ETV Bharat / bharat

স্বামীক হত্যাৰ বাবদ ২০ লাখ টকাৰ প্ৰস্তাৱ দিছিল সোনমে; পত্নীৰ চকুৰ সন্মুখতেই হত্যা কৰা হৈছিল ৰাজাক

বিবাহৰ পূৰ্বেই ৰাজাক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল সোনমে ৷ পৰিস্থিতিগত প্ৰমাণে পত্নী সোনমকেই ৰাজাৰ হত্যাকাণ্ডৰ মূল চৰিত্ৰ বুলি প্ৰামাণিত কৰাৰ দাবী মেঘালয় আৰক্ষীৰ ।

Shillong Honeymoon Murder
সোনম আৰু ৰাজা ৰঘুবংশী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 11, 2025 at 8:12 AM IST

|

Updated : June 11, 2025 at 8:19 AM IST

3 Min Read
Choose ETV Bharat

ইন্দোৰ (মধ্য প্ৰদেশ): ৰাজা ৰঘুবংশীক হত্যা কৰিবলৈ পত্নী সোনম ৰঘুবংশীয়ে ঠিকাভিত্তিক হত্যাকাৰী তিনিটাক ২০ লাখ টকাৰ প্ৰস্তাৱ দিছিল । মধ্য প্ৰদেশৰ ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ তদন্তত পোহৰলৈ আহিছে এই কথা ৷ সূত্ৰই জনোৱা মতে, প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে বিবাহৰ পূৰ্বেই হত্যাৰ ষড়যন্ত্ৰ ৰচনা আৰম্ভ কৰিছিল সোনমে ।

সূত্ৰ অনুসৰি ৰাজাই হত্যাৰ মাত্ৰ আধা ঘণ্টা পূৰ্বে মাতৃৰ সৈতে ফোনত কথা পাতিছিল । অভিযোগ অনুসৰি তেওঁক পত্নীৰ সন্মুখতে হত্যা কৰা হৈছিল আৰু পত্নীয়ে হত্যাকাৰীক তেওঁৰ মৃতদেহটো দ খাৱৈত পেলাবলৈ সহায় কৰিছিল । ইয়াৰ পিছত সোনম শ্বিলঙৰ পৰা গুৱাহাটীত উপস্থিত হয় আৰু তাৰ পাছত পোনে পোনে বাৰাণসীলৈ যাত্ৰা কৰে ৷ গাজীপুৰলৈ যোৱাৰ পথত সোনমে এখন ধাবাৰ ওচৰত এক প্ৰকাৰে নিজকে আত্মসমৰ্পণ কৰে ।

আৰক্ষীৰ মতে, পৰিস্থিতিগত প্ৰমাণে স্বামীৰ হত্যাৰ ষড়যন্ত্ৰৰ মূল চৰিত্ৰ সোনম হোৱাৰ দিশলৈ আঙুলিয়াই দিয়ে । সোনম আৰু ৰাজৰ লগতে আৰক্ষীয়ে ঠিকাভিত্তিক হত্যাকাৰী তিনিটাকো গ্ৰেপ্তাৰ কৰিছে ।

এ ডি চি পি ৰাজেশ দণ্ডাউতিয়াৰ মতে, "সোনমৰ প্ৰেমিক ৰাজ কুশৱাহাক ইন্দোৰত গ্ৰেপ্তাৰ কৰা হৈছিল । সোনম ৰাজৰ সৈতে অহৰহ যোগাযোগত আছিল আৰু আৰক্ষীয়ে তেওঁৰ আৰু সোনমৰ মাজত ভিডিঅ' কলৰ ব্যৱস্থা কৰিছিল । যেতিয়া সোনম স্পষ্ট হৈ পৰিছিল যে তাইৰ প্ৰেমিকজন আৰক্ষীৰ জিম্মাত আছে, তেতিয়া তেওঁ সম্পূৰ্ণৰূপে ভাঙি পৰিছিল আৰু পলায়নৰ কোনো উপায় নাই বুলি উপলব্ধি কৰিছিল । ইয়াৰ অলপ সময়ৰ পিছতে সোনমে গাজীপুৰৰ ওচৰৰ এখন ধাবাত উপস্থিত হৈছিল, তাতে সোনমক গ্ৰেপ্তাৰ কৰা হৈছিল ৷" অৱশ্যে ৰাজাৰ হত্যাকাণ্ডৰ পিছত কোনে সোনমক ধাবাত থৈছিল আৰু তেওঁ ক’ত আছিল সেই সন্দৰ্ভত এতিয়াও ৰহস্য অব্যাহত আছে ।

