ETV Bharat / bharat

পৰকীয়া প্ৰেমৰ বাবেই সোনমে হত্যা কৰিছিল নেকি ৰাজাক !

ৰাজ কুশৱাহা কোন ? সোনমৰে কি সম্পৰ্ক আছিল ৰাজ কুশৱাহাৰ ?

RAJA RAGHUVANSHI MURDER CASE
ৰাজা ৰঘুবংশী আৰু সোনম (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 9, 2025 at 2:12 PM IST

4 Min Read
Choose ETV Bharat

ললিতপুৰ (উত্তৰ প্ৰদেশ): মধ্যপ্ৰদেশৰ ইন্দোৰৰ নৱবিবাহিত দম্পতীৰ প্ৰথমে শ্বিলঙত নিৰুদ্দেশ আৰু তাৰ পাছত স্বামী ৰাজা ৰঘুবংশীৰ ৰহস্যজনক হত্যাকাণ্ডক লৈ প্ৰতি মূহূৰ্তত পোহৰলৈ আহিছে ন ন তথ্য ৷ শ্বিলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিটা অভিযুক্ত প্ৰকৃততে মধ্যপ্ৰদেশৰ ইন্দোৰৰ বাসিন্দা ।

ইয়াৰে এজন অভিযুক্ত আকাশ ৰাজপুতক দেওবাৰে নিশা উত্তৰ প্ৰদেশৰ ললিতপুৰৰ পৰা শ্বিলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । আনহাতে, ৰাজ কুশৱাহা আৰু আন এজনক ইন্দোৰৰ পৰা শ্বিলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ইফালে উত্তৰ প্ৰদেশৰ গাজীপুৰত আত্মসমৰ্পণ কৰে ৰাজা ৰঘুবংশীৰ পত্নী সোনমে ।

ললিতপুৰৰ আৰক্ষী অধীক্ষক মহম্মদ মুস্তাকে জনোৱা মতে, শ্বিলং আৰক্ষীয়ে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ গোচৰত ললিতপুৰৰ পৰা আকাশ ৰাজপুতক গ্ৰেপ্তাৰ কৰে । ৪ খন বাহনত আহিছিল শ্বিলং আৰক্ষী । এই ঘটনাৰে জড়িত থকাৰ সন্দেহত আন ২ অভিযুক্তক ইন্দোৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ।

কোৱা হৈছে যে তিনিওজন একেটা পৰিয়ালৰ আৰু তেওঁলোক ইন্দোৰত বাস কৰিছিল । তেওঁলোকে কিয় আৰু কাৰ নিৰ্দেশত ৰাজা ৰঘুবংশীক হত্যা কৰিলে সেই সম্পৰ্কে বৰ্তমান একো ক’ব পৰা হোৱা নাই । এই কথা শ্বিলং আৰক্ষীৰ জেৰাৰ অন্ততহে পোহৰলৈ আহিব ।

একে সময়তে ৰাজা ৰঘুবংশীৰ ভাতৃ বিপুল ৰঘুবংশীয়ে সংবাদ সংস্থা এ এন আইক জনাইছে যে হত্যাকাণ্ডৰ গোচৰত ৰাজ কুশৱাহাৰ নাম পোহৰলৈ আহিছে । অৰ্থাৎ হত্যাকাণ্ডত সোনমৰ হাত থাকিব পাৰে । ৰাজ কুশৱাহা আছিল সোনমৰ পাৰিবাৰিক ব্যৱসায়ৰ কৰ্মচাৰী । তেওঁলোকে অবিৰতভাৱে ফোনত কথা পাতিছিল । যেতিয়া তেওঁলোকৰ বিবাহ ঠিক হ’ল, তেতিয়া দুয়ো সুখী আছিল ।

