ETV Bharat / bharat

সাৰমেয় আতংক ! বাটৰুৱা কুকুৰে কিমানক কামুৰিলে জানেনে ? সংখ্যা দেখিলে বিচুৰ্তি খাব

সংসদত উত্থাপন কুকুৰে কামোৰাৰ চাঞ্চল্যকৰ পৰিসংখ্যা । দিল্লী আৰু অন্যান্য ৰাজ্যত কুকুৰে কামোৰাৰ ঘটনাৰ স্থিতি সন্দৰ্ভত এই বিশেষ প্ৰতিবেদন ।

stray dogs problem in delhi and other states
বিভিন্ন ৰাজ্যত কুকুৰে কামোৰা ঘটনাৰ স্থিতি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 29, 2025 at 6:39 PM IST

8 Min Read
Choose ETV Bharat

নতুন দিল্লী : উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশৰ পিছতে দিল্লীকে ধৰি সমগ্ৰ দেশতে পদপথৰ কুকুৰৰ সমস্যাক লৈ তীব্ৰ বিতৰ্ক অব্যাহত আছে । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে তদন্তকাৰী সংস্থাই কেনেদৰে কাম আৰম্ভ কৰিব লাগিব তাক লৈ ধাৰাবাহিকভাৱে বৈঠক অনুষ্ঠিত কৰিছে । সামাজিক মাধ্যমৰ পৰা ৰাজনৈতিক ক্ষেত্ৰলৈ কুকুৰপ্ৰেমী আৰু ইয়াৰ বিৰোধী দুটা শিবিৰত বিভক্ত হৈছে । দিল্লী আৰু অন্যান্য ৰাজ্যৰ কুকুৰে কামোৰাৰ গোচৰৰ সন্দৰ্ভত সচেতন হৈ আদালতে ৰায় দিয়াৰ বিপৰীতে চৰকাৰী পৰিসংখ্যাই আন এক দিশ উদঙাইছে । এনে পৰিস্থিতিত চৰকাৰী পৰিসংখ্যাত দিল্লী আৰু অন্যান্য ৰাজ্যত কুকুৰে কামোৰাৰ পৰিস্থিতি কেনেকুৱা জানো আহক...

সংসদত উত্থাপন কৰা কুকুৰে কামোৰাৰ এই পৰিসংখ্যা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে উল্লেখ কৰা আই এইচ আই পি পৰ্টেলৰ (সংহত স্বাস্থ্য তথ্য মঞ্চ) পৰা সন্নিৱিষ্ট কৰা হৈছে । এই পৰিসংখ্যাৰ পৰা দেখা যায় যে এই বিষয়ত প্ৰায় সকলো ৰাজ্যৰে অৱস্থা একেই । চৰকাৰী তথ্য অনুসৰি ২০১৮ চনৰ পৰা ২০২৩ চনলৈ বছৰৰ পিছত বছৰ ধৰি কুকুৰে কামোৰাৰ সংখ্যা হ্ৰাস পাইছে । কিন্তু উত্তৰ প্ৰদেশ, তামিলনাডু, মহাৰাষ্ট্ৰকে ধৰি বহু ৰাজ্যৰ পৰিস্থিতি চিন্তনীয় হৈ আছে ।

stray dogs problem in delhi and other states
দেশৰ বিভিন্ন ৰাজ্যত কুকুৰে কামোৰা ঘটনাৰ তথ্য (ETV Bharat)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৮ চনত দিল্লীত মুঠ ১,০৭,৬৪২ টা কুকুৰে কামোৰাৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০১৯ বৰ্ষত ৪৫,০৫২ টা, ২০২০ চনত ৫৩,৪৫০ টা, ২০২১ চনত ১৭,১৮৮ টা, ২০২২ চনত ৬৬৩৪ টা আৰু ২০২৩ বৰ্ষত ১৬,১৩৩ টা । এই প্ৰতিবেদন অনুসৰি যোৱা ৫ বছৰত কুকুৰে কামোৰাৰ সংখ্যা হ্ৰাস পাইছে । দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকে ধৰি ২০১৮ চনত মুঠ ৭৫,৬৬,৪৬৭ টা কুকুৰে কামোৰাৰ ঘটনা পোহৰলৈ আহিছিল । একে সময়তে ২০২৩ চনত মুঠ ২৭,৫৯,৭৫৮ টা কুকুৰে কামোৰা সম্পৰ্কীয় গোচৰ পঞ্জীয়ন কৰা হৈছিল ।

stray dogs problem in delhi and other states
২০১৮ চনৰ পৰা ২০২৩ চনলৈ কুকুৰে কামোৰা ঘটনা (ETV Bharat)