জেৰাৰ সময়ত ৰাজে আৰক্ষীক জনোৱা মতে, সোনমৰ সৈতে তেওঁৰ এবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল । কিন্তু সোনমৰ দেউতাক হৃদৰোগী আছিল আৰু সেয়ে ৰাজৰ লগত বিয়া হ’লে দেউতাকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে বুলি সোনমে ভয় খাইছিল । যাৰবাবে সোনমে সামাজিকভাৱে বিবাশপাশত আৱদ্ধ হয় । ৰাজে আৰক্ষীক লগতে কয় যে বিবাহৰ পূৰ্বেই সোনমে ৰাজাৰ পৰা মুক্তি পাবলৈ ষড়যন্ত্ৰ আৰম্ভ কৰিছিল আৰু এই ষড়যন্ত্ৰত তেওঁ পূৰ্ণ সহযোগিতা আগবঢ়াইছিল ।

জানিব পৰা মতে, ৰাজৰ পৰামৰ্শ মতে সোনমে শ্বিলঙক হানিমুন গন্তব্যস্থান হিচাপে বাছি লৈছিল । ইয়াৰ পিছত ৰাজে নিজৰ তিনিজন বন্ধু আকাশ ৰাজপুত, আনন্দ কুৰ্মী আৰু বিশাল চৌহানক ৰাজাক হত্যা কৰিবলৈ শ্বিলঙলৈ পঠিয়াই দিলে আৰু তেওঁ নিজেই ইন্দোৰত থাকিল । এই কথাও পোহৰলৈ আহিছে যে স্বামীৰ সৈতে শ্বিলঙৰ বিভিন্ন স্থান ভ্ৰমণ কৰি থাকোঁতে সোনমে অহৰহ চুক্তিবদ্ধ হত্যাকাৰী তিনিটাৰ সৈতে সবিশেষ ভাগ-বতৰা কৰি আছিল । সেইবাবেই হত্যাকাৰীয়ে দম্পতীটোৰ পিছে পিছে যাবলৈ সক্ষম হয় ।

হত্যাকাণ্ডৰ ঠিক আগতে যেতিয়া হত্যাকাৰীকেইটা সেই স্থানত উপস্থিত হৈছিল আৰু বাৰে বাৰে উপত্যকাটো বগাই ক্লান্ত হৈ পৰিছিল আৰু তেতিয়া তেওঁলোকে হত্যাকাণ্ড সংঘটিত কৰিবলৈ অক্ষমতা প্ৰকাশ কৰিছিল । সূত্ৰ অনুসৰি এই কথাই সোনমক ক্ষুব্ধ কৰি তুলিছিল আৰু তেওঁ তেওঁলোকক নাযাবলৈ অনুৰোধ কৰিছিল ৷ সোনমে তেওঁলোকক এই কামৰ বাবে ২০ লাখ টকা দিব বুলি মনোবল বৃদ্ধি কৰিছিল ।

লগতে পঢ়ক : পোহৰলৈ আহিছে সোনমৰ আন এক তথ্য, ৰাজাক হত্যা কৰাৰ পিছত হত্যাকাৰীৰ লগত আছিল...

গুৱাহাটী অভিমুখে সোনম ৰঘুবংশী, অচিৰে পোহৰলৈ আহিব কাহিনীৰ আঁৰৰ কাহিনী

প্ৰকৃততে কাৰ প্ৰেমিকা আছিল সোনম ? পোহৰলৈ আহিছে চাৰি যুৱকৰ পৰিচয়

Last Updated : June 11, 2025 at 8:19 AM IST