টংক (ৰাজস্থান): প্ৰখৰ ৰ'দ আৰু দেই-পুৰি যোৱা গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ নৈত গা ধুবলৈ গৈছিল ১০ যুৱক । কিন্তু গা শীতল কৰাৰ পৰিৱৰ্তে মৃত্যুৰ শীতল কোলাত শুই পৰিল তাৰে ৭ জন । আনহাতে, আন তিনিজন এতিয়াও সন্ধানহীন । ঘটনাৰ স্থান ৰাজস্থানৰ টংক জিলা ।
ৰাজস্থানৰ টংক জিলাত মঙলবাৰে বনাস নদীত গা ধুবলৈ গৈছিল দহজনীয়া এটা যুৱকৰ দল । কিন্তু এক শোকাৱহ ঘটনাত নদীত গা ধুবলৈ যোৱা যুৱককেইজন নৈৰ পানীত ডুব যায় । ইয়াৰে ভিতৰত ৭ জন যুৱকৰ সলিল সমাধি ঘটে । এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে জয়পুৰৰ জিলা আয়ুক্ত ডাঃ জিতেন্দ্ৰ কুমাৰ চোনী টংকলৈ ৰাওনা হয় । টংকৰ আৰক্ষী অধীক্ষকে ৭ জন যুৱকৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে । বাকী তিনিজন যুৱকৰ সন্ধানত অভিযান চলি আছে ।
প্ৰাপ্ত তথ্য মতে, বনাস নদীত গা ধুবলৈ যোৱা যুৱককেইজন হঠাতে কোবাল সোঁতত পৰি ডুব যায় । এই হৃদয় বিদাৰক ঘটনাত এতিয়ালৈকে ৭ জন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । ঘটনাৰ খবৰ পোৱা মাত্ৰকে স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । এতিয়াও বাকী তিনিজন যুৱকৰ সন্ধানত অভিযান চলি আছে । স্থানীয় দুৰ্যোগ প্ৰশমন বিভাগৰ দলৰ সহায়ত নদীত অনুসন্ধান অভিযান চলি আছে ।
ইফালে এই শোকাৱহ ঘটনাত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে । জানিব পৰা মতে পানীত ডুব যোৱা আটাইকেইজন যুৱক জয়পুৰৰ । শেহতীয়া তথ্যৰ বাবে অপেক্ষা কৰি থকা হৈছে ।