উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত সমাধান কৰা হ’ব অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যা
নাগৰিকত্ব আইনৰ ৬এ ধাৰাৰ সাংবিধানিক বৈধতা বাহাল ৰখাৰ সন্দৰ্ভত কি ক’লে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মনীষ গোস্বামীয়ে ৷ জানিবলৈ পঢ়ক...

Published : October 17, 2024 at 4:54 PM IST
নিউজ ডেস্ক, ১৭ অক্টোবৰ : ১৯৫১ নহয়, ১৯৭১ চনৰ ২৫ মাৰ্চ হ'ব বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ । ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে বৃহস্পতিবাৰে নাগৰিকত্ব আইনৰ ৬এ ধাৰাৰ সাংবিধানিক বৈধতা বাহাল ৰাখে । অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিছত নাগৰিকত্ব আইন, ১৯৫৫ত অন্তৰ্ভুক্ত কৰা ৬এ ধাৰাৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা কেইবাটাও পক্ষৰ আবেদনৰ ওপৰত শীৰ্ষ ন্যায়ালয়ে এই ৰায়দান কৰে ।
উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পাছত অধিবক্তা মনীষ গোস্বামীয়ে কয়, "৬এ ধাৰাৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ আজি ৰায়দান হ’ল । উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠৰ ৪:১ সংখ্যাগৰিষ্ঠতাৰ সিদ্ধান্তত ৬এ ধাৰাৰ সাংবিধানিক বৈধতা বাহাল ৰখা হয় ৷ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্যকান্ত, এম এম সুন্দ্ৰেশ আৰু মনোজ মিশ্ৰই এই ধাৰাৰ সপক্ষে ৰায় দিয়ে ৷ ইয়াৰ বিপৰীতে ন্যায়াধীশ জে বি পাৰ্দিৱালাই ইয়াৰ বিপক্ষে ৰায়দান কৰে আৰু এই ধাৰাটোক অসাংবিধানিক বুলি ঘোষণা কৰে ।"
তেওঁ লগতে কয়, "অসমত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিষয়টোক লৈ পৰৱৰ্তী সময়ত কেনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেয়া উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত কৰা হ’ব আৰু এইটো অসমৰ ৰাইজৰ বাবে এটা ডাঙৰ কথা ৷ ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত যিসকল লোক অসমত প্ৰৱেশ কৰিছে তেওঁলোকক অবৈধ অনুপ্ৰৱেশকাৰী বুলি উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিলে আৰু তেওঁলোকক তাৎক্ষণিকভাৱে পঠিয়াই দিবলৈ চৰকাৰক নিৰ্দেশ দিছে ৷"
তেওঁ আৰু কয়, "অসম চুক্তিয়েই হওক বা আন কোনো বিষয়ে হওক, আমাৰ অসমীয়া সমাজ আৰু অসমীয়া মানুহক বহু আশ্বাস দিয়া হৈছিল ৷ কিন্তু বহুখিনি এতিয়াও হোৱা নাছিল ৷ এতিয়া সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ে প্ৰত্যক্ষ নিৰীক্ষণত কৰাৰ ফলত আমি কাৰ্যকৰী ফল লাভ কৰিম বুলি আশা কৰিব পাৰো ৷"
লগতে পঢ়ক: '৫১ নহয়, ১৯৭১ চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

