বৃহৎ পৰিমাণৰ নগদ ধনসহ 288 কোটি টকাৰ সামগ্ৰী জব্দ কৰ্ণাটকত - Lok sabha Election 2024
Election irregularities: 2024 চনৰ লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে দেশত বলৱৎ হৈছে নিৰ্বাচনী আচৰণ বিধি । এই সময়ছোৱাত কৰ্ণাটকত নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ বহু ঘটনা পোহৰলৈ আহিছে । ইয়াৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ আৰক্ষী-প্ৰশাসন । বিভিন্ন স্থানত চলা অভিযানত জব্দ বৃহৎ পৰিমাণৰ নগদ ধনৰ লগতে অন্যান্য সামগ্ৰী ৷

Published : April 9, 2024 at 11:43 AM IST
নেশ্যনেল ডেস্ক, 9 এপ্ৰিল: সাধাৰণ নিৰ্বাচনৰ প্ৰাকক্ষণত কৰ্ণাটকত টকাৰ উজান । কৰ্ণাটকত স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যখনত কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন । আৰক্ষী প্ৰশাসনে সকলো সন্দেহজনক কাৰ্যকলাপৰ ওপৰত চকু ৰাখিছে । এই সময়ছোৱাত ৰাজ্যত নিৰ্বাচনী অনিয়মৰ বহু ঘটনা পোহৰলৈ আহিছে । এইবোৰৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ।
সোমবাৰে নিৰ্বাচনী অনিয়ম নিৰীক্ষণ কৰি থকা বিভিন্ন তদন্তকাৰী দলে বেংগালুৰুত জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ নগদ ধন ৷ নিৰ্বাচন সম্বন্ধীয় অনিয়ম নিৰীক্ষণ কৰা বিভিন্ন তদন্তকাৰী দলে সোমবাৰে মুঠ 2.68 কোটি টকা নগদ ধন, 7.06 কোটি টকাৰ তিনি কেজি সোণৰ গহনা, 68 কেজি ৰূপ আৰু 103 কেজি পুৰণি ৰূপ জব্দ কৰে ।
লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাচত আচৰণ বিধি কাৰ্যকৰী হোৱাৰ পিছত এতিয়ালৈকে নগদ 44.09 কোটি টকাকে ধৰি 288 কোটি টকাৰ সামগ্ৰী জব্দ কৰা হৈছে । ইয়াৰ ভিতৰত আছে 134 কোটি টকাৰ 1.39 কোটি লিটাৰ সুৰা, 9.54 কোটি টকাৰ 339 কেজি ড্ৰাগছ, 10.56 কোটি টকাৰ 19 কেজি সোণ আৰু 69.23 লাখ টকাৰ 230 কেজি ৰূপ ।
শেহতীয়াকৈ বেলাৰী লোকসভা সমষ্টিত 3 কেজি সোণ, 68 কেজি ৰূপ, 103 কেজি পুৰণি ৰূপ, 5.60 লাখ নগদ ধনৰ লগতে মুঠ 7.06 কোটি টকাৰ নগদ ধন জব্দ কৰা হৈছে । তদন্তকাৰী দলে জনোৱা মতে, বেংগালুৰু উত্তৰ সমষ্টিত 10 লাখ টকা মূল্যৰ 1411 টা ফেনৰ সামগ্ৰী জব্দ কৰাৰ লগতে বেংগালুৰু কেন্দ্ৰীয় সমষ্টিত নগদ 2.62 কোটি নগদ ধন জব্দ কৰা হৈছে ।
লগতে পঢ়ক: সোণাৰিত এটা ঘৰত ওলাইছে গণি গণি শেষ কৰিব নোৱৰা টকা

