ETV Bharat / bharat

এইকেইটাই সেইকেইটা দানৱ: পহলগামৰ নৰসংহাৰত জড়িত সন্ত্ৰাসবাদীৰ স্কেচ্চ ৰাজহুৱা

ভয়ংকৰ আক্ৰমণটোত চাৰিটা উগ্ৰপন্থী জড়িত থকা বুলি অনুমান কৰা হৈছে । ইয়াৰে দুজন পাকিস্তানী নাগৰিক আৰু বাকী দুজনক স্থানীয় নিযুক্তিপ্ৰাপ্ত বুলি চিনাক্ত কৰা হৈছে ।

PAHALGAM TERROR ATTACK
পহলগামৰ নৰসংহাৰত জড়িতৰ স্কেচ্চ ((Special Arrangement/ETV Bharat))
author img

By ETV Bharat Assamese Team

Published : April 23, 2025 at 5:30 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱাইছে ২৬ জনকৈ নিৰীহ পৰ্যটকে ৷ পৰ্যটকৰ মৃত্যুৰ পিছত বুধবাৰে নিৰাপত্তা সংস্থাই এই নিৰ্মম আক্ৰমণৰ সৈতে জড়িত তিনিটাকৈ সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ স্কেচ্চ প্ৰকাশ কৰিছে ৷

সূত্ৰ অনুসৰি এই স্কেচ্চবোৰ নিৰাপত্তা সংস্থাৰ সন্মুখত প্ৰত্যক্ষদৰ্শীয়ে কৰা বৰ্ণনা অনুসৰি অংকন কৰা হৈছে । সূত্ৰই জনোৱা মতে, জম্মু আৰু কাশ্মীৰৰ সকলো থানাতে এই স্কেচ্চ প্ৰচাৰ কৰা হৈছে । ছ’চিয়েল মিডিয়াতো এই স্কেচ্চ প্ৰকাশ কৰা হৈছে ।

প্ৰাথমিক তথ্য অনুসৰি সন্দেহযুক্ত লোককেইজনক আছিফ ফৌজী, চুলেমান শ্বাহ আৰু আবু তালহা বুলি চিনাক্ত কৰা হৈছে । আটাইকেইজনেই লস্কৰ-ই-তৈবা (LeT) আৰু ইয়াৰ সহযোগী সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট (TRF)ৰ সৈতে জড়িত ৷

শীৰ্ষ নিৰাপত্তা বাহিনীৰ মতে, আক্ৰমণকাৰীসকলে এ কে ৪৭ ৰাইফলেৰে সজ্জিত হৈ প্ৰায় ২০ মিনিট ধৰি পৰ্যটকক উদ্দেশ্যি গুলীচালনা কৰিছিল ৷

প্ৰাথমিক তদন্তত জড়িত এজন বিষয়াই কয়, "এয়া বিশৃংখলতা আছিল । বন্দুকৰ গুলী বন্ধ নহ'ল । সাধাৰণ লোকে চিঞৰিছিল, আশ্ৰয় বিচাৰি দৌৰিছিল ৷ সকলোপিনে তেজ আছিল, আতংক আছিল ।"

নিৰাপত্তা বাহিনীয়ে দাবী কৰা অনুসৰি, এই আক্ৰমণত তিনিৰ পৰা চাৰিজন সন্ত্ৰাসবাদী জড়িত আছিল । ইয়াৰে দুজনক পাকিস্তানী নাগৰিক আৰু বাকীসকলক স্থানীয় নিযুক্তিপ্ৰাপ্ত লোক বুলি চিনাক্ত কৰা হৈছে ।

পৰ্যটন চহৰ পহলগামৰ চাৰিওদিশে আৱৰি থকা প্ৰাকৃতিক সৌন্দৰ্যৰাজিৰ মাজতে চলিছিল এই মৃত্যুৰ বিভীষিকা, যিখিনি অঞ্চলক "মিনি ছুইজাৰলেণ্ড" বুলি অভিহিত কৰা হয় । বসন্তই উপত্যকাটোত পোহাৰ মেলাৰ লগে লগে সৌন্দৰ্যপিপাসু পৰ্যটকসকলে ভিৰ কৰিছিলহি অঞ্চলটোত । কিন্তু সন্ত্ৰাসবাদীয়ে মুহূৰ্ততে অঞ্চলটোক মৃত্যু উপত্যকাত পৰিণত কৰে ৷

সম্প্ৰতি নিৰাপত্তা বিষয়াসকলে স্থানীয় লোকসকলক সন্ত্ৰাসবাদী সম্পৰ্কীয় যিকোনো তথ্য মজুত থাকিলে তেওঁলোকক অৱগত কৰিবলৈ আহ্বান জনাইছে ৷ ইতিহাসৰ অন্যতম শীতল মস্তিস্কৰে কৰা সন্ত্ৰাসবাদী আক্ৰমণটো ৰোধ কৰিবলৈ জনসাধাৰণৰ সহযোগিতা বিচাৰিছে নিৰাপত্তা বাহিনীয়ে ৷

এজন শীৰ্ষ আৰক্ষী বিষয়াই কয়, "এয়া কেৱল নিৰীহৰ জীৱনৰ ওপৰত নহয়, কাশ্মীৰলৈ শান্তি ঘূৰি অহাৰ ধাৰণাটোৰ ওপৰত আক্ৰমণ কৰা হৈছিল । এইটো কাশ্মীৰৰ ইতিহাসৰ অন্যতম মাৰাত্মক সন্ত্ৰাসবাদী আক্ৰমণ ।"

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত এখন জৰুৰী নিৰাপত্তা পৰ্যালোচনা বৈঠকত বুধবাৰে শ্ৰীনগৰৰ পুলিচ কণ্ট্ৰল ৰূমত ভুক্তভোগীক শ্ৰদ্ধাঞ্জলি জনোৱা হয় । শ্বাহে পৰিয়ালকেইটালৈ সমবেদনা জ্ঞাপন কৰি এই হিংসাৰ আঁৰত থকাসকলক উচিত শাস্তি প্ৰদানৰ আশ্বাস দিয়ে । তাৰ পিছতে পৰিস্থিতিৰ বুজ ল’বলৈ তেওঁ বৈছাৰণলৈ উৰা মাৰে ।

এই ঘটনাৰ পিছতে সমগ্ৰ কাশ্মীৰ উপত্যকাত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ অনন্তনাগ আৰু ইয়াৰ কাষৰীয়া জিলাসমূহত তালাচী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে । সন্ত্ৰাসবাদীৰ সন্ধানত ড্ৰ’ন, হেলিকপ্টাৰ, স্নিফাৰ ডগ, অতিৰিক্ত সৈন্য নিয়োগ কৰা হৈছে ।

সূত্ৰই ই টিভি ভাৰতক জনোৱা মতে, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (নিয়া) ৰ এটা দলে বৰ্তমান ঘটনাস্থলী পৰিদৰ্শন কৰি ব্যাপক তদন্ত আৰম্ভ কৰিছে ।

শ্ৰীনগৰত মৃতকক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত অমিত শ্বাহে কয়, "গধুৰ হৃদয়েৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ মৃতকক শেষ শ্ৰদ্ধাঞ্জলি জনালো । ভাৰতে সন্ত্ৰাসৰ আগত শিৰ নত নকৰে ৷ এই বিভৎস সন্ত্ৰাসবাদী আক্ৰমণৰ দোষীক ৰেহাই দিয়া নহ’ব ।"

নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ধিয়া ৬ বজাত দক্ষিণ ব্লকত নিৰাপত্তা সম্পৰ্কীয় বৈঠকত নিৰাপত্তা পৰিস্থিতি আৰু পহলগাম আক্ৰমণৰ পিছত ভাৰত চৰকাৰৰ ভৱিষ্যতৰ কাৰ্যপন্থা পৰ্যালোচনা কৰিব ।

চি চি এছৰ আন সদস্যসকলৰ ভিতৰত আছে- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ । চি চি এছৰ বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, কেবিনেট সচিব টি ভি সোমনাথন, প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙেও অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক: পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ: ভাৰতৰ সুস্থিৰতাৰ প্ৰতি বৰ্ধিত ভাবুকিৰ এক ভয়ংকৰ সতৰ্কবাণী