এখন ৰূপৰ চকী... সিংহাসনৰ দৰে এই চকীখনৰো আছে অনেক কাহিনী
এখন চকীৰ দাম শুনিলে আচৰিত হ'ব আপুনিও । ৪০ লাখ টকাৰো অধিক দাম এই চকীখনৰ । কিয় জানেনে ?

Published : September 4, 2025 at 6:54 PM IST
লক্ষ্ণৌ: লক্ষ্ণৌ বিকাশ প্ৰাধিকৰণৰ খাজানাত প্ৰায়ে ওলাই থাকে বহু পৌৰাণিক সামগ্ৰী । কিন্তু, এইবাৰ ওলাল এখন ৰূপৰ চকী । লালবাগস্থিত লক্ষ্ণৌ বিকাশ প্ৰাধিকৰণ (এল ডি এ)ৰ পুৰণি এটি কাৰ্যালয়ৰ এটা বন্ধ কোঠাত চলোৱা চাফাই অভিযানত উদ্ধাৰ হয় এই বিশেষ চকীখন । যাৰ কেৱল ঐতিহাসিক মহত্বই নাই, ই সামৰি আছে ইংৰাজ শাসনকালৰ অনেক অলিখিত কাহিনী ।
এই চকীখন উদ্ধাৰ হোৱা কাৰ্যই কেৱল মানুহৰ দৃষ্টি আকৰ্ষণ কৰাই নহয়, সজীৱ কৰি তুলিলে পুৰণি কৰ্মচাৰীসকলৰ বহু স্মৃতি । ইংৰাজৰ শাসনকালত উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ বাবে এই চকীখন আভিজাত্যৰ প্ৰতীক আছিল বুলি অনুসন্ধানত পোহৰলৈ আহিছে । প্ৰায় ২ মাহ পূৰ্বে উদ্ধাৰ হোৱা এই বিশেষ চকীখন এতিয়া এল ডি এৰ নতুন কাৰ্যালয়ত সজাই ৰখা হৈছে ।

ৰূপৰ চকীখন উদ্ধাৰ হোৱাৰ লগে লগে পুৰণি কৰ্মচাৰীসকলৰ মাজত এক নতুন ৰহস্য ফাদিল হৈছে । কৰ্মচাৰীসকলে উল্লেখ কৰা অনুসৰি এই কাৰ্যালয়টোত এটা পুৰণি কোঠা আছে, য'ত তলা লগাই থোৱা অৱস্থাত আছে এটা চন্দুক । ইয়াত বহুতো ৰহস্য সোমাই থাকিব পাৰে আৰু ইয়াক অতি সোনকালে খোলা হ'ব পাৰে ।
ইতিহাসবিদসকলৰ মতে এল ডি এৰ লালবাগ কাৰ্যালয়, য'ত বৰ্তমান ৰোজগাৰ কাৰ্যালয়ৰ প্ৰশাসনিক ভৱন হিচাপে কাম চলি আছে । ই ব্ৰিটিছৰ দিনত ফাঁচিৰ ঘৰ হিচাপে ব্যৱহৃত হৈছিল । ইতিহাসৰ পৃষ্ঠাত উল্লেখ আছে যে এই স্থানত ইংৰাজ অধিকাৰীসকলে নিজৰ শাসনকালত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল । সেই সময়ত এই ৰূপৰ চকীখন সেই অধিকাৰীসকলৰ শক্তি আৰু আভিজাত্যৰ প্ৰতীক আছিল । আজিৰ তাৰিখত চকীখনৰ মূল্য প্ৰায় ৪০ লাখ টকা বুলি ঠাৱৰ কৰা হৈছে ৷

এল ডি এৰ পুৰণি কাৰ্যালয় পূৰ্বতে আছিল ফাঁচিঘৰ:
লক্ষ্ণৌক ইতিহাসৰ সততে খবৰ ৰখা সঞ্জয় চৌধুৰীৰ মতে ইংৰাজৰ সময়ত বিশিষ্ট ব্যক্তিসকল বহাৰ বাবে এনেধৰণৰ চকীৰ ব্যৱস্থা কৰা হৈছিল । নিশ্চিতভাৱে এল ডি এৰ পুৰণি কাৰ্যালয় ইংৰাজৰ ফাঁচিঘৰ আছিল । গতিকে ইয়াত এনেধৰণৰ চকী উদ্ধাৰ হোৱাটো এক ঐতিহাসিক মহত্বৰ কথা । যিহেতু সেই সময়ত এইটো ফাঁচিঘৰ আছিল সেয়ে হয়তো এই বিশেষ চকীখনতে বহি ইংৰাজ বিষয়াই শাস্তি বিহিছিল ।

উত্তৰ প্ৰদেশ বিকাশ প্ৰাধিকৰণ সংযুক্ত সংগঠনৰ অধ্যক্ষ অৱদেশ প্ৰতাপ সিংহই কয়, "মই ১৯৮২ চনত এল ডি এত যোগদান কৰিছিলোঁ । তেতিয়া এই চকীখনৰ বিষয়ে জানিছিলোঁ । চকীখন সিংহাসনৰ দৰে ভব্য আৰু আকৰ্ষণীয় আছিল । দুমাহ পূৰ্বে চাফাই চলাই থকাৰ সময়ত যেতিয়া এই চকীখন ওলাল, তেতিয়া কোনোৱে এই চকীখনৰ মহত্ব বুজি পোৱা নাছিল । কিন্তু যেতিয়া পুৰণি কৰ্মচাৰী আৰু ইতিহাসবিদসকলৰ সৈতে কথা পতা হ'ল, তেতিয়া ইয়াৰ প্ৰকৃত কাহিনী পোহৰলৈ আহে । ৰূপৰ চকীখনত খোদিত কাৰুকাৰ্যই ইয়াক আৰু আকৰ্ষণীয় কৰি তুলিছে ।"