চৰকাৰী তথ্যত নিশ্চিতভাৱে ঘটনা হ্ৰাস হোৱা স্পষ্ট হৈছে । কিন্তু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয় গোৱেলৰ মতে কেৱল দিল্লী এন চি আৰতে প্ৰতিদিনে গড়ে ২০০০ কুকুৰে কামোৰাৰ ঘটনা সংঘটিত হৈ আহিছে । সমস্যাটো ইমানেই ভয়াৱহ হৈ পৰিছে যে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ অহৰহ অভিযান চলাই আছে । ২০২৫ চনৰ ২৮ আগষ্টত বিজয় গোৱালে কেন্দ্ৰীয় মন্ত্ৰী (পশুপালন) ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰি পদপথৰ কুকুৰৰ সৈতে জড়িত সমস্যা সমাধানৰ সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে ।

কুকুৰে কামোৰা ঘটনা বৃদ্ধি : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয় গোৱেলে কয়, "বিগত বছৰবোৰত কুকুৰে কামোৰাৰ ঘটনা ব্যাপকভাৱে বৃদ্ধি পোৱাৰ লগে লগে জনস্বাস্থ্য আৰু সুৰক্ষাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। এই পৰিসংখ্যাই এটা সতৰ্কবাণী দিছে যে এই সমস্যাটোক গুৰুত্বসহকাৰে লোৱা নহ'লে পৰিস্থিতি অধিক বেয়া হ'ব পাৰে । চৰকাৰ, নাগৰিক সমাজ আৰু সাধাৰণ জনতাই একেলগে এই প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব, যাতে এখন নিৰাপদ আৰু সুস্থ সমাজৰ সৃষ্টি হ'ব পাৰে । এই সমস্যাৰ সমাধান কেৱল পদপথৰ কুকুৰক আঁতৰাই পেলোৱাৰ দ্বাৰাই নহয়, বৰঞ্চ ইয়াক পৰিচালনা কৰি আৰু জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ দ্বাৰাহে হ'ব ।"

বিজয় গোৱেলে কয়, "শেহতীয়া সংসদৰ অধিৱেশনৰ সময়ত দাখিল কৰা তথ্যই এই সমস্যাৰ ভয়াৱহতাক পোহৰলৈ আনিছে, যাৰ ফলত ২০১৮ চনৰ পৰা ২০২৩ চনলৈ চাঞ্চল্যকৰ পৰিসংখ্যা উন্মোচিত হৈছে । এই পৰিসংখ্যা অনুসৰি সমগ্ৰ দেশতে ২০১৮ চনত ৭৫ লাখৰ পৰা ২০২৩ চনত ২৭ লাখতকৈও অধিক বৃদ্ধি পাইছে । যদিও এই পৰিসংখ্যা ২০২২ চনৰ তথ্য হ্ৰাস পোৱা দেখা গৈছে, এই পৰিসংখ্যাই জলাতংকৰ দৰে মাৰাত্মক ৰোগৰ আশংকা হ্ৰাস নকৰে ।"

কুকুৰে কামোৰা পৰিসংখ্যাৰ বিশ্লেষণ :

