বাগডোগ্ৰা (পশ্চিমবংগ) : ছিকিমে ৫০ বছৰ পূৰ্বে নিজৰ বাবে গণতান্ত্ৰিক ভৱিষ্যতৰ সিদ্ধান্ত লৈছে আৰু এই ৫০ বছৰৰ ভিতৰত ছিকিমৰ পৰা এনে তাৰকাৰ আত্মপ্ৰকাশ ঘটিছে, যিয়ে ভাৰতৰ আকাশ আলোকিত কৰিছে । ৰাজ্যখনৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত ৰাজ্যিক দিৱসত ৰাজ্যখনৰ জনসাধাৰণক সম্বোধন কৰি বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেদৰে কয় ।
ছিকিমৰ উন্নয়নমূলক যাত্ৰাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূবৰ ৰাজ্যখন প্ৰগতিৰ এক আৰ্হি হৈ পৰিছে আৰু সংস্কৃতি আৰু ঐতিহ্যৰ সমৃদ্ধিৰ প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিছে ।
পশ্চিমবংগৰ বাগডোগ্ৰাৰ পৰা "Sikkim@50: Where Progress Meets Purpose and Nature Nurtures Growth" কাৰ্যসূচীক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বেয়া বতৰৰ বাবে গেংটকত উপস্থিত হ'ব নোৱৰাৰ বাবে ৰাজ্যবাসীৰ ওচৰত ক্ষমাও বিচাৰে ।
"আজিৰ দিনটো বিশেষ; এই মুহূৰ্তটো ছিকিমৰ গণতান্ত্ৰিক যাত্ৰাৰ সোণালী জয়ন্তী । ময়ো আপোনালোকৰ সৈতে এই উদযাপনৰ অংশ হ'ব বিচাৰিছিলোঁ । মই পুৱাতেই দিল্লীৰ পৰা ওলাই বাগডোগ্ৰাত উপস্থিত হওঁ, কিন্তু বতৰে মোক আৰু আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰিলে... কিন্তু মোৰ সন্মুখত ইমান এক সুন্দৰ দৃশ্য, য'ত সকলোতে মানুহেই মানুহ ।"
"আপোনালোক সকলোৰে ওচৰত মই ক্ষমা বিচাৰিছোঁ । কিন্তু মুখ্যমন্ত্ৰীয়ে যেতিয়া মোক আমন্ত্ৰণ জনাই, মই আপোনালোকক আশ্বাস দিছোঁ যে যেতিয়াই ৰাজ্য চৰকাৰে সিদ্ধান্ত লয় তেতিয়াই ছিকিমলৈ আহি ছিকিম ৰাজ্যৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উদযাপনত অংশগ্ৰহণ কৰিম । ছিকিম ৰাজ্যৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ ।"
তেওঁ লগতে কয়, "পঞ্চাশ বছৰ পূৰ্বে ছিকিমে গণতান্ত্ৰিক ভৱিষ্যত বাছি লৈছিল । কেৱল ভৌগোলিকভাৱে নহয়, ছিকিমে ভাৰতৰ আত্মাৰ অংশ হোৱাৰো আকাংক্ষা ৰাখিছিল । ই আছিল এই বিশ্বাসৰ ভিত্তিত যে যেতিয়া সকলোৰে স্বাৰ্থ সুৰক্ষিত হ'ব তেতিয়া উন্নয়নৰ সমান সুযোগ অনুসৰণ কৰিব । আজি মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে ছিকিমৰ বিশ্বাসৰ সত্যতা প্ৰমাণিত হৈছে ।"
তেওঁ লগতে উল্লেখ কৰে যে ছিকিম হৈছে সৰ্বাধিক জনমূৰি আয়ৰ ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত অন্যতম । ই ৰাজ্যখনৰ জনসাধাৰণৰ সামৰ্থ্য আৰু দৃঢ়তাৰ প্ৰমাণ বুলি তেওঁ কয় ।
ৰাজ্যখনৰ সংস্কৃতি আৰু ঐতিহ্যৰ সমৃদ্ধিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "৫০ বছৰৰ ভিতৰত ছিকিম... প্ৰকৃতিৰ সৈতে প্ৰগতিৰ আৰ্হি হৈ পৰিল । জৈৱ-বৈচিত্ৰ্যৰ এক বিশাল বাগিচাৰ সৃষ্টি হ'ল । ৰাজ্যখন ১০০ শতাংশ জৈৱিক হৈ পৰিল । ই সংস্কৃতি আৰু ঐতিহ্যৰ সমৃদ্ধিৰ প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিলে ।"
২০১৪ চনত ক্ষমতালৈ অহাৰ পিছত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে এন ডি এ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰতো তেওঁ আলোকপাত কৰে ।
"২০১৪ চনত ক্ষমতালৈ অহাৰ পিছত মই কৈছিলোঁ, 'সবকা সাথ, সবকা বিকাশ' । ভাৰতক উন্নত কৰিবলৈ দেশৰ সুষম উন্নয়ন অতি গুৰুত্বপূৰ্ণ । এই মনোভাবেৰে যোৱা দশকত আমাৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক উন্নয়নৰ এজেণ্ডাৰ কেন্দ্ৰলৈ লৈ আহিছে । আমি 'এক্ট ইষ্ট' নীতিৰ প্ৰতি আমাৰ দৃঢ় দায়বদ্ধতাৰ দ্বাৰা পৰিচালিত 'এক্ট ফাষ্ট' মডেলৰ ওপৰত কাম কৰি আছোঁ ।" প্ৰধানমন্ত্ৰীয়ে লগতে কয় ।
