সমগ্ৰ অৰুণাচল প্ৰদেশত শ্বহীদ তাগেৰ স্মৃতিত শোৰ্য সন্মান শ্ৰদ্ধাঞ্জলি
অৰুণাচল প্ৰদেশৰ মহিলাসকলে আয়োজন কৰা এই সমাৱেশৰ উদ্দেশ্য আছিল ভাৰতীয় বায়ুসেনাৰ কৰ্প'ৰেল প্ৰয়াত তাগে হালিয়াঙৰ সাহস আৰু ত্যাগক সন্মান জনোৱা ।

Published : May 21, 2025 at 8:46 AM IST
তেজপুৰ: জম্মু কাশ্মীৰৰ পহলগামত হোৱা সন্ত্ৰসবাদীৰ আক্ৰমণত দেশৰ বাবে চূড়ান্ত ত্যাগ কৰা ভাৰতীয় বায়ুসেনাৰ কৰ্প'ৰেল প্ৰয়াত তাগে হালিয়াঙৰ প্ৰতি শোৰ্য সন্মান যাত্ৰাৰে মঙলবাৰে অৰুণাচল প্ৰদেশৰ কেবাখনো জিলাত শ্ৰদ্ধাঞ্জলি জনোৱা হয় । অৰুণাচল প্ৰদেশৰ মহিলাসকলে আয়োজন কৰা এই সমাৱেশৰ উদ্দেশ্য আছিল তেওঁৰ সাহস আৰু ত্যাগক সন্মান জনোৱা ।
ৰাজধানী ইটানগৰৰ হনুমান মন্দিৰ গংগাৰ পৰা আৰম্ভ কৰি সমগ্ৰ অৰুণাচল প্ৰদেশৰ ইটানগৰৰ টেনিছ ক’ৰ্টত এই শোৰ্য সন্মান যাত্ৰাৰ সামৰণি পৰে । প্ৰায় শতাধিক মহিলা আৰু সমাজৰ বিভিন্ন লোকে অংশগ্ৰহণ কৰা এই শোৰ্য সন্মান যাত্ৰাৰ জৰিয়তে উগ্ৰপন্থীৰ হাতত প্ৰাণ হেৰুওৱা মুঠ ২৬ গৰাকী লোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবৰ্ধিনী ন্যাসৰ আহ্বায়ক জয়া তাছুং ময়ঙে সমাৱেশত অংশগ্ৰহণ কৰা বৃহৎসংখ্যক লোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে আৰু এয়া অদম্য দেশপ্ৰেমৰ প্ৰতিফলন বুলি প্ৰশংসা কৰে ।
তেওঁ আৱেগিকভাৱে কয়- "আমি যুদ্ধক্ষেত্ৰত নাথাকো, শ্বহীদ পৰিয়ালৰ প্ৰতিটোপাল চকুলো মচিবও নোৱাৰিম ৷ কিন্তু আমি অন্ততঃ আমাৰ সৈনিকসকলৰ শক্তি, আত্মা আৰু সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিব পাৰো,তাৰ বাবে আজি আমি সকলোৱে প্ৰাৰ্থনা জনাইছোঁ ।"

ইটানগৰত মঙলবাৰে বিভিন্ন আত্মসহায়ক গোট, আই আৰ বি এনৰ মহিলা, কালী মন্দিৰ মহিলা গোট, নেপালী মহিলা গোটকে ধৰি বিভিন্ন সংগঠনৰ মহিলাসকলে অংশগ্ৰহণ কৰি সশস্ত্ৰ বাহিনীক সাহস আগবঢ়ায।
উল্লেখযোগ্য যে অনুষ্ঠানত ড’নি প’লো, খ্ৰীষ্টান, বৌদ্ধ, হিন্দু, শিখ আৰু ইছলাম ধৰ্মগুৰুসকলে একেলগে পহলগামৰ মৃতকৰ আত্মাৰ শান্তি আৰু শোকসন্তপ্ত পৰিয়ালসমূহৰ শক্তিৰ বাবে সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ আয়োজন কৰে ।

আনহাতে অৰুণাচল প্ৰদেশৰ পূব ছিয়াং জিলাৰ পাছিঘাটত আন এক অনুষ্ঠানত মহিলা কল্যাণ সংস্থাই ভাৰতীয় বায়ুসেনাৰ কৰ্প'ৰেল তাগে হালিয়াঙৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পহলগামৰ কৰুণ ঘটনাত প্ৰাণ হেৰুওৱা নিৰীহ পৰ্যটকসকলৰ স্মৃতিতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মহিলাসকলে এই ঘটনাৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰা অপাৰেশ্যন সেন্দূৰত অংশগ্ৰহণ কৰা সাহসী জোৱানসকলৰ সাহসক প্ৰণাম জনাই ‘শৌৰ্য্য সন্মান যাত্ৰা’ৰ আয়োজন কৰে । মহিলাসকলে ৰাজপথত তাগেৰ ফটো লৈ তেওঁলোকৰ এই ত্যাগ আৰু বীৰত্ব দেশে কেতিয়াও পাহৰিব নোৱাৰিব বুলি ঘোষণা কৰে ।
মহিলা কল্যাণৰ তৰফৰ পৰা পূব কামেং জিলাৰ সদৰ চেপাত এক বৃহৎ সমদলৰে দেশৰ ত্ৰিৰংগা যাত্ৰা আৰু সেনাৰ প্ৰতি শোৰ্য সন্মান যাত্ৰাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
লগতে পঢ়ক: হাফলঙত ভাৰতীয় সেনাৰ সমৰ্থনত ত্ৰিৰংগা যাত্ৰা

