গাখীৰৰ টেংকাৰত তীব্ৰবেগী বাছৰ প্ৰচণ্ড খুন্দা; নিহত 18, আহত প্ৰায় 30 গৰাকী যাত্ৰী - Accident in Lucknow Agra Expressway
Accident in UP’s Unnao: লক্ষ্ণৌৰ উন্নাওত শোকাৱহ দুৰ্ঘটনা ৷ এখন দুমহলীয়া বাছে গাখীৰৰ টেংকাৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ ঘটনাস্থলীত উপস্থিত প্ৰশাসনিক শীৰ্ষ বিষয়াৰ লগতে আৰক্ষী ৷ আহত লোকৰ তালিকা প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ লগতে মুকলি কৰি দিছে হেল্পলাইন নম্বৰ ৷

Published : July 10, 2024 at 9:07 AM IST
|Updated : July 10, 2024 at 10:46 AM IST
নেশ্যনেল ডেস্ক, 10 জুলাই: উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ উন্নাওত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এখন দুমহলীয়া বাছে এখন গাখীৰৰ টেংকাৰত পিছফালৰ পৰা খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো । এই দুৰ্ঘটনাত 18 জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে প্ৰশাসনিক শীৰ্ষ বিষয়াৰ লগতে আৰক্ষী ততাতৈয়াকৈ উক্ত স্থানত উপস্থিত হয়গৈ ।
জানিব পৰা মতে, এই দুৰ্ঘটনাটো সংঘটিত হৈছে লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছ হাইৱে’ত । দুৰ্ঘটনাটোৰ ফলত বৰ্তমান পৰ্যন্ত 30 জন যাত্ৰী আহত হোৱাৰ খবৰ পোৱা গৈছে । গাঁওবাসীৰ সহায়ত আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ।
জানিব পৰা মতে, বিহাৰৰ সীতামাঢ়ীৰ পৰা দিল্লী অভিমুখে গৈ আছিল বাছখন । বাছখনৰ গতি ইমানেই তীব্ৰ আছিল যে দুৰ্ঘটনাটোৰ ফলত বাছৰ ভিতৰত থকা যাত্ৰী বাহিৰলৈ ছিটিকি পৰে ৷
উদ্ধাৰ অভিযান আৰম্ভ
ইতিমধ্যে দুৰ্ঘটনাটো সংঘটিত হোৱা স্থানত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । প্ৰশাসনে প্ৰকাশ কৰিছে হেল্পলাইন নম্বৰ ।
আহত একাংশৰ নাম
১) দিলশাদ পুত্ৰ, মোদীপুৰম মীৰাট
2) সাহিল, দোলদী মডিনগৰ মীৰাট
3) কুমাভান, মণিকাৰিম পেনাটা, দিল্লী
4) শালিম, পিনাৰা কোঠি পিপৰা চহৰ মতিহাৰী বিহাৰ
5) চান্দনী, ভজনপুৰা দিল্লী
6) সাবানা, ভজনপুৰা দিল্লী
7) নাগমা, ভজনপুৰা দিল্লী
8) মহম্মদ ছাদ্দাম, মহল্লা গঞ্জ তাৰিয়ানী জিলা শিৱহাৰ (বিহাৰ)
9) ৰাজনীশ কুমাৰ, জাহাংগীৰ পুৰ শ্যামপুৰ মাতাহা জিলা শিৱহাৰ (বিহাৰ)
10) ৰাজদিৱস প্ৰসাদ, জমুৱা যোনি সীতামাঢ়ী
11) লালবাবু দাস, হিৰৌতা হিৰম্মা, শিৱহাৰ
12) ৰাম প্ৰৱেশ কুমাৰ, হিৰৌতা হিৰম্মা, শিৱহাৰ
13) ভাৰত ভূষণ কুমাৰ, হিৰৌতা হিৰম্মা, শিৱহাৰ
14) চকিল, বস্তি খোৱাজা মিৰ্দাৰ্ড, কমলা মাৰ্কেট দিল্লী
15) তৌফিক, বস্তি খোৱাজা কমলা বজাৰ, দিল্লী
16) মুন্নী খাতুন, বস্তি খোৱাজা কমলা বজাৰ, দিল্লী
17) উৰ্ছদ, চান্দনী চ’ক কাজী হাউছ, দিল্লী
18) নীতু, শ্বাহপুৰ ভটহা শিৱহাৰ
19) সন্তোষ, আম্বা চ’ক কৈৱী পিপৰাণী শিৱহাৰ
হেল্পলাইন নম্বৰ
0515-2970766
0515-2970767
টোল ফ্ৰী নম্বৰ 1077
9651432703
9454417447
8081211297
কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনাটো
তথ্য অনুসৰি বুধবাৰৰ পুৱতি নিশা প্ৰায় 4.30 বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো । এই দুৰ্ঘটনাটোত এতিয়ালৈকে 18 জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । আনহাতে, 30 জনতকৈ অধিক যাত্ৰী আহত হোৱাৰ খবৰ পোৱা গৈছে । আৰক্ষীয়ে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ লগতে মৃতদেহ চিনাক্ত কৰিবলৈ আৰম্ভ কৰিছে । ইফালে, আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । বহু যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।
जनपद उन्नाव में सड़क दुर्घटना में हुई जनहानि अत्यंत दुःखद एवं हृदय विदारक है।
— Yogi Adityanath (@myogiadityanath) July 10, 2024
मेरी संवेदनाएं शोकाकुल परिजनों के साथ हैं।
जिला प्रशासन के अधिकारियों को मौके पर पहुंचकर राहत कार्य में तेजी लाने के निर्देश दिए गए हैं।
प्रभु श्री राम से प्रार्थना है कि दिवंगत आत्माओं को अपने श्री…
মুখ্যমন্ত্রী যোগী আদিত্যনাথে ঘটনা সন্দৰ্ভত শোকপ্ৰকাশ কৰিছে ৷ মৃতকৰ প্ৰতিও শোক প্ৰকাশ কৰিছে ।
আনহাতে, X যোগে মৃতকক শ্ৰদ্ধাঞ্জলি জনাইছে বিএছপি শীৰ্ষ মায়াৱতীয়ে ।

