ETV Bharat / bharat

জম্মু, পুঞ্চত স্বাভাৱিক পৰিস্থিতি, শান্তিপূৰ্ণভাৱে পাৰ হ’ল নিশা

মাজনিশা জম্মু আৰু পুঞ্চ অঞ্চলত কোনো ধৰণৰ ড্ৰোণ, গুলীচালনা আৰু গোলাবৰ্ষণৰ খবৰ পোৱা নগ’ল ।

No Shelling Or Firing Reported Overnight
প্ৰতিনিধিত্বমূলক ফটো (ANI)
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 11:24 AM IST

3 Min Read
Choose ETV Bharat

জম্মু: ভাৰত-পাকিস্তানে যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছত দেওবাৰে জম্মু চহৰৰ পৰিস্থিতি স্বাভাৱিক হৈ পৰা দেখা গৈছে । দেওবাৰে মাজনিশা চহৰখনত কোনো ড্ৰোণ, গুলীচালনা আৰু গোলাবৰ্ষণৰ দৰে কাৰ্য সংঘটিত হোৱাৰ খবৰ পোৱা নগ’ল ।

এ এন আইৰ খবৰ অনুসৰি, নিশা কোনো ড্ৰোণ, গুলীচালনা, গোলাবৰ্ষণৰ খবৰ লাভ নকৰাৰ বিপৰীতে পুঞ্চ অঞ্চলতো স্বাভাৱিক হৈ পৰিছিল পৰিস্থিতি ।

তাৰ মাজতে অমৃতসৰৰ জিলা উপায়ুক্তই ৰেড এলাৰ্ট জাৰি কৰি বাসিন্দাসকলক ঘৰৰ ভিতৰত আৰু খিৰিকীৰ পৰা আঁতৰত থাকিবলৈ জনাই আহ্বান । দেওবাৰে জাৰি কৰা এক বিবৃতিত জিলা আয়ুক্তগৰাকীয়ে কয় ‘‘আমি আপোনালোকৰ সুবিধাৰ্থে বিদ্যুৎ যোগান পুনৰ যোগান ধৰিছো, কিন্তু আমি এতিয়াও ৰেড এলাৰ্টত আছো ।’’

‘‘এতিয়া চাইৰেণ বাজিব, এয়া ৰেড এলাৰ্টৰ ইংগিত । অনুগ্ৰহ কৰি আপোনালোক ঘৰৰ পৰা ওলাই নাযাব, ঘৰৰ ভিতৰত আৰু খিৰিকীৰ পৰা আঁতৰত থাকক । গ্ৰীণ চিগনেল পালে আমি আপোনালোকক অৱগত কৰিম । অনুগ্ৰহ কৰি নিয়ম মানি চলাটো নিশ্চিত কৰক আৰু আতংকিত নহ’ব" বুলি আয়ুক্তগৰাকীয়ে লগতে কয় ৷

ইয়াৰ পূৰ্বে পুৱা ৪.৩৯ বজাত জিলা আয়ুক্তই বাসিন্দাসকলক লাইট বন্ধ কৰি ৰাখিবলৈ আৰু খিৰিকী, পথ, বেলকনি বা টেৰেচৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈও পৰামৰ্শ দিছিল ।

ভাৰতে শনিবাৰে কয় যে পাকিস্তানে দুয়োখন দেশৰ ডি জি এম অ’ৰ মাজত গুলীচালনা বন্ধ আৰু সামৰিক কাৰ্যকলাপৰ সন্দৰ্ভত দিনটোৰ পূৰ্বে হোৱা বুজাবুজি উলংঘা কৰিছে আৰু ভাৰতীয় সেনাই প্ৰতিশোধ লৈ সীমান্তত অনুপ্ৰৱেশৰ সৈতে যুঁজ দি আছে ।

শনিবাৰে নিশা এক বিশেষ সংবাদমেল সম্বোধন কৰি বৈদেশিক সচিব বিক্রম মিশ্ৰীয়ে কয় ‘‘এয়া বুজাবুজি ভংগ আৰু ভাৰতে এই উলংঘাসমূহ অতি গুৰুত্ব সহকাৰে লৈছে ৷ ভাৰতে পাকিস্তানক এই উলংঘাসমূহৰ সমাধানৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰু পৰিস্থিতিৰ সৈতে গুৰুত্ব সহকাৰে আৰু দায়িত্বশীলতাৰে মোকাবিলা কৰিবলৈ আহ্বান জনায় ।”

মিশ্ৰীয়ে লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লগতে নিয়ন্ত্ৰণ ৰেখাত সীমান্তৰেখা উলংঘাৰ পুনৰাবৃত্তিৰ যিকোনো কাণ্ডত ভাৰতৰ সশস্ত্ৰ বাহিনীক কঠোৰভাৱে মোকাবিলা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

মিশ্ৰীয়ে কয়, "বিগত কেইঘণ্টামানৰ পৰা আজি সন্ধিয়া ভাৰত আৰু পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানৰ মাজত হোৱা বুজাবুজিৰ বাৰে বাৰে উলংঘা কৰা হৈ আহিছে । আজিৰ পূৰ্বে হোৱা বুজাবুজিৰ ভংগ হৈছে এইটো ।’’

তেওঁ লগতে কয় ‘‘আমি পাকিস্তানক এই উলংঘাৰ সৈতে মোকাবিলা কৰাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰু পৰিস্থিতিৰ সৈতে গুৰুত্ব সহকাৰে আৰু দায়িত্বশীলতাৰে মোকাবিলা কৰিবলৈ আহ্বান জনাইছো । সশস্ত্ৰ বাহিনীয়ে পৰিস্থিতিৰ ওপৰত কঠোৰ সতৰ্কতা অক্ষুণ্ণ ৰাখিছে ।’’

লগতে পঢ়ক: “উচিত পদক্ষেপ” গ্ৰহণ কৰি পৰিস্থিতিৰ সৈতে “গুৰুতৰ আৰু দায়িত্বশীলতাৰে” মোকাবিলা কৰিবলৈ পাকিস্তানক আহ্বান ভাৰতৰ