ETV Bharat / bharat

ভাৰতত বাঢ়িছে চিতাবাঘৰ সংখ্যা: কুনো ৰাষ্ট্ৰীয় উদ্যানত জন্ম পাঁচটাকৈ পোৱালি

ভাৰতত পুনৰ বৃদ্ধি চিতাৰ সংখ্যা । নিৰ্ভা নামৰ মাইকী চিতাজনীয়ে শেহতীয়াকৈ জন্ম দিয়ে ৫ টাকৈ পোৱালি ।

CHEETAH NIRVA BIRTH TO 5 CUBS
নতুনকৈ জন্ম পোৱা চিতাৰ পোৱালিকেইটা (X image)
author img

By ETV Bharat Assamese Team

Published : April 28, 2025 at 1:28 PM IST

3 Min Read
Choose ETV Bharat

শ্বেওপুৰ: ভাৰতত চিতাবাঘৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । আকৌ এবাৰ মধ্যপ্ৰদেশৰ পৰা আহিল এই ভাল খবৰটো । এটা-দুটা নহয়, পাঁচটাকৈ চিতা পোৱালি জন্ম হৈছে কুনো অভয়াৰণ্যত । মাতৃৰ সৈতে সম্পূৰ্ণ সুস্থ আৰু নিৰাপদে আছে পোৱালিকেইটা ।

দৰাচলতে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অনা মাইকী চিতা জ্ৱালাৰ পিছত নিৰ্ভাই জন্ম দিয়ে ৫ টাকৈ পোৱালি । যাৰ তথ্য কেন্দ্ৰীয় বনমন্ত্ৰী ভূপেন্দ্ৰ সিং আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰিছে । ইয়াৰ লগে লগে মধ্যপ্ৰদেশত চিতাবাঘৰ সংখ্যা ২৬ ৰ পৰা ৩১ টালৈ বৃদ্ধি পায় ।

কেন্দ্ৰীয় বনমন্ত্ৰীয়ে দিলে ভাল খবৰ

এই কথা প্ৰথমে কেন্দ্ৰীয় বনমন্ত্ৰী ভূপেন্দ্ৰ যাদৱে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল Xত শ্বেয়াৰ কৰিছিল । লগতে তেওঁ নৱজাত চিতা পোৱালিৰ ভিডিঅ' আপলোড কৰি লিখিছে "কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ ৫ টা বহুমূলীয়া নতুন জীৱনক আদৰণি জনোৱাৰ বাবে মোৰ লগত যোগদান কৰক ।"

''দক্ষিণ আফ্ৰিকাৰ মাপেছু সংৰক্ষিত বনাঞ্চলৰ পৰা অনা ৫ বছৰীয়া নিৰ্ভাৰ কোলাত থকা এই পোৱালিবোৰে প্ৰকৃতিৰ সৌন্দৰ্য আৰু স্থিতিস্থাপকতাৰ কথা মনত পেলাই দিয়ে । আশাকৰোঁ তেওঁলোকে অধিক শক্তিশালী, দ্ৰুত আৰু স্বাধীনভাৱে আত্মপ্ৰকাশ কৰি ভাৰতত নিজৰ উত্তৰাধিকাৰ আগুৱাই নিব । তেওঁলোকে কঢ়িয়াই অনা আশা আৰু ভৱিষ্যতক উদযাপন কৰো আহক । সকলোকে শুভেচ্ছা জনাইছো ৷'' যাদৱে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এইদৰে কয় ।

মুখ্যমন্ত্ৰী মোহন যাদৱৰ অভিনন্দন

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদৱেও এই সুখ দেশবাসীৰ সৈতে শ্বেয়াৰ কৰে । তেওঁ নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল Xত এটা ভিডিঅ’ পোষ্ট কৰি ৰাজ্যবাসীক অভিনন্দন জনোৱাৰ লগতে এই কথাও লিখিছে- "কুনোলৈ নতুন অতিথিসকলক স্বাগতম জনাইছো… কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতাৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাটো এটা অতি আনন্দৰ কথা । শেহতীয়াকৈ ৫ বছৰীয়া নিৰ্ভাই ৫ টা পোৱালি জন্ম দিছে । এই ক্ষুদ্ৰ পোৱালিবোৰৰ আগমন চিতা প্ৰকল্পৰ সফলতা আৰু ভাৰতৰ চহকী জৈৱ বৈচিত্ৰ্যৰ প্ৰতীক ।"

"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে সৃষ্টি হোৱা অনুকূল পৰিৱেশ আজি সমৃদ্ধিশালী হৈছে । এই ঐতিহাসিক কৃতিত্বৰ বাবে কুনো ৰাষ্ট্ৰীয় উদ্যানৰ সমগ্ৰ দল, বন্যপ্ৰাণী বিশেষজ্ঞ আৰু সংৰক্ষণৰ কামত নিয়োজিত প্ৰতিজন কঠোৰ পৰিশ্ৰমী অংশীদাৰলৈ আন্তৰিক অভিনন্দন ।"

ভাৰতৰ ভিতৰতে সৰ্বাধিক পোৱালিৰ মাতৃ হৈ পৰিল নিৰ্ভা

ভাৰতৰ ভূমিত জন্ম হোৱা তথা বৰ্তমানলৈকে জীয়াই থকা চিতা পোৱালিৰ সংখ্যা হৈছে ১৯ টা । মাইকী চিতা নিৰ্ভাই ইয়াৰ পূৰ্বে ২০২৪ চনৰ ২২ নৱেম্বৰতো ৪ টাকৈ পোৱালি জন্ম দিছিল । কিন্তু ৫ দিনৰ পাছত দুটা পোৱালিৰ মৃতদেহ উদ্ধাৰ কৰা হয় । পুনৰ ৫ টা পোৱালি জন্ম দিয়াৰ লগে লগে নিৰ্ভাৰ জীৱিত পোৱালিৰ সংখ্যা ৭ টালৈ বৃদ্ধি হয় ।

লগতে পঢ়ক: স্বাধীনতাৰ পূৰ্বৰ মেচবক্সৰ পৰা আৰম্ভ কৰি ব্ৰেণ্ডেড মেচবক্সলৈকে… কি নাই এইটো সংগ্ৰহালয়ত