ETV Bharat / bharat

একনাথ সিন্দে সন্দৰ্ভত মন্তব্য; মুম্বাই হেবিটেট ক্লাবত আক্ৰমণ শিৱসেনা কৰ্মীৰ

কমেডিয়ান কুনাল কামৰাই একনাথ সিন্দে সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিবাদত শিৱসেনাৰ কৰ্মীসকলে মুম্বাইৰ হেবিটেট কমেডী ক্লাব তছনছ কৰে ।

Kunal Kamra on Eknath Shinde
ক্লাবটো লণ্ডভণ্ড কৰা দৃশ্য (ANI)
author img

By ANI

Published : March 24, 2025 at 10:01 AM IST

|

Updated : March 24, 2025 at 11:51 AM IST

3 Min Read
Choose ETV Bharat

মুম্বাই : দেওবাৰে শিৱসেনাৰ কৰ্মীসকলে মহাৰাষ্ট্ৰৰ খাৰৰ হেবিটেট কমেডি ক্লাবত আক্ৰমণ চলাই ক্লাবটো লণ্ডভণ্ড কৰে । শেহতীয়া এক ইউটিউব ভিডিঅ'ত জনপ্ৰিয় কমেডিয়ান কুনাল কামৰাই মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দে সন্দৰ্ভত কৰা মন্তব্যৰ পিছতে শিৱসেনাৰ কৰ্মীসকলে এই আক্ৰমণৰ ঘটনা সংঘটিত কৰে ।

আনহাতে, এই বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শিৱসেনাৰ সাংসদ নৰেশ মচকে কয় যে কুনাল কামৰা হৈছে এজন ভাৰাতীয়া কৌতুক অভিনেতা । তেওঁ কেইটামান টকাৰ বিনিময়ত দলটোৰ নেতাজনৰ ওপৰত এনেধৰণৰ মন্তব্য দি আছে ।

মচকে লগতে কয় যে তেওঁৰ সঞ্জয় ৰাউত আৰু শিৱসেনা (ইউ বি টি) গোটৰ ওপৰত পুতৌ উপজে । কাৰণ একনাথ সিন্দে সন্দৰ্ভত মন্তব্য দিবলৈ এতিয়া তেওঁলোকৰ ওচৰত আন কোনো দলীয় কৰ্মী নাই ।

"কুনাল কামৰা হৈছে এজন ভাৰাতীয়া কৌতুক অভিনেতা । তেওঁ কিছু ধনৰ বিনিময়ত আমাৰ নেতাৰ ওপৰত মন্তব্য দি আছে । মহাৰাষ্ট্ৰৰ কথা বাদে দিয়ক, কুনাল কামৰা ভাৰতৰ কোনো ঠাইলৈ মুক্তভাৱে যাব নোৱাৰে, শিৱসৈনিকসকলে তেওঁক নিজৰ স্থান দেখুৱাই দিব । সঞ্জয় ৰাউত আৰু শিৱসেনাৰ (ইউ বি টি) বাবে আমাৰ দুখ লাগে । কিয়নো আমাৰ নেতাৰ ওপৰত মন্তব্য দিব পৰাকৈ তেওঁলোকৰ কোনো দলীয় কৰ্মী বা নেতা এতিয়া বাকী নাই । যাৰ বাবে তেওঁলোকে তেওঁৰ (কুনাল কামৰা) দৰে লোকক এই কামৰ বাবে নিয়োগ কৰিছে ।" নৰেশ মচকে দেওবাৰে এ এন আইৰ আগত কয় ।

তেওঁ লগতে কয় যে তেওঁলোকে বালাচাহেব থাকৰেৰ আদৰ্শ অনুসৰণ কৰে আৰু কুনাল কামৰাই ইয়াৰ উপযুক্ত প্ৰত্যুত্তৰ পাব । "আমি বালাচাহেব থাকৰেৰ আদৰ্শ অনুসৰণ কৰোঁ । আমি নিশ্চিত কৰিম যে কুনাল কামৰাই মহাৰাষ্ট্ৰ বাবে দেশৰ ক'তোৱেই মুকলিভাৱে যাতে ঘূৰি ফুৰিব নোৱাৰে । কুনাল কামৰাই উপযুক্ত প্ৰত্যুত্তৰ পাব আৰু তেওঁ নিজে আহি ভুলৰ বাবে ক্ষমা বিচাৰিব লাগিব ।" তেওঁ লগতে কয় ।

অৱশ্যে শিৱসেনাৰ (ইউ বি টি) সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে এই বিষয়টোত কুনাল কামৰাক সমৰ্থন জনাই তেওঁৰ অফিচিয়েল 'এক্স' হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰিছে । পোষ্টটোত তেওঁ লিখিছে, "মৰমৰ কুনাল, শক্তিশালীভাৱে থিয় দিয়ক । আপুনি উদঙাই দিয়া মানুহজন আৰু তেওঁৰ গেংটো আপোনাৰ পিছত লাগিব । মই আপোনাৰ মনৰ কথা কোৱাৰ অধিকাৰক সুৰক্ষা দিম ।"

একনাথ সিন্দেক লৈ কি কমেডী কৰিছিল কুনাল কামৰাই

বলিউডৰ বিখ্যাত গান "ভোলী সি সুৰত আখোঁ ম্যে মস্তী দূৰ খড়ি শৰ্মায়’ৰ পেৰডী হিচাপে কুণাল কামৰাই এটি গান লিখিছে । এই গানটোত কুনালে গাইছে, ‘থানে কী ৰিক্সা.. চেহৰে পৰ দাড়ী, আখোঁ পৰ চশমা হ্যায় ! এক ঝলক দিখলায়ে কভী, গুৱাহাটী ম্যে চুপ যায়ে । মেৰী নজৰসে তুম দেখো গাদাৰ নজৰ ৱো আয়ে ..."

লগতে পঢ়ক :মুছেৱালাৰ হত্যাত অভিযুক্ত কুখ্যাত গেংষ্টাৰক শিলচৰ কাৰাগাৰলৈ প্ৰেৰণ - GANGSTER JAGDEEP SINGH
লগতে পঢ়ক :সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰৰ তদন্ত সমাপ্ত; ক্লজাৰ ৰিপ’ৰ্ট দাখিল চি বি আইৰ - SUSHANT RAJPUT DEATH
Last Updated : March 24, 2025 at 11:51 AM IST