ETV Bharat / bharat

পোহৰলৈ আহিছে সোনমৰ আন এক তথ্য, ৰাজাক হত্যা কৰাৰ পিছত হত্যাকাৰীৰ লগত আছিল...

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সন্দৰ্ভত বহু ন ন তথ্য প্ৰকাশ পাইছে । মেঘালয় আৰক্ষীয়ে কৈ গৈছে বহু নজনা কথা...

SHILLONG HONEYMOON MURDER CASE
ৰাজা ৰঘুবংশী আৰু সোনম (IANS)
author img

By ETV Bharat Assamese Team

Published : June 10, 2025 at 11:44 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : মধুচন্দ্ৰিকাৰ বাবে মেঘালয়লৈ আহি মৃত্যু মুখত পৰিল ৰাজা ৰঘুবংশী । ৰাজাৰ হত্যাকাণ্ডৰ পাচতে মেঘালয় তথা উত্তৰ-পূৰ্বাঞ্চল পৰ্যটকৰ বাবে সুৰক্ষিত নহয় বুলি সামাজিক মাধ্যমৰ লগতে একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও ঋণাত্মক বাতৰি প্ৰচাৰ কৰিছিল ।

আনকি কোনো কোনোৱে মেঘালয়ৰ স্থানীয় লোকে বহিঃৰাজ্যৰ পৰ্যটকক লুটপাত চলাই হত্যা কৰে বুলিও অপপ্ৰচাৰ চলিছিল । অৱশ্যে এই ঘটনাৰ ইতিমধ্যে সত্যতা পোহৰলৈ আহিছে । আনকি আৰক্ষীয়েও সমগ্ৰ দেশতে চৰ্চা লাভ কৰা এই ঘটনাৰ বহু তথ্য ৰাজহুৱা কৰিছে ।

জানিব পৰা মতে, মেঘালয় আৰক্ষীয়ে গুৱাহাটী ৰে'লৱে ষ্টেচনৰ পৰা CCTV ফুটেজৰ প্ৰমাণ সংগ্ৰহ কৰিছে, য’ত ৰাজাৰ পত্নী আৰু আন চাৰিজন লোকক হত্যাকাণ্ডৰ পিছত লগ হোৱা বুলি অভিযোগ উত্থাপন হৈছে । এই কথা নিশ্চিত কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই ।

তেওঁ ইটিভি ভাৰতক জনোৱা মতে, শেহতীয়াকৈ মেঘালয় আৰক্ষীৰ বিষয়াসকলে গুৱাহাটী ৰে’ল ষ্টেচন পৰিদৰ্শন কৰি CCTV ৰ ফুটেজ সংগ্ৰহ কৰিছে । কিন্তু এতিয়ালৈকে নিৰাপত্তাৰক্ষী বিষয়াসকলে আমাৰ সৈতে আৰু কোনো সবিশেষ তথ্য দিয়া নাই বুলিও কয় ৰে’লৱে বিষয়াগৰাকীয়ে ।

অভিযোগ অনুসৰি, অভিযুক্তকেইটা গুৱাহাটী ষ্টেচনলৈ গৈছিল, তাৰ পিছত আটাইকেইটা বিভিন্ন দিশত গৈছিল, যাৰ তদন্ত কৰি আৰক্ষীয়ে ঘটনাৰ ক্ৰম প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাইছে ।

লগতে পঢ়ক : মেঘালয় চৰকাৰক কিহৰ বাবে দোষাৰোপ ? মন্ত্ৰী আলেকজেণ্ডাৰৰ প্ৰশ্ন

লগতে পঢ়ক : গুৱাহাটী অভিমুখে সোনম ৰঘুবংশী, অচিৰে পোহৰলৈ আহিব কাহিনীৰ আঁৰৰ কাহিনী

মেঘালয় আৰক্ষীৰ বিবৃতি অনুসৰি, তদন্তমূলক প্ৰচেষ্টা আৰু বহুৰাজ্যিক সমন্বয়ৰ অন্তত এই গোচৰৰ সৈতে জড়িত তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে । ইয়াপৰে মধ্যপ্ৰদেশৰ ইন্দোৰৰ দুজন আৰু উত্তৰ প্ৰদেশৰ ললিতপুৰৰ এজনক ।

মেঘালয় আৰক্ষীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, “ৰাজা ৰঘুবংশীৰ কৰুণ মৃত্যু আৰু তাৰ পিছত তেওঁৰ পত্নী সোনম ৰঘুবংশীৰ নিৰুদ্দেশৰ পৰিস্থিতি উন্মোচন কৰাৰ ক্ষেত্ৰত এই গ্ৰেপ্তাৰসমূহে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে ।" মেঘালয় আৰক্ষীয়ে লিখিছে, "উত্তৰ প্ৰদেশৰ গাজীপুৰ জিলাৰ নন্দগঞ্জ থানাত আত্মসমৰ্পণ কৰিলে সোনম ৰঘুবংশীয়ে ।"

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই ছ’চিয়েল মিডিয়াত কয়, "ৰাজা হত্যাকাণ্ডৰ গোচৰত মেঘালয় আৰক্ষীয়ে ৭ দিনৰ ভিতৰতে এক বৃহৎ অগ্ৰগতি লাভ কৰিছে । মধ্যপ্ৰদেশৰ পৰা ৩ জন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে, এগৰাকী মহিলাই আত্মসমৰ্পণ কৰিছে আৰু আন এজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰাৰ অভিযান এতিয়াও চলি আছে ।"

সোমবাৰে মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টাইনছঙে সংবাদ মাধ্যমৰ আগত কয় যে আইন প্ৰয়োগকাৰী সংস্থাই এই গোচৰৰ তদন্ত কৰি ৰাজা ৰঘুবংশীৰ হত্যাৰ আঁৰৰ উদ্দেশ্য জানিবলৈ চেষ্টা চলাইছে । টাইনছঙে কয়, "মেঘালয় পৰ্যটকৰ বাবে নিৰাপদ আৰু আমি সকলোকে মেঘালয় আৰু শ্বিলং ভ্ৰমণ কৰিবলৈ উৎসাহিত কৰিম ।"

লগতে পঢ়ক : প্ৰকৃততে কাৰ প্ৰেমিকা আছিল সোনম ? পোহৰলৈ আহিছে চাৰি যুৱকৰ পৰিচয়

লগতে পঢ়ক : পৰ্যটকৰ বাবে সুৰক্ষিত উত্তৰ-পূৰ্বাঞ্চল, শান্তিৰ সমদলৰ জৰিয়তে স্পষ্ট বাৰ্তা মেঘালয়বাসীৰ