Bihar Election Results 2025

ETV Bharat / bharat

জম্মু-কাশ্মীৰত সেনাৰ এম্বুলেন্সক লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ গুলীচালনা

Terrorist attack: সীমান্তৰ খৌৰৰ ভট্টাল অঞ্চলৰ আছান মন্দিৰৰ সমীপত সেনাৰ এখন এম্বুলেন্সক লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ গুলীচালনা । কোনো লোক হতাহত হোৱা নাই ।

Terrorist attack
জম্মু-কাশ্মীৰত সেনাৰ এম্বুলেন্সক লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ গুলীচালনা (ANI)
author img

By PTI

Published : October 28, 2024 at 11:26 AM IST

2 Min Read
Choose ETV Bharat

জম্মু-কাশ্মীৰ : শেহতীয়া কিছুদিনত জম্মু-কাশ্মীৰত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । কেইবাবাৰো নিৰাপত্তা বাহিনীক লক্ষ্য কৰি লৈছে সন্ত্ৰাসবাদীয়ে ।

সেনাৰ এম্বুলেন্সত আক্ৰমণ

সোমবাৰে পুৱা পুনৰ সেনাৰ এখন এম্বুলেন্সক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে । খৌৰৰ ভট্টাল অঞ্চলৰ আছান মন্দিৰৰ সমীপত গাঁওবাসীয়ে গুলীৰ শব্দ শুনিছিল । পিছত গম পোৱা গৈছিল যে সন্ত্ৰাসবাদীয়ে সেনাৰ বাহনখনক লক্ষ্য কৰি গুলীচালনা কৰিছিল । অৱশ্যে এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ।

ইফালে নিৰাপত্তা বিষয়াসকলে জনোৱা অনুসৰি সোমবাৰে পুৱা পাকিস্তানৰ সীমান্তৰ সমীপৰ আখনুৰ চেক্টৰত ৩ সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ পোৱাৰ পিছতে তালাচী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে ।

আৰক্ষীৰ সহযোগত সেনাই গাঁওখন আৰু কাষৰীয়া অঞ্চলসমূহ ঘেৰাও কৰি ৰাখিছে আৰু সীমান্তৰ মাজেৰে অনুপ্ৰৱেশৰ চেষ্টা কৰা সন্ত্ৰাসবাদীসকলক বিচাৰি উলিয়াবলৈ অভিযান অব্যাহত ৰাখিছে ।

গান্দেৰৱালৰ আক্ৰমণ

উল্লেখ্য যে, যোৱা ২০ অক্টোবৰত জম্মু-কাশ্মীৰৰ গান্দেৰৱালত সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ কৰিছিল । সন্ধিয়া গগনগীৰৰ এটা সুৰংগৰ নিৰ্মাণস্থলীত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল । সেই আক্ৰমণত ৬ গৰাকী শ্ৰমিক আৰু এগৰাকী চিকিৎসক নিহত হৈছিল ।

সেই আক্ৰমণৰ পিছতে নিৰাপত্তা বাহিনীয়ে জম্মু-কাশ্মীৰৰ বিভিন্ন অঞ্চলত অভিযান তীব্ৰতৰ কৰি তুলিছে । এই আক্ৰমণত জড়িত এটা সন্ত্ৰাসবাদীক ইতিমধ্যে চিনাক্ত কৰা হৈছে । সন্ত্ৰাসবাদীটো লস্কৰ-ই-তৈবা (এলইটি)ৰ শাখা ৰেজিষ্টেন্স ফ্ৰণ্টৰ (টিআৰএফ) সদস্য মহম্মদ ৰমজান ভাট বুলি চিনাক্ত হৈছে । ভাটক আক্ৰমণস্থলীৰ চিচিটিভি ফুটেজতো দেখা গৈছে । সন্ত্ৰাসবাদীটোৰ সন্ধানত ইতিমধ্যে আৰক্ষী তথা নিৰাপত্তা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :গান্দেৰৱালৰ আক্ৰমণত জড়িত সন্ত্ৰাসবাদীক চিনাক্ত