নতুন দিল্লী : প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীৰ অৱস্থা বৰ্তমান সুস্থিৰ ৷ শাৰীৰিক অসুস্থতাৰ বাবে বিগত কেবাদিন ধৰি দিল্লীৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি আছিল তেওঁ ৷
চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ অধ্যক্ষ ডাঃ অজয় স্বৰূপে কয়, ‘‘চিকিৎসকৰ এটা দলে ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ অৱস্থা নিৰীক্ষণ কৰি আছে । ইয়াৰ পূৰ্বে দেওবাৰে নিশা তেওঁৰ স্বাস্থ্যৰ আকস্মিক অৱনতি ঘটাৰ বাবে গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । তেওঁৰ পেটৰ লগত জড়িত সমস্যা আছে । গেষ্ট্ৰ’এণ্টেৰ’লজী অস্ত্ৰোপচাৰ বিশেষজ্ঞ ডাঃ সমীৰণ নন্দীৰ তত্বাৱধানত তেওঁৰ চিকিৎসা আৰম্ভ কৰা হৈছিল ।’’
According to Dr. Ajay Swaroop, Chairman, Sir Ganga Ram Hospital, " congress parliamentary party chairperson sonia gandhi was admitted to sir ganga ram hospital at 9:00 pm yesterday (15.06.2025, sunday), under the department of surgical gastroenterology for a stomach-related issue.… https://t.co/B1nRHlzFZp
— ANI (@ANI) June 16, 2025
চিকিৎসালয় প্ৰশাসনে জনোৱা মতে, দেওবাৰে নিশা ৯:১০ বজাত তেওঁক চিকিৎসালয়লৈ অনা হয় । ইয়াৰ পূৰ্বে ৭ জুনত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু সেই সময়ত তেওঁ আছিল ছিমলাত । তেতিয়া ছিমলাৰ চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হয় । চলিত বৰ্ষৰ ২০ ফেব্ৰুৱাৰীতো পেটৰ সমস্যাৰ বাবে গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

উল্লেখ্য যে, তেওঁক শেষবাৰৰ বাবে ১৩ ফেব্ৰুৱাৰীত সংসদত দেখা গৈছিল । ইয়াৰ পিছত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে । সংসদত প্রশ্ন-উত্তৰৰ সময়ত তেওঁ চৰকাৰক শীঘ্রে লোকপিয়ল সম্পূর্ণ কৰিবলৈও কৈছিল ৷ ইয়াৰ সমান্তৰালকৈ তেওঁ চৰকাৰক খাদ্য সুৰক্ষা আইনৰ অধীনত ১৪ কোটিৰো অধিক লোকক প্ৰদান কৰা সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰ অভিযোগো উত্থাপন কৰিছিল আৰু লগতে চৰকাৰক বহু প্ৰশ্নো উত্থাপন কৰিছিল । দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি ৰাষ্ট্ৰীয় উপদেষ্টা পৰিষদৰ দৰে আন বহু গুৰুত্বপূৰ্ণ পদতো কাম কৰি আহিছে ছোনিয়া গান্ধীয়ে ।