ETV Bharat / bharat

সাপৰ ত্ৰাস: বন্ধ হৈ পৰিল বিদ্যালয়ত পাঠদান - Snake Rescue in School

Katihar Snake Rescue: এডালৰ পাচত এডালকৈ ওলাইছে কেৱল বিষাক্ত সাপৰ পোৱালি ৷ সাপৰ বাবেই বন্ধ হৈ পৰিল বিহাৰৰ কাটিহাৰৰ এখন চৰকাৰী বিদ্যালয় ৷ আতংকিত কণ কণ শিক্ষাৰ্থীৰ লগতে শিক্ষক ৷ 16 জুলাইলৈকে বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত ।

snake-in-school-dozens-of-snakes-coming-out-every-day-in-a-school-in-katihar
সাপৰ ত্ৰাস: বন্ধ হৈ পৰিল বিদ্যালয়ৰ পাঠদান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 13, 2024 at 10:13 PM IST

|

Updated : July 13, 2024 at 10:56 PM IST

4 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, 13 জুলাই: বিহাৰৰ এখন বিদ্যালয়ত সাপৰ আতংক ৷ তিনিদিনৰ ভিতৰতে বিহাৰৰ কাটিহাৰৰ এখন চৰকাৰী বিদ্যালয়ত উদ্ধাৰ হ’ল 40 ডালতকৈও অধিক বিষাক্ত সাপ । সাপ দেখি ভয়ত বিতত হৈ পৰে শিক্ষক-শিক্ষয়িত্ৰী । জানিব পৰা মতে, বিদ্যালয়খনত আশ্ৰয় লোৱা সাপবোৰ বহু কষ্ট স্বীকাৰ কৰি উদ্ধাৰ কৰিলে বিদ্যালয়ৰ শিক্ষক ৰাজু কুমাৰে ।

বিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে, এই সকলোবোৰ বিষাক্ত প্ৰজাতিৰ সাপ । বৰষুণৰ বাবে বিদ্যালয়খনৰ চাৰিওদিশত পানী জমা হোৱাত সাপ বিদ্যালয়খনত প্ৰৱেশ কৰে । বৃহৎসংখ্যক পোৱালি সাপ প্ৰত্যক্ষ কৰি সমীপতে বৃহৎ সাপো থকাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকে ।

সাপৰ ত্ৰাস: বন্ধ হৈ পৰিল বিদ্যালয়ত পাঠদান (ETV Bharat)

এই সমগ্ৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে প্ৰাথমিক বিদ্যালয় মনোহৰীত, য’ত বৃহস্পতিবাৰে বিদ্যালয় খোলাৰ লগে লগে শ্ৰেণীকোঠাত সাপৰ পোৱালি দেখা গৈছিল । শিক্ষকসকলে সাপ লক্ষ্য কৰি জিলা শিক্ষা বিষয়া অমিত কুমাৰক এই বিষয়ে অৱগত কৰে । লগে লগে তেওঁ এখন সভা আহ্বান কৰি বিদ্যালয়খন বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে । 16 জুলাইলৈকে বিদ্যালয়খন বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

snake-in-school-dozens-of-snakes-coming-out-every-day-in-a-school-in-katihar
সাপৰ ত্ৰাস (ETV Bharat)

স্থানীয় লোকে এই সন্দৰ্ভত কয়, “বিদ্যালয়খন চাৰিওদিশৰ পৰা বৰষুণৰ পানীয়ে আগুৰি আছে । ওচৰতে গছ-গছনিও আছে । ইয়াৰ বাবেই স্কুলৰ ভিতৰলৈ সাপ আহে । এনে অৱস্থাত সাপে ল’ৰা-ছোৱালীক খুটিব পাৰে বুলি ভয় লাগে ।"

সকলো সাপ ফেঁটী সাপ প্ৰজাতিৰ বুলি জানিব পৰা গৈছে । ই ইমানেই বিষাক্ত সাপ যে এবাৰ খুটিলে লগে লগে চিকিৎসালয়লৈ লৈ নগ’লে ইয়াৰ বিষ সৰ্বশৰীৰত বিয়পিবলৈ বেছি সময় নালাগে ।