বিপুলে কয়, "আমি কেতিয়াও ভবা নাছিলো যে সোনমে এনেকুৱা কিবা এটা কৰিব । মেঘালয় চৰকাৰে মিছা কথা কোৱা নাই । মই এতিয়ালৈকে ৰাজ কুশৱাহাক দেখা নাই, মাত্ৰ তেওঁৰ নাম শুনিছো । ইয়াৰ লগত সোনমো জড়িত হ’ব পাৰে । মা কামাখ্যা মন্দিৰত পূজা কৰিবলৈহে তেওঁলোক অসমলৈ গৈছিল । ইয়াৰ পিছত তেওঁলোক শ্বিলঙলৈ গ’ল । দুয়োৰে ভিতৰত কোনে মেঘালয় ভ্ৰমণৰ পৰিকল্পনা কৰিছিল আমি নাজানো । তেওঁলোকে ঘূৰি অহাৰ টিকট বুকিং কৰা নাছিল ৷"

কোৱা হৈছে যে সোনমৰ পিতৃৰ এটা মাইকাৰ কাৰখানা আছে, য’ত আগতে ৰাজ কুশৱাহাই মানৱ সম্পদ বিভাগৰ মেনেজাৰ হিচাপে কাম কৰিছিল । সোনমো একেটা কাৰখানাতে মানৱ সম্পদ বিভাগত আছিল । বিয়াৰ আগে আগে ৰাজ কুশৱাহাৰ লগত সোনমৰ প্ৰেমৰ সম্পৰ্ক আছিল ।

এনে পৰিস্থিতিত এই প্ৰেমৰ বাবে সোনমে ৰাজা ৰঘুবংশীক হত্যা কৰিবলৈ পেছাদাৰী ঘাতকক নিয়োগ কৰিছিল বুলি জল্পনা-কল্পনা কৰা হৈছে । সোনমৰ পিতৃ দেৱী সিং ৰঘুবংশীয়ে কয় যে এই ঘটনাৰ দুদিন আগলৈকে ৰাজে কাৰখানাটোত কাম কৰি আছিল ।

সোনমৰ মাতৃ সংগীতাই কয় যে তেওঁৰ কন্যাক বিচাৰি পোৱাত তেওঁ সন্তুষ্ট । কিন্তু তেওঁৰ হৃদয়ত এতিয়াও বিষ অনুভৱ কৰিছে । "এতিয়া আমি জানিব বিচাৰো ৰাজাৰ হত্যাৰ আঁৰত কোন আছিল । ছোৱালীজনী ঘূৰি আহিছে, কিন্তু আমি ৰাজাক হেৰুৱাইছো ।" মাতৃ সংগীতাই কয় ৷

ইপিনে ৰাজাৰ হত্যাকাণ্ডত সোনম জড়িত বুলি মেঘালয় আৰক্ষীয়ে কৰা দাবী মানি ল'ব খোজা নাই সোনমৰ পিতৃয়ে ৷ তেওঁ কয় ‘‘শ্বিলং আৰক্ষীৰ কাহিনী ভুল । চি বি আয়ে এই গোচৰৰ তদন্ত কৰিব লাগে । শ্বিলং আৰক্ষীয়ে সোনমক ফ্ৰেম কৰি আছে । আৰক্ষীৰ সমান্তৰালকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীয়েও মিছা কথা কৈছে ।’’

লগতে পঢ়ক : মেঘালয়ত সন্ধানহীন সোনমক উত্তৰ প্ৰদেশত উদ্ধাৰ: পেছাদাৰী ঘাতকৰ হতুৱাই স্বামী ৰাজাক হত্যা কৰোৱাইছিল সোনমে

নিৰ্দোষী নেকি সোনম ৰঘুবংশী ? শ্বিলং আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সোনমৰ পিতৃৰ

সুখকৰ নহ’ল ৰাজা-সোণমৰ শ্বিলং ভ্ৰমণ ! হনিমুনলৈ আহি মৃত্যুক সাবটিলে ব্য়ৱসায়ীয়ে