ETV Bharat / bharat

তিনি কোটিৰো অধিক ত্ৰিৰংগা প্ৰস্তুতৰে স্বাধীনতা দিৱসলৈ সাজু

দেশৰ এক বিশেষ স্থানত প্ৰায় ২৫ জন এনে বৃহৎ উদ্যোগপতি আছে, যিসকলক কেৱল পতাকা প্ৰস্তুতৰ বিশেষজ্ঞ বুলিয়ে জনা যায় ৷

INDEPENDENCE DAY 2025
স্বাধীনতা দিৱসৰ বাবে ৩ কোটিৰো অধিক ত্ৰিৰংগা উৎপাদন কৰিব চুৰাটৰ বস্ত্ৰ উদ্যোগে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 29, 2025 at 10:58 AM IST

3 Min Read
Choose ETV Bharat

চুৰাট: দেশৰ স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান সপ্তাহহে বাকী ৷ তেনেস্থলত দেশৰ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সাজু হৈ উঠিছে কেইবাটাও কাপোৰ উদ্যোগ ৷ বিশেষকৈ গুজৰাটৰ চুৰাটত থকা এক বৃহৎ বস্ত্ৰ উদ্যোগত চলিছে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি ৷

ঔদ্যোগিক চহৰখনৰ ব্যৱসায়ীসকলে তিনি কোটিৰো অধিক ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুতৰ নিৰ্দেশ লাভ কৰিছে, যাৰ মূল্য ১০০ কোটি টকা । এই অৰ্ডাৰৰ আটাইতকৈ ডাঙৰ অংশ লাভ কৰে চুৰাটৰ সুপৰিচিত বস্ত্ৰ ব্যৱসায়ী প্ৰবীণ গুপ্তাই । তেওঁ অকলেই লাভ কৰিছে এক কোটিতকৈও অধিক বিভিন্ন আকাৰৰ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুতৰ নিৰ্দেশ ।

প্ৰবীণৰ এটা বস্ত্ৰ উদ্যোগ আছে, যি বিশেষকৈ বৃহৎ আকাৰৰ পতাকা প্ৰস্তুতকৰণত বিশেষজ্ঞ বুলিয়েই জনা যায় ৷ এই উদ্যোগত প্ৰস্তুত কৰা পতাকাসমূহ আন্তঃৰাষ্ট্ৰীয় ইভেণ্ট, যেনে- বিশ্বকাপ আৰু টি-২০ বিশ্বকাপৰ বাবে ব্যৱহাৰ কৰা হয় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ কথা উল্লেখ কৰি চুৰাটৰ ব্যৱসায়ীগৰাকীয়ে এনেদৰে কয়, ‘‘পূৰ্বতে ৰাষ্ট্ৰীয় পতাকা মূলতঃ চীনৰ পৰা আমদানি কৰা হৈছিল আৰু আজিও তাৰ পৰাই কিছুমান পতাকা আহে । কিন্তু এতিয়া অধিকাংশই চুৰাটত 'মেড ইন ইণ্ডিয়া' ক সাৰোগত কৰি থলুৱা কাপোৰৰ পৰা পতাকা প্ৰস্তুত কৰা হৈছে, যিয়ে আত্মনিৰ্ভৰশীল ভাৰতৰ বাৰ্তাক অধিক শক্তিশালী কৰিছে ৷’’

গুজৰাট, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা বৃহৎ অৰ্ডাৰ লাভ কৰিছে প্ৰবীণ গুপ্তাই । ইয়াৰ উপৰিও সমগ্ৰ দেশৰ পাইকাৰী ব্যৱসায়ীসকলেও বৃহৎ অৰ্ডাৰ দিছে ।

তেওঁ লগতে কয়, ‘‘সৰ্বাধিক চাহিদা হৈছে সৰু আকাৰৰ ত্ৰিৰংগাৰ, যেনে- ৫x৩ ইঞ্চি আৰু ২০x৩০ ইঞ্চি । সৰু সৰু পতাকাবোৰ উপহাৰ দিয়াৰ বাবে, ছাত্ৰ-ছাত্ৰীৰ ব্যৱহাৰৰ বাবে আৰু বাহন তথা কাৰ্যালয়ত ৰখাৰ বাবে জনপ্ৰিয় । অৱশ্যে ২০x৩০ ফুটৰ ডাঙৰ ডাঙৰ পতাকাও চিলাই সাজু কৰা হৈছে ।’’

অনুষ্ঠানটোক অধিক স্মৰণীয় কৰি তুলিবলৈ স্থায়ী স্মৃতি হিচাপে সংৰক্ষণ কৰিব পৰা বিশেষ ফ্ৰেমযুক্ত পতাকাও প্ৰস্তুত কৰা হৈছে । ফেডাৰেচন অৱ টেক্সটাইল চুৰাট ট্ৰেডাৰ্ছ এছ’চিয়েশ্যনৰ সঞ্চালক কৈলাশ কহিমে কয়, ‘‘এই বছৰ চুৰাটে প্ৰায় চাৰে তিনি কোটি ত্ৰিৰংগাৰ অৰ্ডাৰ পাইছে, যাৰ ফলত ১০০ কোটি টকাৰ ব্যৱসায় হোৱাৰ সম্ভাৱনা আছে ৷ চুৰাটত প্ৰায় ২৫ জন বৃহৎ উদ্যোগপতি আছে, যিসকলক কেৱল পতাকা নিৰ্মাণৰ বিশেষজ্ঞ বুলি গণ্য কৰা হয় আৰু এই অৰ্ডাৰ কেৱল তেওঁলোকৰ ওচৰলৈহে আহে ।’’

এইদৰে চুৰাটৰ বস্ত্ৰ উদ্যোগে সমগ্ৰ দেশতে দেশপ্ৰেমৰ পৰিৱেশ বিয়পাই দিয়াৰ লগতে ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযানক সফল কৰি তোলাত উল্লেখযোগ্য অৱদান আগবঢ়াইছে । তেওঁৰ মতে, এই পদক্ষেপে কেৱল স্থানীয় উদ্যোগটোক প্ৰসাৰিত কৰাই নহয়, ‘মেক ইন ইণ্ডিয়া’ ৰ বাৰ্তাও শক্তিশালী কৰিব ।

লগতে পঢ়ক: জাবৰৰ পৰা শ্য়ামলী বৰণ : প্ৰধান শিক্ষকৰ অভিৰুচিয়ে সলনি কৰিলে এখন বিদ্য়ালয়ৰ কদৰ্যময় ৰূপ