বিভিন্ন লোকে কয় যে ফেঁটীসাপৰ পোৱালিৰ বিষ ডাঙৰ সাপতকৈ বেছি, কাৰণ হ’ল ডাঙৰ সাপত বিষৰ পৰিমাণ নিশ্চিত কৰাৰ ক্ষমতা থাকে । অৰ্থাৎ জীৱটোক কিমান দকৈ কামুৰিছে আৰু ইয়াক হত্যা কৰিবলৈ কিমান বিষৰ প্ৰয়োজন সেই সকলোবোৰ বিষগ্ৰন্থিৰ দ্বাৰা নিয়ন্ত্ৰিত হয় । কিন্তু পোৱালি ফেঁটীসাপে একেলগে অধিক বিষ দিয়ে । সেয়েহে ইহঁতৰ কামোৰ আৰু অধিক বিপজ্জনক ।

বিদ্যালয়ৰ দেৱালৰ ফাঁক বন্ধ কৰাৰ নিৰ্দেশ

সভাত জিলা শিক্ষা বিষয়াই বিদ্যালয়লৈ যাতে সাপ সোমাই আহিব নোৱাৰে তাৰ বাবে সমগ্ৰ বিদ্যালয় চৌহদত কীটনাশক দ্ৰব্য ছটিয়াই বিদ্যালয়ৰ দেৱালৰ ফাঁট নাইকিয়া কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷ সমগ্ৰ দেৱাল প্লাষ্টাৰ কৰি দিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

সাপ দেখা পালে কি কৰিব

কোনো কাৰণতে সাপ হত্যা কৰাটো উচিত নহয় । অপ্ৰশিক্ষিত হৈ কেতিয়াও নিজে সাপ ধৰিব নালাগে । ইয়াৰ বাবে সাপ ধৰা লোকৰ সহায় লওক । অথবা বন বিভাগক ফোন কৰক । বিদ্যালয়ৰ কথা কিছু সুকীয়া । কিন্তু এনে ভুল কোনো কাৰণেই পুনৰাবৃত্তি কৰা উচিত নহয় । ফেঁটীসাপ পৰিৱেশ অনুকূল আৰু বন্যপ্ৰাণী সুৰক্ষা আইন 1972 ৰ দ্বাৰা সুৰক্ষিত । অৰ্থাৎ এই সাপ হত্যা বা ক্ষতি কৰাৰ বাবে শাস্তি দিয়াৰ ব্যৱস্থা আছে ।

সাপে খুটিলে কি কৰিব

সাপে খুটিলে জৰা-ফুকাৰ পৰিৱৰ্তে সমীপৰ চিকিৎসালয়লৈ যাওক । লগতে কেনেধৰণৰ সাপে কামুৰিছে সেইটোও নিশ্চিতভাৱে জানি লওক । যিকোনো ধৰণৰ সাপে খুটিলে এঘণ্টাৰ ভিতৰত চিকিৎসালয়ত উপস্থিত হ’লে জীৱন ৰক্ষা কৰা সম্ভৱ ।

লগতে পঢ়ক: অন কেমেৰা সৰ্প দংশনত গোলাঘাটৰ ব্যক্তিৰ মৃত্যু - MAN DIES FROM SNAKE BITE

চিচি টিভি কেমেৰাত বন্দী মহিলাক সৰ্পদংশন কৰাৰ দৃশ্য - GOLAGHAT SNAKEBITE CASE

বৰ্ধিত সৰ্পদংশনৰ ঘটনা : ভয় নে সজাগতাৰ অভাৱ ? সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে কি কয় ? - INTERVIEW WITH SAURAV BORKATAKI

বাথৰূমৰ পৰা ওলাল ৩০ টাতকৈও অধিক সাপৰ পোৱালি : খাৱন-শোৱন নাই ঘৰখনত - Snake cub rescue

Last Updated : July 13, 2024 at 10:56 PM IST