সংসদত উত্থাপন কৰা কুকুৰে কামোৰাৰ এই পৰিসংখ্যা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আই এইচ আই পি পৰ্টেল (ইণ্টিগ্ৰেটেড হেল্থ ইনফৰ্মেশ্যন প্লেটফৰ্ম)ৰ পৰা উল্লেখ কৰা হৈছে । এই পৰিসংখ্যাই দেখুৱাইছে যে দেশৰ বহু ৰাজ্যৰ পৰিস্থিতি অত্যন্ত চিন্তনীয় । উত্তৰ প্ৰদেশৰ পিছত তামিলনাডু অন্যতম আক্ৰান্ত ৰাজ্য, য'ত ২০২৩ চনতো ৪ লাখতকৈ অধিক গোচৰ পঞ্জীয়ন হৈছিল । য'ত ২০১৮ চনত এই সংখ্যা আছিল ৭ লাখতকৈ অধিক । ভাৰতৰ সৰ্বাধিক জনবহুল ৰাজ্য উত্তৰ প্ৰদেশতো কুকুৰে কামোৰাৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । ২০১৮ চনত উত্তৰ প্ৰদেশত মুঠ ১৯,১৭,১১৩ টা কুকুৰে কামোৰাৰ গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ২০২৩ চনত ২,১৮,৩৭৯ টা গোচৰ পঞ্জীয়ন কৰা হৈছে ।

stray dogs problem in delhi and other states
পদপথৰ কুকুৰ সন্দৰ্ভত আদালতৰ আদেশৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়া (ETV Bharat)

২০১৮ চনত মহাৰাষ্ট্ৰত ৫.৫ লাখতকৈ অধিক ঘটনা সংঘটিত হৈছিল, যিটো ২০২৩ চনত ৪ লাখতকৈ অধিক বৃদ্ধি পাইছে । এই সংখ্যা এতিয়াও দেশৰ ভিতৰতে সৰ্বাধিক, যিটোৱে ৰাজ্যখনত পদপথৰ কুকুৰৰ সংখ্যা বৃদ্ধি আৰু পৰিচালনাৰ অভাৱৰ প্ৰতিফলন ঘটায় । একেদৰে পশ্চিমবংগ আৰু গুজৰাটতো বৃহৎ সংখ্যক ঘটনা পোহৰলৈ আহিছে । ২০১৮ চনত পশ্চিমবংগত ৩.৯ লাখতকৈ অধিক ঘটনা পোহৰলৈ আহিছিল । যদিও ২০২৩ চনত এই সংখ্যা ৪২,৯০৫ টা । গুজৰাটত ২০১৮ চনত ৪,৫৫,৬৪৩ টা ঘটনা আৰু ২০২৩ চনত এই সংখ্যা ২.৪ লাখতকৈ অধিক আছিল । এই পৰিসংখ্যাই এইটোও দেখুৱাইছে যে কিছুমান কেন্দ্ৰীয় শাসিত অঞ্চলতো পৰিস্থিতি চিন্তনীয় ।

কুকুৰে কামোৰা ঘটনা বৃদ্ধিৰ কাৰণ

বিশেষজ্ঞসকলৰ মতে কুকুৰে কামোৰা ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাৰ আঁৰত বহু কাৰণ আছে । পশু চিকিৎসা বিষয়া ডাঃ এছ পি পাণ্ডেৰ মতে, গ্ৰীষ্মকালত গৰম ৰ'দত বা মুকলি স্থানত থকাৰ বাবে কুকুৰৰ শৰীৰত বিৰক্তিকৰ আৰু খিংখিঙীয়া আচৰণ বৃদ্ধি পায় । ইফালে যদি কুকুৰবোৰে পৰ্যাপ্ত খাদ্য-পানী নাপায়, তেন্তে কুকুৰবোৰ আক্ৰমণাত্মক হৈ পৰে । ভোকাতুৰ আৰু ভয় খোৱা কুকুৰে প্ৰায়ে মানুহক ভুকিবলৈ বা কামুৰিবলৈ আৰম্ভ কৰে । ইয়াৰ বাহিৰেও কুকুৰৰ প্ৰৱণতা হৈছে নিজকে ৰক্ষা কৰা । যদি কোনো ব্যক্তি কুকুৰ বা তাৰ পোৱালিৰ ওচৰলৈ আহে, তেন্তে প্ৰায়ে কুকুৰটোৱে নিজকে আৰু নিজৰ সন্তানক ৰক্ষা কৰিবলৈ আক্ৰমণাত্মক হৈ পৰে । এই প্ৰত্যাহ্বানসমূহৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কিছু পদক্ষেপ গ্ৰহণ কৰিছে যদিও সেইবোৰক অধিক ফলপ্ৰসূ কৰি তোলাৰ প্ৰয়োজন আছে । চৰকাৰে জলাতংক ৰোগৰ ভেকচিন যোগান ধৰাৰ লগতে টীকাকৰণ অভিযান চলাই আছে । কিন্তু বিশেষকৈ গ্ৰামাঞ্চলত এই অভিযানসমূহ অধিক ব্যাপক আৰু নিয়মীয়া কৰি তোলাৰ প্ৰয়োজন ।

