হায়দৰাবাদ: বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত সম্পূৰ্ণ কৰি আদালতত ‘ক্লজাৰ ৰিপ’ৰ্ট’ দাখিল কৰিছে চি বি আইয়ে । কেন্দ্ৰীয় সংস্থাটোৱে বিহাৰ আৰক্ষীৰ পৰা প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ অভিযোগৰ তদন্ত গ্ৰহণ কৰি পিতৃ কে কে সিঙে পাটনাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ গোচৰ ৰুজু কৰিছিল । ফৰেনছিক প্ৰতিবেদনে সুশান্তক বিষক্ৰিয়া তথা ডিঙি চেপি হত্যা কৰাৰ দাবী নাকচ কৰিছিল । চিবিআইয়ে সুশান্তৰ কথিত প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ঘনিষ্ঠ লোকৰ বক্তব্য লিপিবদ্ধ কৰাৰ লগতে অভিনেতাজনৰ মেডিকেল ৰেকৰ্ডো পৰীক্ষা কৰিছিল । প্ৰায় ৪ বছৰৰ পাছত এই গোচৰত CBI য়ে ক্ল’জাৰ ৰিপ’ৰ্ট দাখিল কৰিছে । ২০২০ চনৰ ১৪ জুনত মুম্বাইৰ বান্দ্ৰাত থকা নিজৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ হৈছিল সুশান্ত সিং ৰাজপুত(৩৪) ।
‘ক্লজাৰ ৰিপ’ৰ্ট’ দাখিল কৰিলে চি বি আইয়ে
বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ অভিযোগত চি বি আইয়ে ‘ক্লজাৰ ৰিপ’ৰ্ট’ দাখিল কৰিছে । শনিবাৰে এই তথ্য প্ৰদান কৰে বিষয়াসকলে । চি বি আইয়ে মুম্বাইৰ বিশেষ আদালতত প্ৰতিবেদন দাখিল কৰে ৷ এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আদালতে ঘটনাৰ তদন্ত সমাপ্ত হ’ব নে সংস্থাটোৱে অধিক তদন্ত কৰিব তাৰ নিৰ্দেশ দিব । বিহাৰ আৰক্ষীক দিয়া এজাহাৰত ৰাজপুতৰ পিতৃয়ে অভিযোগ কৰিছিল যে চক্ৰৱৰ্তীয়ে পৰিয়ালৰ লোকৰ সৈতে তেওঁৰ পুত্ৰৰ পৰা ধন আদায় কৰি তেওঁৰ সুবিধা লৈছিল । সুশান্তৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত তেওঁৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱা বুলি উল্লেখ কৰাৰ কথা জানিব পৰা হৈছে ৷ মুম্বাইৰ কুপাৰ হাস্পতালত তেওঁৰ মৰণোত্তৰ পৰীক্ষা কৰা হয় ।
ৰিয়া চক্ৰৱৰ্তীক ক্লীন চিট
ৰাজপুতৰ মৃত্যুৰ প্ৰায় পাঁচ বছৰৰ পাছত অহা এই প্ৰতিবেদনত অভিনেতাজনৰ মৃত্যুক আত্মহত্যা বুলি কোৱা হৈছে আৰু ইয়াৰ লগত কোনো ষড়যন্ত্ৰ নাই বুলি উল্লেখ কৰা হৈছে । চি বি আইয়ে কোনো প্ৰমাণ পোৱা নাছিল যিয়ে প্ৰমাণ কৰে যে সুশান্ত আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল আৰু এতিয়া এই গোচৰত ৰিয়াক ক্লীন চিট দিয়া হৈছে । ৰিয়া চক্ৰৱৰ্তীৰ অধিবক্তাই শনিবাৰে বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰত বন্ধৰ প্ৰতিবেদন দাখিল কৰাৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰোৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি গোচৰৰ সকলো দিশৰ পুংখানুপুংখ তদন্ত কৰাৰ বাবে সংস্থাটোক ধন্যবাদ জনায় ।
শুনানি হ’ব সুশান্তৰ প্ৰাক্তন মেনেজাৰৰ গোচৰ
ইফালে, সুশান্ত সিঙৰ প্ৰাক্তন মেনেজাৰ দিশা ছালিয়ানৰ মৃত্যুৰ সৈতে জড়িত গোচৰটোত তেওঁৰ পিতৃ সতীশ ছালিয়ানে কন্যাৰ মৃত্যুৰ তদন্ত আৰু আদিত্য থাকৰে আদিৰ বিৰুদ্ধে এফ আই আৰ পঞ্জীয়নৰ দাবীত বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । মুম্বাইৰ বান্দ্ৰাত সুশান্তক নিজৰ ফ্লেটত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ কিছুদিন পূৰ্বে ২০২০ চনৰ ৮ জুনত দিশা মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল । ২ এপ্ৰিলত বম্বে উচ্চ ন্যায়ালয়ে ছালিয়ানৰ গোচৰৰ শুনানি গ্ৰহণ কৰিব ।
লগতে পঢ়ক: দিশা ছালিয়ানৰ মৃত্যুৰ চি বি আই তদন্ত বিচাৰিছে পিতৃয়ে: দিশাৰ পিতৃক সমৰ্থন সুশান্ত সিং ৰাজপুতৰ পিতৃৰো