সস্তাত পাব ৰন্ধন গেছৰ চিলিণ্ডাৰ ! অসম-ত্ৰিপুৰালৈ ৪,২৫০ কোটি টকাৰ উপহাৰ
শুকুৰবাৰে অনুষ্ঠিত হৈছিল মোদী চৰকাৰৰ কেবিনেট বৈঠক ৷ বৈঠকৰ শেষত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ।

Published : August 9, 2025 at 12:06 AM IST
নতুন দিল্লী: মধ্যবিত্ত শ্ৰেণীক শীঘ্ৰে কিছু সকাহ দিয়াৰ সম্ভাৱনা কেন্দ্ৰীয় চৰকাৰৰ । চৰকাৰে অতি কম মূল্যতে এল পি জি চিলিণ্ডাৰ যোগানৰ বাবদ ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্যৰ অনুমোদন জনাইছে । এই কথা শুকুৰবাৰে ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ।
কেবিনেট বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, ‘‘প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা সৰ্বাংগীন বৃদ্ধিৰ বাবে দেশজুৰি পৰিচিত ৷ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ লক্ষ্য হৈছে ৰাইজৰ জীৱনলৈ পৰিৱৰ্তন অনা ৷ এতিয়ালৈকে ১০.৩৩ কোটি উজ্জ্বলা সংযোগ দিয়া হৈছে ৷ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী উজ্জ্বলা হিতাধিকাৰীৰ বাবদ ১২,০৬০ কোটি টকাৰ সাহায্যৰ অনুমোদন জনাইছে কেবিনেটে ৷’’
অসম-ত্ৰিপুৰালৈ ৪,২৫০ কোটি টকা
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে মোদী কেবিনেটে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য অসম আৰু ত্ৰিপুৰালৈও আগবঢ়াব ৪,২৫০ কোটি টকা ৷
বৈষ্ণৱে কয়, ‘‘অসম আৰু ত্ৰিপুৰাৰ বাবে বৰ্তমানৰ কেন্দ্ৰীয় খণ্ডৰ বিশেষ উন্নয়ন পেকেজ আঁচনিৰ অধীনত কেবিনেটে মুঠ ৭,২৫০ কোটি টকা (কেন্দ্ৰ - ৪,২৫০ কোটি আৰু ৰাজ্যিক - ৩,০০০ কোটি টকা) ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া চাৰিটা নতুন প্ৰকল্পত অনুমোদন জনাইছে…৷’’
মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪ চনৰ আগতে উত্তৰ-পূর্বাঞ্চলত বহু বিবাদ, আন্দোলন হৈছিল ৷ বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আলোচনাৰ জৰিয়তে লাভ কৰা সমাধানৰ জৰিয়তে ১০ হাজাৰ উগ্ৰপন্থীৰ কেডাৰে আত্মসমর্পণ কৰি মূলসূঁতিলৈ ঘূৰি আহিছে ৷
তামিলনাডুত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ অনুমোদন
ইয়াৰোপৰিও তামিলনাডুত চাৰিলেনযুক্ত মৰাক্কানাম-পুডুচেৰী (৪৬ কিলোমিটাৰ) পথ নিৰ্মাণৰ বাবেও মন্ত্ৰীসভাই অনুমোদন জনায় ৷ যিটো প্ৰকল্পত ব্যয় হ’ব মুঠ ২,১৫৭ কোটি টকা ৷
৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য
কেন্দ্ৰীয় মন্ত্ৰী বৈষ্ণৱে কয়, ‘‘এল পি জি গেছ যাতে মধ্যবিত্ত শ্ৰেণীৰ বাবে সুলভ হয়, তাৰ বাবে ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্যৰ অনুমোদন দিয়া হৈছে । বৰ্তমানৰ ভূ-ৰাজনীতিত গেছৰ মূল্যৰ উঠা-নমা হয় আৰু এই কথা মনত ৰাখি ৰাজসাহায্য দিয়া হৈছে ।’’
#WATCH | Delhi: After the cabinet meeting, Union Minister Ashwini Vaishnaw says, "To ensure that the LPG gas is affordable for the middle class, a subsidy of Rs 30,000 cr has been approved...In present geopolitics, gas prices fluctuate and to take care of that, the subsidy is… pic.twitter.com/Y5bYgXB8zC
— ANI (@ANI) August 8, 2025
তেওঁ লগতে কয়, ‘‘মন্ত্ৰীসভাই ৪,২০০ কোটি টকা ব্যয়ৰে বহু অনুশাসনমূলক শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ গৱেষণা উন্নয়ন আঁচনিৰ বাজেটৰ সমৰ্থনত অনুমোদন জনাইছে ৷ ৰাজ্য চৰকাৰে ১৭৫ খন অভিযান্ত্ৰিক প্ৰতিষ্ঠান আৰু ১০০ খন পলিটেকনিকক যোগ্যতাৰ ভিত্তিত সাহায্য প্ৰদান কৰিব ।’’
প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা কি ?
