ছোনিয়া গান্ধী ভাৰতীয় নাগৰিক হৈছিল ১৯৮৩ ত, ভোটাৰ তালিকাত নাম সোমাইছিল ১৯৮০ ত
ৰাউজ এভিনিউ আদালতে এক জাননীযোগে দিলে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ নিৰ্দেশ ।

Published : September 5, 2025 at 1:19 PM IST
নতুন দিল্লী: কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ নিৰ্দেশ দিল্লীৰ ৰাউজ এভিনিউ আদালতৰ । আদালতে জাননীযোগে ১৯৮৩ চনত ভাৰতীয় নাগৰিকত্ব লাভ কৰা ছোনিয়া গান্ধীৰ নাম ১৯৮০ চনৰ ভোটাৰ তালিকাত কেনেকৈ সন্নিৱিষ্ট হ'ল তাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ নিৰ্দেশ দিয়ে । অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ বৈভৱ চৌৰাছিয়াই বৃহস্পতিবাৰে এই বিষয়ৰ ওপৰত আংশিক শুনানি লয় আৰু পৰৱৰ্তী শুনানিৰ বাবে ১০ ছেপ্টেম্বৰৰ দিনটো ধাৰ্য কৰে । বিকাশ ত্ৰিপাঠী নামৰ এজন লোকে দাখিল কৰিছিল এই অভিযোগ ।
অভিযোগটোত কোৱা হয় যে দিল্লী বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাত ছোনিয়া গান্ধীৰ নাম ১৯৮০ চনত সন্নিৱিষ্ট হৈছিল, যিসময়ত তেওঁ ভাৰতৰ নাগৰিকত্ব লাভেই কৰা নাছিল । ইয়াৰ মাজত ১৯৮২ চনত তেওঁৰ নাম আঁতৰোৱাও হৈছিল আৰু পিছত ১৯৮৩ চনত পুনৰ সন্নিৱিষ্ট কৰা হৈছিল । ১৯৮৩ চনতহে ছোনিয়া গান্ধী ভাৰতৰ নাগৰিক হৈছিল ।
১৯৮৩ চনৰ এপ্ৰিল মাহতহে ছোনিয়া গান্ধীয়ে ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন কৰিছিল বুলিও প্ৰতিবেদনখনত উল্লেখ কৰে । যিহেতু ছোনিয়া গান্ধী ১৯৮৩ চনত ভাৰতৰ নাগৰিক হৈছিল তেন্তে ১৯৮০ চনৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰাৰ বাবে কোনো ভূৱা নথি-পত্ৰ দাখিল কৰা হৈছিল, যি সজ্ঞানেৰে কৰা এক অপৰাধ । ইয়াৰ বাবেই আদালতে ছোনিয়া গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ নিৰ্দেশ দিয়ে । কিন্তু এই বিষয়ত আদালতে না ছোনিয়া গান্ধীলৈ জাননী জাৰি কৰিছে না দিল্লী আৰক্ষীলৈ । আদালতে মাত্ৰ কয় যে এই বিষয়টোত ১০ ছেপ্টেম্বৰত পুনৰ বিচাৰ কৰা হ'ব ।
নাগৰিকত্ব লাভ কৰাৰ পূৰ্বেই ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছিল ছোনিয়া গান্ধীৰ নাম: বিজেপি
ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ অমিত মালব্যয়ো সামাজিক মাধ্যম এক্সত লিখে যে ৰাহুল গান্ধীয়ে ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ কিয় বিৰোধিতা কৰি আছে, যদি ইয়াৰ কাৰণ জানিব বিচাৰে তেন্তে ছোনিয়া গান্ধীলৈকে এই বিষয়টো লৈ যাব লাগিব । মালব্যই এটা প'ষ্টত লিখে, "ছোনিয়া গান্ধীৰ নাম ভোটাৰ তালিকাত ১৯৮০ চনত সন্নিৱিষ্ট হৈছিল, যেতিয়া তেওঁ ইটালীৰ নাগৰিক আছিল । যদিও ছোনিয়াই ভাৰতীয় নাগৰিকত্ব ১৯৮৩ চনতহে লাভ কৰিছিল, কিন্তু তেওঁৰ নাম পূৰ্বতেই ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছিল ।"
Sonia Gandhi’s tryst with India’s voters’ list is riddled with glaring violations of electoral law. This perhaps explains Rahul Gandhi’s fondness for regularising ineligible and illegal voters, and his opposition to the Special Intensive Revision (SIR).
— Amit Malviya (@amitmalviya) August 13, 2025
Her name first appeared… pic.twitter.com/upl1LM8Xhl
তেওঁ লিখে,"১৯৮০ ত ছোনিয়া গান্ধী ছফদৰজং ৰোডত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে আছিল । ভোটাৰ তালিকাত ৰাজীৱ গান্ধী, সঞ্জয় গান্ধী, মানেকা গান্ধীৰো একেই ঠিকনা আছিল । ১৯৮০ ত নতুন দিল্লীত লোকসভা সমষ্টিৰ বাবে ভোটাৰ তালিকা প্ৰকাশ পাইছিল, ১ জানুৱাৰী ১৯৮০ ত এই তালিকা আহিছিল । ক্ৰমিক নং-৩৮৮ ত ছোনিয়া গান্ধীৰ নাম প্ৰকাশ পাইছিল আৰু ভোট কেন্দ্ৰৰ নম্বৰ আছিল-১৪৫ ।"
তেওঁ পুনৰ উল্লেখ কৰে, "যেতিয়া এই বিষয়টোক লৈ হাহাকাৰ লাগিল, তেতিয়া ১৯৮২ চনত ছোনিয়া গান্ধীৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰোৱা হয় । ইয়াৰ পিছত ১৯৮৩ চনত পুনৰ তেওঁৰ নাম সন্নিৱিষ্ট কৰা হয়, কিয়নো সেই বৰ্ষতে তেওঁ ভাৰতীয় নাগৰিকত্ব লাভ কৰিছিল ।"

