ETV Bharat / bharat

গুৱাহাটী অভিমুখে সোনম ৰঘুবংশী, অচিৰে পোহৰলৈ আহিব কাহিনীৰ আঁৰৰ কাহিনী - RAJA RAGHUVANSHI MURDER CASE

ভগ্নী দোষী সাব্যস্ত হ’লে ফাঁচীকাঠত ওলোমাবলৈ দাবী ভাতৃ গোবিন্দৰ ৷

RAJA RAGHUVANSHI MURDER CASE
গাজীপুৰৰ ৱান ষ্টপ চেণ্টাৰৰ এক দৃশ্য (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 10, 2025 at 12:10 PM IST

3 Min Read

গাজীপুৰ: ইন্দোৰৰ পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ ৰহস্যজনক মৃৃত্যুৰ গোচৰত অভিযুক্ত পত্নী সোনম ৰঘুবংশী সম্প্ৰতি আছে মেঘালয়ৰ শ্বিলং আৰক্ষীৰ জিম্মাত ৷ গাজীপুৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৭২ ঘণ্টাৰ বাবে শ্বিলং আৰক্ষীক গতাই দিয়ে সোনমক ।

সোনমৰ সমান্তৰালকৈ এই ঘটনাত জড়িতৰ সন্দেহত আৰক্ষীয়ে আটক কৰা আন তিনিজন লোককো ৭২ ঘণ্টাৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷

স্বাস্থ্য় পৰীক্ষা কৰোৱাৰ পূৰ্বে আৰক্ষীৰ সৈতে সোনম ৰঘুবংশী (ETV Bharat)

সোনমৰ জিম্মা লাভ কৰাৰ পিছত মেঘালয় অভিমুখে ৰাওনা হোৱা শ্বিলং আৰক্ষীয়ে সোমবাৰে গাজীপুৰৰ ৱান ষ্টপ চেণ্টাৰত উপস্থিত হৈছিল ৷ ইয়াৰ পৰাই সোনম ৰঘুবংশীক কটকটীয়া নিৰাপত্তাৰ মাজেৰে জিলা চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হয় । তাৰপিছতে ট্ৰেনজিট ৰিমাণ্ডৰ বাবে দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰা হয় ।

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ বহু চাঞ্চল্যকৰ গোপনীয়তা এতিয়াও পোহৰলৈ আহিবলৈ বাকী আছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে । অৱশ্যে আৰক্ষী আৰু চিকিৎসালয় প্ৰশাসনে এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই ।

সোমবাৰে আৰক্ষীৰ উপৰিও গাজীপুৰৰ ৱান ষ্টপ চেণ্টাৰত উপস্থিত হৈছিল সোনমৰ ভাতৃ গোবিন্দ । সংবাদ মাধ্যমে সোনমৰ ভাতৃক সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে তেওঁ বহু দূৰ যাত্ৰাৰ অন্তত তাত উপস্থিত হৈছে । সোনমে স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰিছেনে নাই, সেই সন্দৰ্ভত তেওঁ একো কথা নাজানে ৷

গোবিন্দই ভগ্নী সোনমৰ সাক্ষাৎ পাবলৈ বিচাৰে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷ লগতে কয় যে, যদিহে সোনম বুলিয়েই নহয়, আন কোনোবা দোষী হ’লেও কঠোৰ শাস্তি বিহা উচিত বুলি গোবিন্দই মন্তব্য কৰে ৷ আনকি সোনম দোষী সাব্যস্ত হ’লে তেওঁক ফাঁচীকাঠত ওলোমাব লাগে বুলিও গোবিন্দই কয় ৷

আনহাতে, সংবাদ মাধ্যমে প্ৰমাণ অবিহনে সোনমক স্বামীৰ হত্যাকাৰী বুলি দাবী কৰি অহা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সোনমৰ ভাতৃয়ে ৷ যাৰ বাবে প্ৰথমে সোনমক সাক্ষাৎ কৰি ভাতৃয়ে তেওঁৰ মুখেৰে প্ৰকৃত সত্য কি সেয়া জানিবলৈ বিচাৰে ৷

উল্লেখ্য যে, পেছাত এগৰাকী পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ সৈতে যোৱা ২১ মে’ত মেঘালয়লৈ হনিমুনলৈ গৈছিল সোনম । তাৰমাজতে গুৱাহাটীৰ কামাখ্যা দেৱীৰ মন্দিৰলৈও যায় দম্পতীটো ৷ ইয়াৰ পিছতহে তেওঁলোক শ্বিলঙলৈ যায় । যোৱা ২ জুনত উদ্ধাৰ হৈছিল ব্যৱসায়ীজনৰ মৃতদেহ । সেই সময়ছোৱাত নাছিল সোনমৰ কোনো খা-খবৰ ৷

ইতিমধ্যে ভাড়াতীয়া হত্যাকাৰীৰ হতুৱাই স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে সোনম ৰঘুবংশীৰ বিৰুদ্ধে ৷ তেতিয়াৰে পৰা নিৰুদ্দেশ হৈ থকা সোনমক সোমবাৰে উত্তৰ প্ৰদেশৰ গাজীপুৰৰ এখন ধাবাত মুমূৰ্ষ অৱস্থাত পোৱা গৈছিল ৷

শ্বিলং অভিমুখে নিয়া হৈছে সোনমক

বিহাৰ আৰক্ষীৰ সহায়ত সোনম ৰঘুবংশীৰ সৈতে মঙলবাৰে পুৱা পাটনাত উপস্থিত হয় শ্বিলং আৰক্ষী ৷ সম্প্ৰতি বক্সাৰ থানাত আছে সোনম ৷ সোনম ৰঘুবংশীক পাটনাৰ পৰা বিমানেৰে গুৱাহাটীলৈ লৈ যোৱা হ’ব । গুৱাহাটীৰ পৰা শ্বিলঙলৈ নিয়া হ’ব সোনমক ।

লগতে পঢ়ক: নিৰ্দোষী নেকি সোনম ৰঘুবংশী ? শ্বিলং আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সোনমৰ পিতৃৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.