ETV Bharat / bharat

পানীয়ে প্ৰাণ কাঢ়িলে তিনিগৰাকীকৈ ইউ পি এছ চি প্ৰত্যাশীৰ - Rau’s IAS Study circle in Delhi

Flood in Delhi IAS Coaching Centre: ৰাজধানী দিল্লীত কৰুণ ঘটনা ৷ কোচিং চেণ্টাৰৰ বেছমেণ্টত হঠাতে পানী সোমোৱাৰ ফলত মৃত্যু ঘটিল তিনিগৰাকীকৈ ইউ পি এছ চি প্ৰত্যাশীৰ ৷ আপক ক্ষুৰধাৰ সমালোচনা বিজেপিৰ ৷

পানীয়ে প্ৰাণ কাঢ়িলে তিনিগৰাকীকৈ ইউ পি এছ চি প্ৰত্যাশীৰ
পানীয়ে প্ৰাণ কাঢ়িলে তিনিগৰাকীকৈ ইউ পি এছ চি প্ৰত্যাশীৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 28, 2024 at 9:57 AM IST

3 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, 28 জুলাই : কোচিং চেণ্টাৰত শোকাৱহ দুৰ্ঘটনা ৷ পশ্চিম দিল্লীৰ জনপ্ৰিয় এটা কোচিং চেণ্টাৰৰ বেছমেণ্টত হঠাতে পানী প্ৰৱেশ কৰাৰ ফলত চাৰি ঘণ্টাৰো অধিক সময় আৱদ্ধ হৈ থকা তিনিগৰাকী ছাত্ৰৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

ৰাজ্যখনৰ ৰাজেন্দ্ৰ নগৰত দেখা গৈছে যে শনিবাৰে ৰাউ আই এ এছৰ এটা বেছমেণ্ট সম্পূৰ্ণৰূপে বানত বুৰ গৈছে । অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে জনোৱা মতে, শিক্ষাৰ্থী বেছমেণ্টত আৱদ্ধ হৈ থকাৰ বিষয়ে শনিবাৰৰ সন্ধিয়া 7.19 বজাত ফোনযোগে তেওঁলোকক অৱগত কৰা হৈছিল আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ পাঁচখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী প্ৰেৰণ কৰা হৈছিল ।

উদ্ধাৰ অভিযান আৰম্ভ হোৱাৰ কেইঘণ্টামান পিছতে দুগৰাকী ছাত্ৰীৰ মৃতদেহ উলিয়াই অনা হয় । পৰৱৰ্তী সময়ত উদ্ধাৰ কৰা হয় তৃতীয়জন ছাত্ৰৰ মৃতদেহ । দিল্লীৰ পশ্চিম অংশৰ পেটেল নগৰতো বানৰ সৃষ্টি হয় ৷ কৃত্ৰিম বানৰ সৃষ্টি হোৱা পথ পাৰ হ’বলৈ গৈ ইউ পি এছ চিৰ শিক্ষাৰ্থী এজনে বিদ্যুৎস্পৃষ্ট হোৱাৰ কিছুদিন পিছতে এই ঘটনা সংঘটিত হৈছে ।

X ত দিয়া এটা পোষ্টত দিল্লীৰ আপ মন্ত্ৰী আতিশীয়ে কয়, "প্ৰচণ্ড বৰষুণৰ পিছত বেছমেণ্টটো বানত বুৰ গৈছে আৰু স্থানীয় আপৰ বিধায়ক দুৰ্গেশ পাঠক আৰু মেয়ৰ শ্বেলী ওবেৰয় কোচিং চেণ্টাৰটোত উপস্থিত হৈছে ৷" প্ৰশিক্ষক কেন্দ্ৰত উপস্থিত হৈ আপ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি নতুন দিল্লী লোকসভা সমষ্টিৰ বিজেপি সাংসদ বনসুৰী স্বৰাজে এই শোকাৱহ দুৰ্ঘটনা এৰাই চলিব পৰা গ’লহেঁতেন বুলি আক্ষেপ প্ৰকাশ কৰে ।

"বিজেপিৰ নিষ্ঠাবান কৰ্মীসকলে বিধায়ক দুৰ্গেশ পাঠকক বাৰে বাৰে অনুৰোধ কৰিছিল যে এই অঞ্চলৰ নলাবোৰ যাতে পৰিষ্কাৰ কৰা হয় । তেনে কৰা হ'লে এই ট্ৰেজেডী নঘটিলহেঁতেন । আপোনালোকে দেখিছে যে পথৰ 2-3 ফুট ওপৰলৈ পানীয়ে ভৰি আছে ৷ যিয়ে বেছমেণ্টটো প্লাৱিত কৰি পেলাইছে । এই শোকাৱহ ঘটনা আৰু মৃত্যুৰ বাবে আপ চৰকাৰ, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু বিধায়ক দুৰ্গেশ পাঠক দায়ী ।"

পাঠকে এই সন্দৰ্ভত কয়, "এটা নলা বা নৰ্দমা বিস্ফোৰণ হোৱা যেন লাগে, যাৰ ফলত বানপানীৰ সৃষ্টি হৈছে । দিল্লী পৌৰ নিগমত বিজেপি দলৰ কাউন্সিলাৰসকলে 15 বছৰে ক্ষমতাত আছিল যদিও নলা নিৰ্মাণ কৰা নাছিল । এয়া ৰাজনীতিৰ সময় নহয় । এতিয়া গুৰুত্ব দিয়া হৈছে শিক্ষাৰ্থীসকলক বচাবলৈ ।"

লগতে পঢ়ক: উপামণিৰ পৰা অবিনাশলৈ : তিনিটা দশকত কিমান মহানাগৰিকৰ প্ৰাণ ল’লে কৃত্ৰিম বানে ? - Artificial flood in Guwahati

ৰাজধানী চহৰত জলপ্ৰলয়ত শিশুসহ 13 জনৰো অধিক লোকৰ মৃত্যু: 2 জুলাইলৈকে অৰেঞ্জ এলাৰ্ট - Rains havoc in Delhi

ধাৰাসাৰ বৰষুণৰ বাবে দিল্লী এইমছৰ বহু সেৱা বন্ধ ; চৌহদৰ ভিতৰতো সোমাল পানী - Rains havoc in Delhi