নতুন দিল্লী: শুকুৰবাৰে মহাৰাষ্ট্ৰৰ কলহাপুৰ জিলাৰ বিশালগড় দুৰ্গত থকা দৰগাহত ঈদ-উল-আজহা আৰু উৰুছ উপলক্ষে পশুবধৰ অনুমতি দিয়া বম্বে উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই কৰা আবেদনৰ জৰুৰী শুনানি দিবলৈ অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে ।
ন্যায়াধীশ সঞ্জয় কেৰল আৰু সতীশ চন্দ্ৰ শৰ্মাৰে গঠিত বিচাৰপীঠৰ সন্মুখত জৰুৰী শুনানিৰ বাবে কৰা আবেদনৰ কথা উল্লেখ কৰে এজন অধিবক্তাই । অধিবক্তাগৰাকীয়ে এই সন্দৰ্ভত কয়, “কাইলৈ বকৰী ঈদ আছে আৰু এটা সংৰক্ষিত কীৰ্তিচিহ্ন বিশালগড়ত উচ্চ ন্যায়ালয়ে পশুবধৰ অনুমতি দিছে ৷’’
অধিবক্তাগৰাকীয়ে লগতে কয় যে উচ্চ ন্যায়ালয়ে ১২ জুনলৈকে উৰুছৰ বাবেও সংৰক্ষিত কীৰ্তিচিহ্ন এলেকাটোত পশুবধৰ অনুমতি দিছে । দুৰ্গটো সংৰক্ষিত স্মৃতিসৌধ হিচাপে ইয়াৰ চৌহদত জীৱ-জন্তু আৰু চৰাই বধ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল কৰ্তৃপক্ষই ।
শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে লক্ষ্য কৰিলে যে সংৰক্ষিত কীৰ্তিচিহ্নসমূহত বহুসংখ্যক ধৰ্মীয় কাম-কাজ চলি আছে । অধিবক্তাগৰাকীয়ে মহাৰাষ্ট্ৰৰ এক নিৰ্দিষ্ট অধিসূচনাৰ উদ্ধৃতি দি কয় যে সংৰক্ষিত অঞ্চলত পশু বধ কৰিব নোৱাৰিব ।
অধিবক্তাগৰাকীয়ে কয় যে যোৱা বছৰ উচ্চ ন্যায়ালয়ে বন্ধ চৌহদত পশুহত্যাৰ অনুমতি দিছিল ৷ লগতে কয় যে ২০২৫ চনৰ ৩ জুনত গৃহীত হোৱা আদেশত উচ্চ ন্যায়ালয়ে যোৱা বছৰ যি নিষেধাজ্ঞা আছিল, সেই নিষেধাজ্ঞা এই বছৰো বলবৎ থাকিব বুলি ৰায় দিছিল ৷ বিচাৰপীঠখনে মৌখিকভাৱে পৰ্যবেক্ষণ কৰি কৈছিল, “যিকোনো ধৰ্মৰ হওক বা বিশ্বাসৰ হওক, সংৰক্ষিত কীৰ্তিচিহ্নত ইমানবোৰ কাম চলি আছে ৷’’
ন্যায়াধীশ কেৰলে কয়, “মই আপোনালোকক জনাওঁ, ত্ৰিপুৰাত (উচ্চ ন্যায়ালয়) বহি মই তাত পশুহত্যা নিষিদ্ধ কৰিছিলো ৷ তাৰ পিছত এই আদালতে ৰায় সংশোধন কৰি কয় আবদ্ধ ঠাইত ইয়াক সম্পন্ন কৰা হ’ব ৷’’ অহা সপ্তাহত শুনানিৰ বাবে বিষয়টো তালিকাভুক্ত কৰিবলৈ বিচাৰপীঠক অনুৰোধ জনায় অধিবক্তাই । অৱশ্যে বিচাৰপীঠে কয়, “কি প্ৰয়োজন ? বিষয়টো ফলপ্ৰসূ নহয়…।’’
চলিত মাহৰ আৰম্ভণিতে হজৰত পিয়ৰ মালিক ৰেহান দৰগাহ ট্ৰাষ্টৰ আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে জীৱ-জন্তু বধৰ অনুমতি বিচাৰি এই নিৰ্দেশ গৃহীত কৰিছিল । বম্বে উচ্চ ন্যায়ালয়ে ৭ জুনত ঈদ-উল-আজহা উদযাপনৰ বাবে পশুবধ আৰু ৮ জুনৰ পৰা ১২ জুনলৈ বিশালগড় দুৰ্গৰ দৰগাহত অনুষ্ঠিত হ’বলগীয়া চাৰিদিনীয়া উৰুছ (মেলা) ৰ অনুমতি দিছিল ।