ETV Bharat / bharat

পুঞ্চত সেনা-সন্ত্ৰাসবাদীৰ মাজত মুখামুখি সংঘৰ্ষ, অব্যাহত তালাচী অভিযান - ENCOUNTER IN POONCH

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হৈছে গুলীচালনা ৷ তাৰ পিছতে সেনাৰ নিশ্চিদ্ৰ তালাচী অভিযান আৰম্ভ ৷

ENCOUNTER IN POONCH
সেনাৰ তালাচী অভিযানৰ এক দৃশ্য (ANI Photo)
author img

By ETV Bharat Assamese Team

Published : April 15, 2025 at 10:58 AM IST

2 Min Read

পুঞ্চ: জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ সুৰংকটৰ লাছানা অঞ্চলত সোমবাৰে নিশা নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হয় সংঘৰ্ষ ৷ এই ঘটনাত এজন নিৰাপত্তাৰক্ষী আহত হোৱাৰ বিপৰীতে সন্ত্ৰাসবাদীয়ে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ।

ইয়াৰ পিছতে অঞ্চলটোত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰি সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলা হয় । সেনাবাহিনীৰ হোৱাইট নাইট কৰ্পছে এক্সত দিয়া এক পোষ্ট অনুসৰি, জম্মু-কাশ্মীৰ আৰক্ষীৰ সহযোগত সন্ত্রাসবাদীক কৰায়ত্ত কৰাৰ উদ্দেশ্যে তেওঁলোকে চলাইছিল এই অভিযান ৷ বৰ্তমানলৈকে অব্যাহত আছে এই অভিযান ৷

আনহাতে, ভাৰতীয় সেনাৰ ৰোমিঅ’ ফ’ৰ্চেও সন্ত্ৰাসবাদীৰ সন্ধানত সোমবাৰে নিশা পুঞ্চত তালাচী অভিযান আৰম্ভ কৰে । বিষয়াসকলৰ মতে, পুঞ্চৰ পৰা জম্মু সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ লাছানা গাঁৱৰ সমীপত ৰোমিঅ’ ফৰ্চৰ জোৱানৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰিছিল ৷ এই ঘটনাত আহত হয় এজন নিৰাপত্তাৰক্ষী ।

ENCOUNTER IN POONCH
অতিৰিক্ত সৈন্য মোতায়েন (ANI Photo)

এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অতিৰিক্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হয় । মঙলবাৰে পুৱা লাভ কৰা উক্ত স্থানৰ ফটোসমূহত সেনা জোৱানসকলে ডগ স্কোৱাডৰ সহায়ত সেই অঞ্চলত চলাচল কৰা বাহনসমূহ তন্ন-তন্নকৈ পৰীক্ষা কৰা দেখা গৈছে ।

তদুপৰি এই ঘটনাৰ পিছৰে পৰা লাছানা গাঁৱত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । কাৰণ সন্ত্ৰাসবাদীৰ পলায়নৰ যিকোনো চেষ্টা ব্যৰ্থ কৰাৰ স্বাৰ্থতে বাতৰি লিখাৰ পৰলৈকে সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যুটীয়া অভিযান চলি আছে ।

পূৰ্বে জম্মু-কাশ্মীৰত চলি থকা অভিযান আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ মাজতে শনিবাৰে সেনাই সন্ত্ৰাসবাদী নিঃশেষ নোহোৱালৈকে অভিযান অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ সদৰী কৰে ।

লগতে পঢ়ক: তাহাউৰ ৰাণাক লাগে এটা কলম, কাগজ আৰু কোৰাণ: দৈনিক ৮-১০ ঘণ্টা জেৰা চলাইছে "নিয়া"ই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.