বন্দীপোৰা: পহলগামৰ বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা বৃদ্ধি কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷ জম্মু-কাশ্মীৰৰ বন্দীপোৰা জিলাত নিৰাপত্তাৰক্ষীয়ে এই ঘটনাৰ পিছৰে পৰা সন্ত্ৰাসবাদীৰ সন্ধানত ধাৰাবাহিক অভিযান চলোৱা বুলি চৰকাৰী সূত্ৰই শুকুৰবাৰে পুৱা প্ৰকাশ কৰিছে ।
সূত্ৰৰ পৰা জানিব পৰা মতে, জিলাখনৰ কুলনাৰ বাজিপোৰা অঞ্চলত বৰ্তমানে অব্যাহত আছে এই তালাচী অভিযান ৷ বাতৰি লিখাৰ পৰলৈকে এই সন্দৰ্ভত সবিশেষ তথ্য লাভ কৰিব পৰা নাই ৷
বৃহস্পতিবাৰে কেন্দ্ৰীয় শাসিত অঞ্চলৰ উধমপুৰ জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হোৱা গুলীচালনাৰ সময়ত সেনাবাহিনীৰ এজন জোৱান আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে বুলি আৰক্ষীয়ে সদৰী কৰে ৷
"নিৰ্দিষ্ট চোৰাংচোৱাৰ ভিত্তিত আজি উধমপুৰৰ বসন্তগড়ত জম্মু-কাশ্মীৰ আৰক্ষীৰ সৈতে যৌথ অভিযান আৰম্ভ কৰা হয় । এই সময়ছোৱাত সন্ত্ৰাসবাদীৰ সন্মুখীন হোৱাত ভয়ংকৰ গুলীচালনা সংঘটিত হয় । আমাৰ এজন সাহসী সৈনিকে প্ৰথমে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু চিকিৎসাৰ প্ৰদানৰ পিছতো মৃত্যুবৰণ কৰে" বুলি এগৰাকী নিৰাপত্তাৰক্ষীয়ে ব্যক্ত কৰে ৷
বিগত ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ পিছত ভাৰতীয় সেনাই সন্ত্ৰাসবাদীক নিষ্ক্ৰিয় কৰাৰ বাবে কেইবাটাও অনুসন্ধান অভিযান আৰম্ভ কৰিছে ।
এই আক্ৰমণৰ পিছতে ভাৰতে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ বাবে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । সমান্তৰালকৈ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী চৰকাৰে ৷ তাৰ ভিতৰত সিন্ধু জল চুক্তি বাতিল, আটাৰী-ৱাঘা সীমান্ত বন্ধ, পাকিস্তানী নাগৰিকৰ ভিছা বাতিলকে ধৰি কেইবাটাও গুৰু বিষয় অন্তৰ্ভুক্ত হৈ আছে ৷
লগতে পঢ়ক: সন্ত্ৰাসবাদক ধ্বংস কৰাত আমাৰ সহযোগ থাকিব: চৰকাৰলৈ বিৰোধীৰ পূৰ্ণ সমৰ্থন