ETV Bharat / bharat

আয়কৰ বিধেয়ক প্ৰত্যাহাৰ সীতাৰমণৰ; ১১ আগষ্টত সংসদত উত্থাপন হ’ব নতুন বিধেয়ক

আয়কৰ বিধেয়কখনৰ এক নতুন সংস্কৰণ উত্থাপন কৰা হ’ব । তাত বৈজয়ন্ত পাণ্ডাৰ অধ্যক্ষতাত গঠিত ছিলেক্ট কমিটীৰ পৰামৰ্শসমূহ অন্তৰ্ভুক্ত কৰা হ’ব ।

Finance Minister Nirmala Sitharaman
সংসদৰ বৰ্ষাকালীন অধিবেশনত লোকসভাত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ (PTI)
author img

By ETV Bharat Assamese Team

Published : August 8, 2025 at 8:31 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে লোকসভাত দাখিল কৰা আয়কৰ বিধেয়ক, ২০২৫ প্ৰত্যাহাৰ কৰে । আনহাতে, ছিলেক্ট কমিটীয়ে পৰামৰ্শ দিয়া পৰিৱৰ্তনসমূহ অন্তৰ্ভুক্ত কৰাৰ পিছত চৰকাৰে আইনখনৰ নতুন সংস্কৰণ পুনৰ উত্থাপন কৰিব ।

১১ আগষ্টত আয়কৰ বিধেয়কৰ নতুন সংস্কৰণ লোকসভাত উত্থাপন কৰা হ’ব । সূত্ৰ অনুসৰি, আয়কৰ বিধেয়কৰ সংশোধিত সংস্কৰণত ছিলেক্ট কমিটীৰ অধিকাংশ পৰামৰ্শ সন্নিবিষ্ট কৰা হ’ব ।

সূত্ৰই জনোৱা মতে, "বিধেয়কখনৰ একাধিক সংস্কৰণৰ পৰা হ'ব পৰা বিভ্ৰান্তিৰ পৰা হাত সাৰিবলৈ আৰু সকলো পৰিৱৰ্তন অন্তৰ্ভুক্ত কৰি স্পষ্ট আৰু সংশোধিত সংস্কৰণ প্ৰদান কৰিবলৈ আয়কৰ বিধেয়কৰ নতুন সংস্কৰণ সোমবাৰে সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰা হ’ব ।"

উল্লেখ্য যে ১৩ ফেব্ৰুৱাৰীত লোকসভাত উত্থাপন কৰা আয়কৰ বিধেয়কখনৰ ক্ষেত্ৰত কেইবাটাও পৰিৱৰ্তনৰ পৰামৰ্শ দিছিল বৈজয়ন্ত পাণ্ডাৰ অধ্যক্ষতাত গঠিত ছিলেক্ট কমিটীখনে । নিম্ন সদনত উত্থাপন হোৱাৰ কিছু সময়ৰ পিছতে ছয় দশক পুৰণি ১৯৬১ চনৰ আয়কৰ আইনখনৰ স্থান দখল কৰিবলগীয়া এই বিধেয়কখন নিৰীক্ষণৰ বাবে ছিলেক্ট কমিটীলৈ প্ৰেৰণ কৰা হয় ।

৩১ জনীয়া ছিলেক্ট সমিতিয়ে বিধেয়কখন সন্দৰ্ভত কিছু পৰামৰ্শ আগবঢ়াইছিল । তেওঁলোকে নতুন আইনখনত ধৰ্মীয়সহ দাতব্য ট্ৰাষ্টলৈ দিয়া বেনামী অনুদানৰ ওপৰত কৰ ৰেহাই অব্যাহত ৰখাৰ পক্ষপাতী আছিল । ইয়াৰ উপৰি কৰদাতাসকলক কোনো ধৰণৰ শাস্তিমূলক জৰিমনা নিদিয়াকৈ আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ নিৰ্ধাৰিত তাৰিখৰ পিছতো টি ডি এছ ৰিফাণ্ড দাবী কৰিবলৈ অনুমতি দিয়াৰ পৰামৰ্শ দিছিল ।

নতুন বিধেয়কখনত চৰকাৰে বিশুদ্ধ ধৰ্মীয় ট্ৰাষ্টে লাভ কৰা বেনামী অনুদানৰ ওপৰত কৰ আৰোপ কৰাৰ পৰা অনা লাভজনক সংস্থাসমূহক ৰেহাই দিছে । কিন্তু বিধেয়কখনৰ মতে, চিকিৎসালয় আৰু শিক্ষানুষ্ঠান পৰিচালনা কৰাৰ দৰে অন্যান্য দাতব্য কামো থাকিব পৰা ধৰ্মীয় ট্ৰাষ্টে লাভ কৰা এনে অনুদানৰ ওপৰত আইন অনুসৰি কৰ আৰোপ কৰা হ’ব ।

লগতে পঢ়ক :চি বি এছ ইৰ বিদ্যালয়ত ৭৫% উপস্থিতি বাধ্যতামূলক: ব'ৰ্ড পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পূৰ্বতকৈ গুৰুত্বপূৰ্ণ এই নিয়ম - CBSE ATTENDANCE RULE
লগতে পঢ়ক :চুৰি ভোটেৰে প্ৰধানমন্ত্ৰী হৈছে মোদী ! সুবিধা দিলে প্ৰমাণ কৰিব ৰাহুল গান্ধীয়ে - VOTES STOLEN ROW