ৰাষ্ট্ৰীয় ৰাজধানীত সদ্য সমাপ্ত উত্তৰ-পূব ২০২৫ শীৰ্ষ সন্মিলনত প্ৰতিশ্ৰুতিবদ্ধ বিনিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয়, "মাত্ৰ কিছুদিন পূৰ্বে দিল্লীত ৰাইজিং নৰ্থ-ইষ্ট ২০২৫ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল । এই অনুষ্ঠানত কেইবাজনো উদ্যোগপতিয়ে ছিকিমকে ধৰি সমগ্ৰ উত্তৰ-পূবত বৃহৎ বিনিয়োগৰ কথা ঘোষণা কৰিছিল । এই বিনিয়োগে উত্তৰ-পূবৰ জনসাধাৰণৰ বাবে অঞ্চলটোৰ ভিতৰতে অসংখ্য চাকৰিৰ সুযোগ সৃষ্টি কৰিব ।"
অঞ্চলটোৰ উন্নত আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয়, "এটা সময় আছিল যেতিয়া চাকৰি, শিক্ষা বা স্বাস্থ্যসেৱা এক ডাঙৰ প্ৰত্যাহ্বান আছিল । কিন্তু বিগত দশকত সেই ভাবমূৰ্তি বহু পৰিমাণে সলনি হৈছে । কেৱল ছিকিমত প্ৰায় ৪০০ কিলোমিটাৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে । গ্ৰামাঞ্চলত ১০০ কিলোমিটাৰতকৈ অধিক নতুন পথ নিৰ্মাণ কৰা হৈছে ।"
তেওঁ লগতে কয়, "অটল সেতুৰ লগে লগে ছিকিম আৰু দাৰ্জিলিঙৰ সংযোগো বহু পৰিমাণে উন্নত হৈছে । ছিকিমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল নতুন ভাৰতৰ উন্নয়নৰ কাহিনীৰ এক উজ্জ্বল অধ্যায়ত পৰিণত হৈছে ।"
"য'ত এসময়ত উন্নয়নৰ পথত দিল্লীৰ পৰা দূৰত্ব হেঙাৰ আছিল, এতিয়া তাৰ পৰাই উন্নয়নৰ নতুন দুৱাৰ খোল খাইছে । ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে ইয়াত সংযোগৰ পৰিৱৰ্তন । আপোনালোক সকলোৱে এই পৰিৱৰ্তনসমূহ নিজ চকুৰে দেখিছে ।" প্ৰধানমন্ত্ৰীয়ে কয় ।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰ্চুৱেলী ছিকিমত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস আৰু শুভাৰম্ভ কৰে । ইয়া ভিতৰত আছে নামচি জিলাত ৭৫০ কোটিৰো অধিক ব্যয়ৰ ৫০০ বিছনাযুক্ত নতুন জিলা চিকিৎসালয়, গ্যালশ্বিং জিলাৰ সাংগাচোৱেলিঙত যাত্ৰীৰ বাবে ৰোপৱে', আৰু গেংটক জিলাৰ সাংখোলাত অটল অমৃত উদ্যানত ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি স্থাপন ।
আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাই ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে কয়, "ইচ্ছা সত্ত্বেও আপুনি এই ঐতিহাসিক অনুষ্ঠানত ব্যক্তিগতভাৱে ইয়ালৈ আহিব নোৱাৰিলে । তথাপিও ছিকিমৰ ৰাইজে আপোনাক আন্তৰিক আদৰণি জনাব বিচাৰিছে । ছিকিম ৰাজ্যৰ ৫০ বছৰীয়া জয়ন্তী উদযাপন এবছৰলৈকে চলি থাকিব । মই অনুৰোধ কৰিছোঁ যে যদি আপুনি এই উদযাপনত এবাৰ হ'লেও উপস্থিত থাকিব পাৰে, তেন্তে আমি অতিশয় কৃতজ্ঞ হ'ম ।"
"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাহসী আৰু দূৰদৰ্শী নেতৃত্বত ভাৰতে সমগ্ৰ বিশ্বক স্পষ্ট বাৰ্তা দিছে যে আমাৰ জাতিটো এটা শক্তিশালী আৰু নিৰ্ভীক জাতি, যিয়ে কোনো ধৰণৰ সন্ত্ৰাসবাদ সহ্য নকৰে । এই অভিযানৰ নিখুঁত পৰিকল্পনাই সমগ্ৰ জাতিটোক গৌৰৱান্বিত কৰাই নহয়, ভাৰতক সাহস, দৃঢ়তা, আৰু সেনা শক্তিৰ মূৰ্তি হিচাপে বিশ্ব মঞ্চত প্ৰতিষ্ঠা কৰিছে ।" তেওঁ লগতে কয় ।
ছিকিমৰ মুখ্যমন্ত্ৰী তামাং আৰু ছিকিমৰ ৰাজ্যপাল ওম প্ৰকাশ মাথুৰে এই কাৰ্যসূচীত ভাৰ্চুৱেলী যোগদান কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ছিকিমৰ ৫০ বছৰীয়া ৰাজ্যিক দিৱসৰ স্মাৰক মুদ্ৰা, স্মৃতিগ্ৰন্থ আৰু ডাকটিকট মুকলি কৰে ।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি, ২৯ আৰু ৩০ মে’ত প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰি ৭০ হাজাৰ কোটিতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব ।
ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশো ভ্ৰমণ কৰিব । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ৭০ হাজাৰ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব ।