ললিত মোদীৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ
যোৱা বছৰৰ ডিচেম্বৰ মাহত বোম্বে উচ্চ ন্যায়ালয়ে মোদীৰ আবেদনক তুচ্ছ আৰু সম্পূৰ্ণ ভুল ধাৰণা বুলি অভিহিত কৰিছিল ।

Published : June 30, 2025 at 4:09 PM IST
নতুন দিল্লী: প্ৰাক্তন ক্ৰিকেট প্ৰশাসক ললিত মোদীয়ে দাখিল কৰা আবেদনৰ বিষয়ত বিবেচনা কৰিবলৈ সোমবাৰে অস্বীকাৰ কৰে নতুন দিল্লীস্থিত দেশৰ উচ্চতম ন্যায়ালয়ে ৷
মোদীয়ে বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (FEMA) উলংঘা কৰাৰ বাবে প্ৰবৰ্তন সঞ্চালকালয়ে (ই ডি) তেওঁৰ ওপৰত আৰোপ কৰা ১০.৬৫ কোটি টকাৰ জৰিমনা পৰিশোধ কৰিবলৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক নিৰ্দেশ দিবলৈ আদালতক অনুৰোধ জনাইছিল ।
ন্যায়াধীশ পি এছ নৰসিংহ আৰু আৰ মহাদেৱানৰ বিচাৰপীঠৰ সন্মুখত এই বিষয়টো উত্থাপন হয় । কিন্তু মোদীৰ এই আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা বিচাৰপীঠখনে কয় যে তেওঁ আইন অনুসৰি উপলব্ধ দেৱানী প্ৰতিকাৰৰ সুবিধা লাভ কৰিব পাৰিব ৷
যোৱা বছৰৰ ডিচেম্বৰ মাহত বোম্বে উচ্চ ন্যায়ালয়ে মোদীৰ আবেদন খাৰিজ কৰাৰ সময়তে ১ লাখ টকাৰ জৰিমনা বিহিছিল । য’ত তেওঁ বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (FEMA) উলংঘা কৰাৰ বাবে কেন্দ্ৰীয় সংস্থাই বি চি চি আইক আৰোপ কৰা ১০.৬৫ কোটি টকাৰ জৰিমনা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিবলৈ দাবী জনাইছিল ।
উচ্চ ন্যায়ালয়ে মোদীৰ এই আবেদনক “তুচ্ছ আৰু সম্পূৰ্ণ ভুল ধাৰণা” বুলি অভিহিত কৰিছিল । মোদীয়ে যুক্তি দিছিল যে তেওঁক বি চি চি আইৰ উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল আৰু সেই সময়ছোৱাত তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মূল সংস্থা বি চি চি আইৰ এখন উপ-সমিতিৰ অধ্যক্ষও আছিল ।
ললিত মোদীৰ আবেদনত যুক্তি দিয়া হৈছিল যে বি চি চি আয়ে উপ-বিধি অনুসৰি তেওঁক ক্ষতিপূৰণ দিব লাগে । উচ্চ ন্যায়ালয়ে কয় যে ই ডিয়ে ললিত মোদীৰ ওপৰত আৰোপ কৰা শাস্তি সন্দৰ্ভত অভিযোগ কৰা ক্ষতিপূৰণৰ বিষয়টোত কোনো ৰাজহুৱা কাম-কাজ নিষ্পত্তি কৰাৰ প্ৰশ্নই উত্থাপন হোৱা নাই । সেয়েহে এই উদ্দেশ্যে বি চি চি আইক তেওঁ কোনো ৰিট জাৰি কৰিব নোৱাৰিব ।
লগতে পঢ়ক: ফাৰ্মা কোম্পানীত ৰিয়েক্টৰ বিস্ফোৰণত ৬ জনকৈ শ্ৰমিকৰ মৃত্যু