ৰেবিজ কি ?

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ প্ৰতিবেদন অনুসৰি জলাতংক ৰোগ হৈছে কুকুৰ, মেকুৰী আৰু অন্যান্য জন্তুৰ কামোৰ বা আঁচোৰাৰ ফলত হোৱা ভাইৰাছজনিত ৰোগ । যদিহে জলাতংক ৰোগৰ লক্ষণসমূহ চিনাক্ত কৰি সময়মতে চিকিৎসা কৰা নহয়, তেন্তে জলাতংক ৰোগ প্ৰায় ১০০ শতাংশ মাৰাত্মক বুলি প্ৰমাণিত হ'ব পাৰে । এনে পৰিস্থিতিত যদি আপোনাক কোনো জন্তুৱে কামোৰে আৰু সেই জন্তুটো পোহনীয়া জন্তু নহয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ লগে লগে জলাতংকৰ ভেকচিন ল'ব লাগে । কামোৰা বা আঁচোৰাৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত টিকা লোৱাটো ভাল । আপোনাক জনাও যে ৰেবিজৰ বিষয়ে মানুহক সতৰ্ক কৰিবলৈ তিনিটা স্তৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে । মানুহক সজাগ কৰা, নিম্ন চিকিৎসা ইউনিটত ভেকচিন উপলব্ধ কৰা আৰু টীকাকৰণ আৰু পৰৱৰ্তী টীকাকৰণৰ ওপৰত গুৰুত্ব দিয়া ।

stray dogs problem in delhi and other states
ৰেবিজ কি ? (ETV Bharat)

আপোনাক জনাও যে পশুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০ আৰু পশু জন্ম নিয়ন্ত্ৰণ (কুকুৰ) নিয়ম, ২০০১ৰ দৰে আইন আছে, কিন্তু ইয়াৰ কাৰ্যকৰীকৰণ প্ৰায়ে দুৰ্বল । কুকুৰে কামোৰা আৰু জলাতংক ৰোগৰ বিপদৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে চৰকাৰে ব্যাপক অভিযান চলাব লাগে । পশু জন্ম নিয়ন্ত্ৰণ (ABC) কাৰ্যসূচী শক্তিশালীভাৱে ৰূপায়ণ কৰিব লাগে । ইয়াৰ বাবে পৰ্যাপ্ত ধন আৰু প্ৰশিক্ষিত কৰ্মচাৰীৰ ব্যৱস্থা কৰিব লাগে । ভাৰত চৰকাৰে ২০৩০ চনৰ ভিতৰত জলাতংক ৰোগ নিৰ্মূল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । এই লক্ষ্যত উপনীত হ'বলৈ সকলো অংশীদাৰে (চৰকাৰী সংস্থা, পশু কল্যাণ সংস্থা আৰু নাগৰিক) একেলগে কাম কৰিব লাগিব । পৌৰসভা আৰু স্থানীয় সংস্থাসমূহক নিজৰ এলেকাত থকা পদপথৰ কুকুৰ পৰিচালনাৰ বাবে দায়বদ্ধ হ'ব লাগে ।

লগতে পঢ়ক :পদপথৰ কুকুৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত : বন্ধ্যাকৰণেই হৈছে একমাত্ৰ চিকিৎসা, কেৱল আক্ৰমণাত্মক কুকুৰহে থাকিব আশ্ৰয় গৃহত - STRAY DOGS