ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী অমৃতপাল সিঙৰ শপতগ্ৰহণৰ দিন এতিয়াও নিশ্চিত হোৱা নাই - Amritpal Singh
Amritpal Singh as MP : সাংসদ হিচাপে কেতিয়া শপতগ্ৰহণ কৰিব ডিব্ৰুগড়ত কাৰাবন্দী অমৃতপাল সিঙে ? এতিয়াও নিশ্চিত হোৱা নাই দিন ৷ কি ক’লে কাৰাবন্দীগৰাকীৰ অধিবক্তাই ?

Published : June 19, 2024 at 8:58 PM IST
ডিব্ৰুগড়, 19 জুন : ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দিন পাৰ কৰিছে ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিংসহ ৯ খালিস্তানী কাৰাবন্দীয়ে । কাৰাগাৰত থাকিয়েই লোকসভা নিৰ্বাচনত পঞ্জাৱৰ খাদুৰ চাহাব সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয় সাব্যস্ত কৰিলে ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিঙে । নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিচতো অমৃত পাল সিঙৰ শপতগ্ৰহণৰ দিন নিশ্চিত হোৱা নাই ।
উল্লেখ্য যে 2023 বৰ্ষৰ 23 এপ্ৰিলত পঞ্জাৱৰ পৰা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ আনিছিল অমৃতপাল সিঙক । অমৃতপালসহ 9 জনক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত পৃথক পৃথক বিশেষ চেলত ৰখা হৈছে । ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কাৰাগাৰত দিন পাৰ কৰা ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিঙক পাঞ্জাৱলৈ লৈ যোৱাৰ লগতে কাৰাগাৰৰ পৰা মুকলি কৰাৰ বাবে আইনী যুঁজ চলাই সফল হ'ব নোৱৰাৰ পিচতেই কাৰাবন্দী হৈ থকা অমৃতপাল সিঙে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ।
লগতে পঢ়ক: শপত গ্ৰহণৰ বাবে অস্থায়ী মুক্তি বিচাৰি অমৃতপাল সিঙৰ আবেদন
আশা কৰা হৈছিল সাংসদ হিচাপে নিৰ্বাচিত হ'লে মুকলি আকাশৰ তললৈ ওলাব পাৰিব । কিন্তু সাংসদ হিচাপে জয়লাভ কৰা পিচতো অমৃতপাল সিং কেতিয়া মুকলি আকাশৰ তললৈ আহিব সেয়া নিশ্চিত হোৱা নাই ৷ আনকি সাংসদ হিচাপে শপতগ্ৰহণ কৰিবলৈ অনুমতি লাভ কৰা নাই অমৃতপাল সিঙে ।
অমৃতপাল সিঙৰ অধিবক্তা ৰাজদ্বীপ সিং খালছাই ফোনযোগে ই টিভি ভাৰতৰ ডিব্ৰুগড়ৰ সাংবাদিকক জানিবলৈ দিয়া অনুসৰি অমৃতপাল সিঙক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ আধীনত আটক কৰা এটা বছৰ অতিক্ৰম কৰাৰ পিচত পুনৰ তিনিমাহ ম্যাদ বৃদ্ধি কৰা হৈছিল । সেই বৃদ্ধিৰ ম্যাদ ২৪ জুলাইত শেষ হ'ব । ইয়াৰ পিচতে আদালতে নিশ্চয়তা প্ৰদান কৰিব অমৃতপাল সিঙৰ প্ৰকৃত ঠিকনা কি হ'ব ।
লগতে পঢ়ক: হাতত মিঠাইৰ টোপোলা লৈ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙৰ পিতৃ-মাতৃ
আনহাতে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত থকা অমৃতপাল সিঙৰ আনকেইগৰাকী সহযোগী কাৰাবন্দীৰ ম্যাদ অধিক তিনিমাহৰ বাবে বৃদ্ধি কৰা হৈছে বুলি অমৃতপাল সিঙৰ অধিবক্তা ৰাজদ্বীপ সিং খালছাই সদৰী কৰে ।
লগতে পঢ়ক: লোকসভা নিৰ্বাচনত কাৰাবন্দী প্ৰাৰ্থীৰ জয় : শপত ল’ব পাৰিবনে ? চাওক এক বিশ্লেষণ

