ETV Bharat / bharat

মাউণ্ট কাঞ্চনজংঘাৰ শীৰ্ষ অতিক্ৰম নিমাছৰ, ঐতিহাসিক ‘‘হৰ শিখৰ ত্ৰিৰংগা’’ অভিযানৰ সামৰণি - HAR SHIKHAR TIRANGA MISSION

"হৰ শিখৰ ত্ৰিৰংগা" অভিযানটি হৈছে ভাৰতৰ প্ৰতিখন ৰাজ্যৰ সৰ্বোচ্চ শৃংগত জাতীয় পতাকা উত্তোলন কৰাৰ এক অভিলাষী অভিযান ৷ দেশজুৰি জাতীয়তাবোধ বৃদ্ধি কৰাটোৱে অভিযানৰ উদ্দেশ্য ।

HAR SHIKHAR TIRANGA MISSION
হৰ শিখৰ ত্ৰিৰংগা অভিযানৰ সামৰণি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 22, 2025 at 11:59 PM IST

3 Min Read

তেজপুৰ: ‘‘হৰ শিখৰ ত্ৰিৰংগা’’ অভিযানৰে অৰুণাচল প্ৰদেশৰ ডিৰাঙৰ নেশ্যনেল ইনষ্টিটিউট অৱ মাউণ্টেইনিং এণ্ড এডভেঞ্চাৰ স্প’ৰ্টছ (NIMAS) চমুকৈ নিমাছৰ সঞ্চালক কৰ্ণেল ৰণবীৰ সিং জামৱালৰ নেতৃত্বাধীন এটা দলে মাউণ্ট কাঞ্চনজংঘা আৰোহণৰ সফলতা অৰ্জন কৰে ।

প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱটে কয় ‘‘ভাৰতীয় পৰ্বতাৰোহণৰ বাবে এক ঐতিহাসিক কৃতিত্ব হিচাপে ৰাষ্ট্ৰীয় পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়া প্ৰতিষ্ঠান (নিমাছ) ৰ এটা দলে ছিকিমৰ সু-উচ্চ শৃংগ কাঞ্চনজংঘাত অতিক্ৰমৰ সফলতা অৰ্জন কৰে ।’’

HAR SHIKHAR TIRANGA MISSION
হৰ শিখৰ ত্ৰিৰংগা অভিযানৰ সামৰণি (ETV Bharat Assam)

বিগত ১৮ মে’ত বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘা, যাৰ উচ্চতা (৮,৫৮৬ মিটাৰ) ৰ শিখৰত সফলতাৰে উপনীত হৈ ঐতিহাসিক মাইলৰ খুঁটি স্পৰ্শ কৰিবলৈ সক্ষম হৈছে । উদ্দেশ্য আছিল ‘‘হৰ শিখৰ ত্ৰিৰংগা’’ অভিযান — ভাৰতৰ ২৮ খন ৰাজ্যৰ প্ৰতিখন ৰাজ্যৰ সৰ্বোচ্চ শৃংগৰ ওপৰত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰাৰ ই এক দেশপ্ৰেমমূলক অভিযান আছিল ।

দুঃসাহসিক কৰ্মৰ জৰিয়তে ঐক্য আৰু জাতীয় গৌৰৱৰ মনোভাৱক উদযাপনৰ বাবে কৰা এই অভিযানে ছিকিমৰ কাঞ্চনজংঘা পৰ্বতৰ সৰ্বোচ্চ শিখৰত উপনীত হৈ এই অভিযানৰ চূড়ান্ত মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে ।

উল্লেখযোগ্য যে, এই সময়ত মাউণ্ট কাঞ্চনজংঘা অতিক্ৰম ১০০% কৃতকাৰ্যতাৰে শীৰ্ষ যাত্ৰাৰ সফলতা লাভ কৰা একমাত্ৰ ভাৰতীয় অভিযানটোৱেই হৈছে ডিৰাংস্থিত নিমাছৰ দল ৷ যি দলটোৰ কঠোৰ প্ৰস্তুতি, অনুশাসন আৰু অনমনীয় মনোভাৱৰ প্ৰমাণ । চৰম পৰিস্থিতি আৰু উচ্চ ক্ষয়-ক্ষতিৰ দ্বাৰা চিহ্নিত এটা ঋতুত, শিখৰত উপনীত হোৱাৰ চেষ্টা কৰা নিমাছৰ দলৰ প্ৰতিজন পৰ্বতাৰোহীয়ে এই অতিক্ৰম কৰি স্থান লাভ কৰিছিল — যাৰ ফলত বিশ্বৰ অন্যতম দুৰ্গম পৰ্বতত অতিক্ৰম কৰি এক অসাধাৰণ সাফল্য লাভ কৰে ।

কৰ্ণেল জামৱালে কয় ‘‘এয়া কেৱল এটা অভিযান নাছিল, এই স্থানৰ পৰা ভাৰতৰ প্ৰতিটো চুকলৈ ত্ৰিৰংগাৰ শ্ৰদ্ধাঞ্জলি জনোৱা । উত্তৰ-পূবৰ ঘন অৰণ্যৰ পৰা আৰম্ভ কৰি কাঞ্চনজংঘা বৰফৰ প্ৰাচীৰলৈকে আমাৰ ত্ৰিৰংগা এতিয়া প্ৰতিখন ৰাজ্যৰ সৰ্বোচ্চ স্থানৰ ওপৰত উৰি আছে । মই দলটোৰ বাবে গৌৰৱান্বিত আৰু আমাৰ মহান জাতিটোৰ ঐক্য আৰু বৈচিত্ৰ্যক প্ৰতিফলিত কৰা এটা মিছনৰ নেতৃত্ব দিবলৈ পায় আপ্লুত হৈছো ।”

কাঞ্চনজংঘা আৰোহণৰ জৰিয়তে ‘‘হৰ শিখৰ ত্ৰিৰংগা’’ অভিযানৰ সফলতাই দুঃসাহসিক নেতৃত্ব আৰু ৰাষ্ট্ৰীয় সেৱাৰ ক্ষেত্ৰত নিমাছৰ ক্ৰমবৰ্ধমান উত্তৰাধিকাৰক আলোকপাত কৰিছে । এতিয়া ত্ৰিৰংগাই পৰ্বতৰ শিখৰৰ পৰা গৌৰৱেৰে হাত জোকাৰি যোৱাৰ ই কেৱল পৰ্বতাৰোহীৰ সপোনেই নহয়, এটা সমগ্ৰ জাতিৰ আত্মাও ইয়াত কঢ়িয়াই লৈ ফুৰিব বুলি তেওঁ কয় ।

লগতে পঢ়ক: ৬০০.৫১ কোটি টকা ব্যয়েৰ যোৰহাট-মাজুলী দলঙৰ বাবে নিবিদা কেন্দ্ৰীয় চৰকাৰৰ, মুখ্যমন্ত্রীৰ কৃতজ্ঞতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.