দ খাৱৈত বাগৰি পৰিল পৰ্যটকেৰে ভৰা বিলাসী বাছ, দুটি নাবালকৰ মৃত্যু - Road Accident
Accident in Saputara Ghat : পৰ্যটকেৰে ভৰা এখন বিলাসী বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ দুটি নাবালকৰ মৃত্যু। দুৰ্ঘটনাটোৰ সময়ত বাছখনত মুঠ ৬৫ জন লোক আছিল।

Published : July 7, 2024 at 10:54 PM IST
নেশ্যনেল ডেস্ক, 7 জুলাই : দেওবাৰে সংঘটিত হোৱা এক শোকাৱহ দুৰ্ঘটনাত দুটি শিশুৰ মৃত্য হয় ৷ দ খাৱৈত এখন বিলাসী বাছ বাগৰি পৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷ দেওবাৰে গুজৰাটৰ সপুতৰাৰ পৰা ছামঘান সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা ৷ এখন বিলাসী বাছ খাৱৈত বাগৰি পৰি দুটি নাবালকৰ মৃত্যু হয় ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত প্ৰায় 65 জন লোকে যাত্ৰা কৰিছিল বুলি জানিব পৰা গৈছে ৷
সূত্ৰ অনুসৰি পৰ্যটক কঢ়িয়াই নিয়া বিলাসী বাছখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ দ খাৱৈত বাগৰি পৰে, যাৰ ফলত বহুলোক বাছখনৰ তলত আৱদ্ধ হৈ পৰে ৷ চৰকাৰী সূত্ৰই জনোৱা মতে, শিশু দুটি বাছৰ তলত সোমাই যোৱাৰ ফলত চেপা খাই মৃত্যু হয় ৷
লগতে পঢ়ক : হিট এণ্ড ৰাণ : বিলাসী বি এম ডব্লিউৰ খুন্দাত প্ৰাণ গ’ল মহিলাৰ, শিৱসেনাৰ নেতা আটক - Mumbai hit and run case
চুৰাটৰ পৰা যাত্ৰা কৰা ভৰত চৌহানে কয় যে 'যেতিয়া আমি ঘৰলৈ উভতি আহিছিলো, বাছ চালকজনে এখন ট্ৰাকক অতিক্ৰম কৰিছিল, সেই সময়তে বাছখন মূল পথৰ পৰা ওলাই গৈ খাৱৈত বাগৰি পৰে ৷ আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসাৰ বাবে ছমঘান চি এইচ চি চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ দুৰ্ঘটনাটো ইমানেই গুৰুতৰ আছিল যে বাছখন ওলোটাই হৈ পৰিছিল ৷
এই ঘটনাৰ পিচতে ততাতৈয়াকৈ ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰকাৰী দল উপস্থিত হয় ৷ বাছৰ তলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অভিযান চলায় উদ্ধাৰকাৰীৰ দলে ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতে সেই স্থানত সমবেত হয় এক জনসমাগম ৷ পথৰ কাষৰ বেৰৰ ওপৰেৰে জপিয়াই পৰে বাছখন ৷ ক্ৰেনৰ সহায়ত খাৱৈৰ পৰা উলিয়াই অনা হয় বাছখন ৷
লগতে পঢ়ক : পুৰীৰ ঐতিহাসিক ৰথযাত্ৰা: ১ জন ভক্তৰ মৃত্যু, পদপিষ্ট হৈ আহত কেইবাজনো - Puri Rath Yatra