প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা (পি এম ইউ ৱাই) ২০১৬ চনৰ মে’ মাহত আৰম্ভ কৰা হৈছিল, যাৰ উদ্দেশ্য আছিল সমগ্ৰ দেশৰ দৰিদ্ৰ পৰিয়ালৰ প্ৰাপ্তবয়স্ক মহিলাসকলক কোনো ধৰণৰ জমা ধন নোহোৱাকৈ এল পি জি গেছৰ সংযোগ প্ৰদান কৰা । ২০২৫ চনৰ ১ জুলাইলৈকে সমগ্ৰ দেশতে প্ৰায় ১০.৩৩ কোটি গ্ৰাহকে লাভ কৰিছে এই সংযোগ ৷
এই আঁচনিৰ অন্তৰ্ভুক্ত সকলো হিতাধিকাৰীয়ে কোনো জমাধন অবিহনে এল পি জি সংযোগ লাভ কৰে, য’ত চিলিণ্ডাৰৰ বাবে নিৰাপত্তা জমা (এছ ডি), চাপ নিয়ন্ত্ৰক, সুৰক্ষানলী, ঘৰুৱা গেছ গ্ৰাহক কাৰ্ড (ডি জি চি চি) পুস্তিকা আৰু সংযোগৰ চাৰ্জ অন্তৰ্ভুক্ত থাকে ।
উজ্জ্বলা ২.০ ৰ বৰ্তমানৰ নিয়ম অনুসৰি সকলো হিতাধিকাৰীকে প্ৰথমে গেছভৰ্তি চিলিণ্ডাৰ আৰু চৌকাও বিনামূলীয়াকৈ প্ৰদান কৰা হয় । এই ব্যয় ভাৰত চৰকাৰে বহন কৰাৰ বাবে পি এম ইউ ৱাই হিতাধিকাৰীয়ে এল পি জি সংযোগ, প্ৰথম ৰিফিল বা ষ্ট’ভৰ বাবে কোনো ধৰণৰ ধন পৰিশোধ কৰিব নালাগে বুলি চৰকাৰে জানিবলৈ দিছে ।
প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ গ্ৰাহকলৈ ৰাজসাহায্য
চৰকাৰৰ তথ্য অনুসৰি ভাৰতে ইয়াৰ প্রয়োজনীয় এল পি জিৰ প্রায় ৬০ শতাংশ আমদানি কৰে ৷ এই আঁচনিৰ অন্তৰ্গত হিতাধিকাৰীসকলক মূল্যবৃদ্ধিৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰা আৰু এল পি জিক অধিক সুলভ কৰি তোলাৰ লগতে প্ৰতিঘৰতে এই সংযোগ অব্যাহত ৰখাটোৱে হৈছে চৰকাৰৰ লক্ষ্য ৷
২০২২ চনৰ মে’ মাহত পি এম ইউ ৱাই গ্ৰাহকক প্ৰতি ১৪.২ কেজি চিলিণ্ডাৰত প্ৰতি বছৰে ১২ টা ৰিফিলৰ বাবে ২০০ টকা মূল্য ৰেহাই প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ৷ ২০২৩ চনৰ অক্টোবৰ মাহত চৰকাৰে বছৰি ১২ টা ৰিফিলৰ বাবে প্ৰতি ১৪.২ কেজি চিলিণ্ডাৰত ৩০০ টকালৈ ৰাজসাহায্য বৃদ্ধি কৰে ।
লগতে পঢ়ক: আঘাতপ্ৰাপ্ত নাগালেণ্ডৰ ৰাজ্যপাল; চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি

