ETV Bharat / bharat

স্বয়ং ভাতৃয়েই সোনমৰ ফাঁচী হোৱাটো বিচাৰিছে

বুধবাৰে ৰাজা ৰঘুবংশীৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰা গোবিন্দই কয় যে তেওঁৰ ভগ্নীয়ে হত্যাকাণ্ড সংঘটিত কৰা বুলি তেওঁ এশ শতাংশ নিশ্চিত ।

RAJA RAGHUVANSHI MURDER CASE
ৰাজাৰ মাতৃ উমা ৰঘুবংশী (ANI Photo)
author img

By ANI

Published : June 11, 2025 at 7:31 PM IST

3 Min Read
Choose ETV Bharat

ইন্দোৰ: ৰাজা ৰঘুবংশীৰ ৰহস্যজনক মৃত্যুৰ সকলো কথা জলজল-পটপটকৈ স্পষ্ট হৈ পৰিছে ৷ দোষ স্বীকাৰ কৰিছে ৰাজাৰ হত্যাত জড়িত মুখ্য অভিযুক্ত সোনম ৰঘুবংশীকে ধৰি আন তিনি অভিযুক্তই ৷ এই ঘটনাৰ সকলো কথা পোহৰলৈ অহাৰ পূৰ্বে ভাতৃয়ে সোনম দোষী সাব্যস্ত হ’লে ফাঁচী দিয়াৰ দাবী উত্থাপন কৰিছিল ৷ সেই একে দাবীকে তুলিছে ৰাজাৰ মাতৃ উমা ৰঘুবংশীয়ে ৷

ৰাজা ৰঘুবংশীৰ মাতৃ উমা ৰঘুবংশীয়ে বুধবাৰে কয় যে সোনমৰ ভাতৃয়ে তেওঁক কৈছিল যে তেওঁৰ ভগ্নীক ফাঁচী দিব লাগে ।

সোনমৰ ভাতৃ গোবিন্দক সাক্ষাৎ কৰাৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাজা ৰঘুবংশীৰ মাতৃয়ে এনেদৰে কয়- ‘‘গোবিন্দই মোক কৈছিল যে সোনমক ফাঁচী দিব লাগে । তেওঁ সোনমৰ সলনি ৰাজাৰ বাবেহে দুখ কৰিছে…গোবিন্দৰ কোনো দোষ নাই ।’’

‘‘মই গোবিন্দক সুধিছিলো যে তেওঁ সোনমক লগ পাইছে নেকি ? তেওঁ কৈছিল যে তেওঁ তাইক তিনি মিনিটৰ বাবে লগ পাইছিল । মই তেওঁক সুধিছিলো যে তেওঁ সোনমক কিয় প্ৰহাৰ নকৰিলে ? তেওঁ কৈছিল যে সংবাদ মাধ্যম আৰু আৰক্ষী উপস্থিত থকাৰ বাবে তেওঁ সুযোগ নাপালে… ৷’’ ৰাজাৰ মাতৃ উমাই লগতে কয় ৷

ইয়াৰোপৰি ৰাজা ৰঘুবংশীৰ ভাতৃ বিপিন ৰঘুবংশীয়ে কয়- "গোবিন্দ (সোনম ৰঘুবংশীৰ ভাতৃ) মোৰ সৈতে যোগাযোগত আছিল । তেওঁ মোক কৈছিল যে তেওঁ মোৰ ঘৰলৈ আহিব আৰু তেওঁ স্বীকাৰ কৰিব বিচাৰে যে তেওঁৰ ভনীয়েকে ভুল কৰিছিল । তেওঁ ক'ব বিচাৰিছিল যে তেওঁৰ ভনীয়েকক কৰা ভুলৰ বাবে ফাঁচী দিয়া উচিত… ৷"

বুধবাৰে ৰাজা ৰঘুবংশীৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰা গোবিন্দই কয় যে তেওঁৰ ভগ্নীয়ে হত্যাকাণ্ড সংঘটিত কৰা বুলি তেওঁ এশ শতাংশ নিশ্চিত ।

গোবিন্দই কয়- ‘‘এতিয়ালৈকে পোৱা প্ৰমাণ অনুসৰি মই ১০০% নিশ্চিত যে তাই এই হত্যাকাণ্ড সংঘটিত কৰিছে । এই গোচৰৰ আটাইকেইজন অভিযুক্ত ৰাজ কুশৱাহাৰ সম্পৰ্কীয় লোক । আমি সোনম ৰঘুবংশীৰ সৈতে থকা সকলো সম্পৰ্ক ত্যাগ কৰিছো ৷ তদুপৰি ৰাজাৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছো ।’’

শেহতীয়াকৈ বিবাহপাশত আবদ্ধ হৈ মেঘালয়লৈ হনিমুনলৈ যোৱা ৰাজা ৰঘুবংশীক হত্যা কৰাৰ অভিযোগত আকাশ ৰাজপুত, বিশাল সিং চৌহান, ৰাজ সিং কুশৱাহা আৰু আনন্দকে ধৰি আন চাৰিজন লোকৰ সৈতে ৰাজাৰ পত্নী সোনম ৰঘুবংশীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

যোৱা ২ জুনত মেঘালয়ৰ চেৰাপুঞ্জীৰ সমীপৰ ছোহৰাৰ গৰ্জত উদ্ধাৰ হৈছিল ৰাজাৰ মৃতদেহ । তাৰ পিছত বাৰাণসী-গাজীপুৰ সংযোগী মূলপথৰ এখন ধাবাৰ সমীপত সোনম ৰঘুবংশীক মুমুৰ্ষ অৱস্থাত পোৱা গৈছিল ৷

উত্তৰ-পূবৰ মেঘে আৱৰা ৰাজ্য মেঘালয়ত হনিমুন কৰিবলৈ আহি নিৰুদ্দেশ হৈছিল ৰাজা ৰঘুবংশী আৰু পত্নী সোনম ৷ দুয়োজন মধ্যপ্ৰদেশৰ ইন্দোৰৰ বাসিন্দা । পিছত মেঘালয়ত উদ্ধাৰ হয় ৰাজা ৰঘুবংশীৰ মৃতদেহ ।

লগতে পঢ়ক: কেনেদৰে হত্যা কৰিছিল ৰাজাক ? পত্নী-সহায়কাৰীৰ সৈতে অপৰাধৰ পুনৰ দৃশ্যায়ন কৰিব আৰক্ষীয়ে - OPERATION HONEYMOON