বেংগালুৰু: কৰ্ণাটকৰ ৰাজধানী বেংগালুৰু চহৰত ভয়ংকৰ ঘটনা । এটা চিগাৰেটৰ বাবেই ভয়ংকৰ কাজিয়া । দোকানৰ পৰা চিগাৰেট আনি নিদিয়াৰ বাবেই গাড়ীৰে মহটিয়াই লৈ গ'ল ছফটৱেৰ কোম্পানীৰ দুই কৰ্মচাৰীক । এজনৰ মৃত্যু আৰু আনজন সংকটজনক অৱস্থাত চিকিৎসাধীন ।
তথ্য প্ৰযুক্তিৰ প্ৰাণকেন্দ্ৰ বেংগালুৰু । য'ত উচ্চশিক্ষিত লোকসকল সচৰাচৰ বাস কৰে । কিন্তু তেনে এখন চহৰতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা । চিগাৰেটৰ বাবে দুই পক্ষৰ মাজত প্ৰথমে কাজিয়া আৰু তাৰ পিছত এজনে গাড়ীৰে মহটিয়াই লৈ গ'ল দুই কৰ্মচাৰীক । ইতিমধ্যে অভিযুক্তক সুব্ৰমণ্যপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।
ঘটনাটো যোৱা ১০ মে'ৰ পুৱা প্ৰায় ৪ মান বজাত কনকাপুৰা পথৰ বসন্তপুৰা ক্ৰছত সংঘটিত হৈছিল । আৰক্ষীয়ে জনোৱা মতে ছফটৱেৰ কৰ্মচাৰী সঞ্জয় আৰু কাৰ্তিকে নিশাৰ শ্বিফটত ঘৰৰ পৰাই কাম কৰি আছিল । তাৰ পিছত পুৱতি নিশা তেওঁলোকে ৰাস্তাৰ দাঁতিত চাহ খাবলৈ ঘৰৰ পৰা ওলাই গৈছিল ।
সেই সময়ত একেটা ৰাস্তাৰে পত্নীৰ সৈতে গাড়ীৰে আহিছিল প্ৰতীক নামৰ এজন লোক । অভিযোগ অনুসৰি প্ৰতীকে গাড়ীৰ পৰা নমা নাছিল আৰু গাড়ীৰ পৰাই সঞ্জয়ক চিগাৰেট আনিবলৈ কৈছিল । এই কথাত ক্ষোভিত হৈ সঞ্জয় আৰু কাৰ্তিকে প্ৰতীকৰ লগত কাজিয়াত লিপ্ত হৈছিল । কাজিয়াখন বাঢ়ি যোৱাত প্ৰতীকৰ সৈতে গাড়ীত থকা পত্নী আৰু ওচৰৰ ব্যৱসায়ীসকলে কাজিয়া সমাধান কৰি তেওঁলোকক পঠিয়াই দিছিল ।
পিছত সঞ্জয় আৰু কাৰ্তিকে বাইকেৰে আগবাঢ়ি গৈছিল । সেই সময়তে প্ৰতীকে তীব্ৰবেগেৰে গাড়ীখন চলাই আহি তেওঁলোকক খুন্দা মাৰে । সমগ্ৰ দৃশ্যটো চিচি টিভি কেমেৰাত বন্দী হয় । এই ঘটনাত বাইক আৰোহী সঞ্জয় আৰু কাৰ্তিক গুৰুতৰভাৱে আহত হয় । পিছত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সঞ্জয়ৰ মৃত্যু হয় । গুৰুতৰভাৱে আহত কাৰ্তিক চিকিৎসাধীন হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । প্ৰথম অৱস্থাত এয়া দুৰ্ঘটনা বুলি সন্দেহ কৰা হৈছিল যদিও চিচি টিভি ফুটেজ পৰীক্ষা কৰাৰ সময়ত ঘটনাৰ ৰহস্য পোহৰলৈ আহে ।
ঘটনা সন্দৰ্ভত উপ-আৰক্ষী আয়ুক্ত লোকেশ বি জাগলাছাৰে কয়, "১০ মে'ৰ পুৱা প্ৰায় ৪ বজাত সুব্ৰমণ্য থানাৰ অন্তৰ্গত কনকাপুৰাত দুজন যুৱকে চাহ খাই থিয় হৈ থকা অৱস্থাত গাড়ীত থকা এজন ব্যক্তি আহি গাড়ীখন কাষতে ৰখাই চিগাৰেট এটা আনিবলৈ ক'লে । যেতিয়া তেওঁলোকে নাকচ কৰিলে, তেতিয়া তেওঁলোকৰ মাজত তৰ্ক-বিতৰ্ক আৰম্ভ হয় । পিছত যেতিয়া যুৱককেইজনে চাহ খাই শেষ কৰি নিজৰ বাইকেৰে গৈ আছিল তেতিয়া চিগাৰেট বিচৰা মানুহজনে পিছফালৰ পৰা গাড়ীৰে বাইকখনত খুন্দা মাৰে । ফলত বাইকত থকা সঞ্জয় গুৰুতৰভাৱে আহত হয় আৰু অচেতন অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিছুদিন পিছতে তেওঁৰ মৃত্যু হয় । এই সন্দৰ্ভত সুব্ৰমণ্য থানাত গোচৰ ৰুজু কৰা হৈছে । গাড়ী চালকজনক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হৈছে । সেই সময়ত তেওঁৰ পত্নীও লগত আছিল । এই কাণ্ডত তেওঁৰ ভূমিকা চিচি টিভিত পৰীক্ষা কৰা হ'ব ।"