মহাকুম্ভ মেলাত অঘটন: পদপিষ্ট হৈ ১৭ জনৰ মৃত্যু, অমৃত স্নান বাতিল
মহাকুম্ভ মেলাত পদপিষ্টৰ ঘটনা । প্ৰয়াগৰাজ মহাকুম্ভত মৌনী অমাৱস্যাৰ স্নানত হোৱা ভিৰৰ বাবেই ঘটিল এই ঘটনা ।

Published : January 29, 2025 at 7:33 AM IST
মহাকুম্ভ নগৰ : বুধবাৰে পুৱতি নিশা মৌনী অমাৱস্যাৰ পবিত্ৰ স্নানৰ সময়ত জনবহুল সঙ্গমত মহাকুম্ভ নগৰৰ মহাকুম্ভ মেলাত সংঘটিত পদপিষ্টৰ ঘটনাত কেইবাজনো লোক হতাহত হোৱাৰ আশংকা কৰা হৈছে । মেলাৰ বিশেষ কৰ্তব্যৰত বিষয়া আকাংক্ষা ৰাণাই বহুতো লোকে একেলগে স্নানৰ বাবে যোৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি কয় ।
শেহতীয়াভাৱে মেলাৰ বিশেষ কৰ্তব্যৰত বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে, ভিৰৰ চাপৰ বাবেই ১৭ জন লোকৰ মৃত্যু হৈছে যদিও মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে । তদুপৰি এই ঘটনাত বহুসংখ্যক লোক আহত হৈছে ।
আনহাতে, মেলাধিকাৰী বিজয় কিৰণ আনন্দই কয় যে উৰাবাতৰিৰ বাবে এই পদপিষ্টৰ ঘটনা সংঘটিত হোৱাত ১৭ জন ভক্তই প্ৰাণ হেৰুৱালে । ৫০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে । এই আহতসকলক মহাকুম্ভ নগৰৰ কেন্দ্ৰীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । প্ৰশাসনে সাহাৰ্য আৰু উদ্ধাৰকাৰ্য দ্ৰুত কৰি তুলিছে । পুৱা প্ৰায় ২ বজাত সংগম সাগৰৰ পাৰত এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয় ।

যোগী আদিত্যনাথৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ :
ইয়াৰ পিছতেই এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে বাৰ্তালাপ কৰি চলিত মহাকুম্ভৰ পৰিস্থিতি পৰ্যালোচনা কৰে । প্ৰধানমন্ত্ৰীগৰাকীয়ে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু অত্যধিক ভিৰৰ সমস্যা সমাধানৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় ।

মেলাৰ বিশেষ কৰ্তব্যৰত বিষয়া আকাংক্ষা ৰাণাই ঘটনাটো নিশ্চিত কৰি কয়, "সঙ্গমত পদপিষ্ট হোৱাৰ পিছত কেইবাগৰাকী লোক আঘাতপ্ৰাপ্ত হৈছে । তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । আঘাতপ্ৰাপ্ত লোকসকলৰ সঠিক সংখ্য়া এতিয়াও আমি লাভ কৰিব পৰা নাই ।" অৱশ্যে তেওঁ কয় যে আহতসকলৰ অৱস্থা গুৰুতৰ নহয় আৰু তেওঁলোকে চিকিৎসা গ্ৰহণ কৰি আছে ।

মৌনী অমাৱস্যাত অমৃত স্নান মহাকুম্ভৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰীতি-নীতিসমূহৰ অন্য়তম বুলি কোৱা হয় । এইবাৰ ১৪৪ বছৰৰ পিছত সংঘটিত হোৱা এক বিৰল মহাকাশীয় ঘটনা 'ত্ৰিবেণী যোগ'ৰ দিনটোৰ আধ্যাত্মিক তাৎপৰ্য বৃদ্ধি পাইছে । ইয়াত প্ৰায় ১০ কোটি তীৰ্থযাত্ৰীয়ে অংশগ্ৰহণ কৰিছে ।
প্ৰত্য়ক্ষদৰ্শীৰ ভাষ্য় :
এই ঘটনাৰ বিষয়ে ব্য়াখ্য়া কৰি কৰ্ণাটকৰ সৰোজিনী নামৰ মহিলাগৰাকীয়ে কয়, "আমি দুখন বাছত ৬০জনীয়া এটা দলত আহিছিলো । হঠাতে ভিৰৰ মাজত ঠেলা-ঠেলি হয় । আমাৰ বহুতে তলত বাগৰি পৰে আৰু ভিৰ নিয়ন্ত্ৰণহীন হৈ পৰে ।" মহিলাগৰাকীয়ে লগতে কয়, "ওলাই যাবলৈ কোনো সুযোগ নাছিল, সকলো ফালৰ পৰা হেঁচা দিয়া হৈছিল ।"

ঘটনাটো ত্ৰিবেণী সংগম অৰ্থাৎ গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলীৰ ওচৰত সংঘটিত হয় । ত্ৰিবেণী সংগমক হিন্দুসকলে আটাইতকৈ পৱিত্ৰ বুলি গণ্য কৰে । ইয়াত মহাকুম্ভৰ সময়ত আৰু বিশেষকৈ মৌনী অমাৱস্যাত স্নান কৰিলে মানুহৰ পাপ খণ্ডন হয় বুলি জনবিশ্বাস আছে ।
আনহাতে, এই ঘটনাৰ পিছতেই আজিৰ অমৃত স্নান কাৰ্যসূচী বাতিল কৰা হৈছে ৷

