ETV Bharat / bharat

প্ৰচণ্ড উত্তাপে দহিছে ভাৰতৰ ভূ-স্বৰ্গক - SRINAGAR HOTTEST MAY DAY

৬০ বছৰৰ ভিতৰত সৰ্বাধিক তাপমাত্রা । শ্ৰীনগৰত 34.4 ডিগ্ৰী চেলছিয়াছ হৈছে উত্তাপ ।

SRINAGAR HOTTEST MAY DAY
প্ৰচণ্ড উত্তাপে দহিছে ভাৰতৰ ভূ-স্বৰ্গক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 23, 2025 at 2:15 PM IST

3 Min Read

নতুন দিল্লী: প্ৰচণ্ড উত্তাপে দহিছে ভাৰতৰ ভূ-স্বৰ্গক । বিগত ৬০ বছৰৰ ভিতৰত সৰ্বাধিক তাপমাত্রাই স্পৰ্শ কৰিলে শ্ৰীনগৰক । সমান্তৰালভাৱে তাপমাত্ৰা বাঢ়িছে কাশ্মীৰতো । বৃহস্পতিবাৰে শ্ৰীনগৰত তাপমাত্ৰা আছিল 34.4 ডিগ্ৰী চেলছিয়াছ । এয়া এই ঋতুৰ স্বাভাৱিক তাপমাত্ৰাতকৈ ৯ ডিগ্ৰী চেলছিয়াছ অধিক বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে নিশ্চিত কৰিছে ।

গ্ৰীষ্মকালীন ৰাজধানী হিচাপে পৰিচিত শ্ৰীনগৰত 34.4 ডিগ্ৰী চেলছিয়াছ হৈছে 1968ৰ পৰা মে' মাহত হোৱা সৰ্বাধিক তাপমাত্রাৰ অভিলেখ । এয়া হৈছে শ্ৰীনগৰত ৰেকৰ্ড কৰা তৃতীয়াটো সৰ্বাধিক তাপমাত্ৰা । 133 বছৰ পূৰ্বে ৰেকৰ্ড আৰম্ভ হোৱাৰ পাছত মে' মাহত শ্ৰীনগৰত তৃতীয় সৰ্বাধিক তাপমাত্রা বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ এগৰাকী জ্য়েষ্ঠ বিষয়াই কয় । শ্ৰীনগৰত 1968ৰ 24 মে'ত 36.4 ডিগ্ৰী চেলছিয়াছ আৰু 1956ৰ 31 মে'ত 35° চেলছিয়াছত অভিলেখ প্ৰতিষ্ঠা হৈছিল ।

ইয়াৰ পূৰ্বে তৃতীয় সৰ্বাধিক তাপমাত্রা আছিল ৩৪.৩ ডিগ্ৰী চেলছিয়াছ । ১৯৭১ৰ ২৮ মে'ত এই অভিলেখ প্ৰতিষ্ঠা কৰা হৈছিল যদিও বৃহস্পতিবাৰে সেই অভিলেখ ভংগ হয় । এই তাপমাত্ৰাই কাশ্মীৰৰ গৰমৰ প্রবণতাকে সূচাইছে । কাশ্মীৰ উপত্যকাৰ অন্যান্য স্থানসমূহতো প্ৰবল তাপমাত্রাৰ সৃষ্টি হৈছে ।

দক্ষিণ কাশ্মীৰৰ কুঁজিগুণ্ডত ৩৩.৫ ডিগ্ৰী চেলছিয়াছ হৈছে । ১৯৫৬ৰ পৰা এয়া হৈছে তৃতীয় সৰ্বাধিক তাপমাত্রা । ইপিনে, অনন্তনাগ জিলাৰ কোকাৰ্নাগত ৩৩.৩ ডিগ্ৰী চেলছিয়াছ তাপমাত্রাই স্পৰ্শ কৰিছে । ১৯৭৮ৰ পৰা হোৱা তাপমাত্রাৰ এয়াই হৈছে সৰ্বাধিক গৰম । ইয়াৰ পূৰ্বে ২০০১ৰ ১৭ মে'ত ৩২.৬ ডিগ্ৰী চেলছিয়াছ হৈছিল । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বৰ্তমানৰ গৰম বৃদ্ধিৰ ক্ষেত্ৰত দীঘলীয়া শুষ্ক পাৰিপাৰ্শ্বিক অৱস্থা আৰু মুকলি আকাশেই অন্য়তম কাৰণ বুলি মন্তব্য় কৰিছে ।

কাশ্মীৰত যিসময়ত অস্বাভাৱিক তাপমাত্ৰাই জনসাধাৰণক চুই গৈছে সেই সময়ত উত্তৰ ভাৰতত বজ্ৰপাত আৰু শিলাবৃষ্টি আৰম্ভ হৈছে । বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত বেয়া বতৰৰ বাবে কমেও ১২খন দিল্লীমুখী বিমান অৱতৰণৰ কাৰণে জয়পুৰলৈ স্থানান্তৰ কৰা হৈছিল । উল্লেখ্য় যে সমভূমি অঞ্চলত সৰ্বোচ্চ উষ্ণতা কমেও ৪০ ডিগ্ৰী চেলছিয়াছ, উপকূলীয় অঞ্চলত ৩৭ ডিগ্ৰী চেলছিয়াছ আৰু পাহাৰীয়া অঞ্চলত ৩০ ডিগ্ৰী চেলছিয়াছ আৰু স্বাভাৱিকতকৈ ৪.৫ ৰ পৰা ৬.৪ ডিগ্ৰী চেলছিয়াছ হ’লে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে গ্ৰীষ্মপ্ৰবাহ ঘোষণা কৰে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য় অনুসৰি শ্ৰীনগৰ আৰু কাশ্মীৰৰ আন অংশত এই সপ্তাহত কিছু পৰিমানে গৰম কমিব বুলি আশা কৰিব পাৰি । তাপমাত্রা ২৬-৩৪ ডিগ্ৰী চেলছিয়াছৰ মাজত থকাৰ লগতে বৰষুণ হোৱাৰো সম্ভাৱনা আছে ।

লগতে পঢ়ক:অসমৰ ৯ খন জিলাত অৰেঞ্জ আৰু ১৬ খন জিলাত ইয়েল্ল' এলাৰ্ট জাৰি - ASSAM WEATHER REPORT

ভাৰতৰ অধিকাংশ অঞ্চলেই গ্ৰীষ্মপ্ৰবাহৰ কবলত, দেশজুৰি সতৰ্কতা বতৰ বিজ্ঞান বিভাগৰ - WEATHER UPDATE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.