে হাইলয়ং ৷

Published : April 23, 2025 at 8:25 PM IST
তেজপুৰ: জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছে অৰুণাচল প্ৰদেশৰ তাগে হাইলয়ং । তাগে হাইলয়ং ভাৰতীয় বায়ুসেনা বাহিনীৰ এগৰাকী কৰ্প’ৰেল বিষয়া ।
পত্নীৰ সৈতে কাশ্মীৰৰ পহলগাম ভ্ৰমণৰ বাবে গৈছিল বিষয়াগৰাকী ৷ মঙলবাৰে উক্ত স্থানত সন্ত্ৰাসবাদীৰ হাতত গুলীবিদ্ধ হৈ মৃত্যুক সাৱটি লয় বায়ুসেনা বাহিনীৰ বিষয়াগৰাকীয়ে ৷ এই ঘটনাৰ পাছত সমগ্ৰ অৰুণাচল প্ৰদেশত শোকৰ ছাঁ পৰিছে ৷

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ভাৰতীয় বায়ুসেনাৰ বীৰ সৈনিকগৰাকীৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে । খাণ্ডুৱে কয়- "তেওঁৰ অকাল মৃত্যু সমগ্ৰ দেশৰ বাবে এক অপূৰণীয় ক্ষতি ।" সমান্তৰালকৈ পৰিয়ালৰ বিশেষকৈ তেওঁৰ পত্নীক সাহস দিবলৈ সকলোকে অনুৰোধ কৰে, যি এই হৃদয় বিদাৰক ঘটনাৰ জীৱন্ত সাক্ষী ৷ উল্লেখ্য যে তাগে হাইলয়ঙৰ ঘৰ অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ তাজং গাঁৱত ।
আনহাতে, পূব অৰুণাচল প্ৰদেশৰ সাংসদ তাপীৰ গাৱে এই ঘটনাত শোকপ্ৰকাশ কৰি ই টিভি ভাৰতক ফোনযোগে কয়- "ই সমগ্ৰ দেশৰ বাবে বৃহৎ ক্ষতি ৷ অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ তাগে হাইলয়ঙৰ এই অকাল মৃত্যুৱে দেশৰ ক্ষতি কৰাই নহয়, সমগ্ৰ অৰুণাচল প্ৰদেশৰ জনসাধাৰণক শোকত ম্ৰিয়মান কৰি তুলিছে ৷ এই কাপুৰুষালিৰ ঘোৰ নিন্দা কৰিছো । ইতিমধ্যে আমাৰ কেন্দ্ৰীয় চৰকাৰে এই বিষয়ে পদক্ষেপ গ্ৰহণ কৰিছে আৰু ঘটনাস্থলীত সেনাই কাম আৰম্ভ কৰিছে ।"
তেওঁ লগতে কয়- "এই নিৰাপৰাধী লোকৰ ওপৰত চলোৱা বৰ্বৰতাৰ বাবে মৌলবাদী সন্ত্ৰসবাদীয়ে উচিত শাস্তি পাব সেয়া নিশ্চিত ৷ আমাৰ সুৰক্ষা বাহিনী আৰু সেনাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে ৷"
উল্লেখযোগ্য যে সাংসদ গাৱে এই বিষয়ে সামাজিক মাধ্যম Xত মন্তব্য কৰিছে এনেদৰে, "তাগে এজন সাহসী বায়ুসেনাৰ বিষয়া আছিল ৷ এই ঘটনাৰ বাবে গৰিহণা দিছো ।" কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে সামাজিক মাধ্যমৰ জৰিয়তে এই ঘটনাৰ গৰিহণা দিয়াৰ লগতে তাগেৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰে ৷
এই দুখৰ খবৰ লাভ কৰা মাত্ৰকে নামনি সোৱণশিৰিৰ তাজিং গাঁৱত তাগে হাইলয়ঙৰ বাসগৃহত ভিৰ কৰেহি স্থানীয় লোকে ৷ পুত্ৰৰ মৃত্যুত শোকত ভাঙি পৰে পিতৃ-মাতৃ ৷
তাগে হাইলয়ঙৰ মোমায়েক ৰুবো বকুৰে সংবাদ মাধ্যমক কয়- "তাগে হায়েং সৰুৰে পৰাই পঢ়া-শুনাত আগবঢ়া আছিল ৷ যোৱা ১৬ তাৰিখে তেওঁৰ লগত ফোনত কথা পাতিছিলো আৰু কৈছিল যে, মামা মই কাশ্মীৰৰ পৰা বদলি হৈছো ৷ সম্ভৱতঃ তেজপুৰ বা যোৰহাটলৈ যাবলগীয়া হ’ব পাৰে ।"
তেওঁ লগতে কয় যে কৰ্মস্থান সলনি হোৱাৰ বাবে তাগে পত্নীৰ সৈতে ফুৰিবলৈ পহলগামলৈ গৈছিল । তাগেৰ নশ্বৰদেহ সম্পূৰ্ণ চৰকাৰী নিয়মৰে নামনি সোৱণশিৰিৰ জিৰ'ৰ এডভান্স লেংডিং গ্ৰাউণ্ডলৈ পঠিওৱাৰ ব্যৱস্থা কৰিবলৈ মোমায়েকে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় ৷
লগতে পঢ়ক: এইকেইটাই সেইকেইটা দানৱ: পহলগামৰ নৰসংহাৰত জড়িত সন্ত্ৰাসবাদীৰ স্কেচ্চ ৰাজহুৱা

