কলকাতাৰ চিকিৎসক ধৰ্ষণৰ ঘটনা; উচ্চতম ন্যায়ালয়ৰ বিশেষ গুৰুত্ব আৰোপ - Kolkata rape and murder case
Kolkata rape and murder case: কলকাতাৰ আৰজি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকক ধৰ্ষণ আৰু হত্যাকাণ্ডই দেশ কঁপোৱাৰ সময়তে উচ্চতম ন্যায়ালয়ে বিষয়টো গুৰুত্বসহকাৰে লৈছে । শীৰ্ষ আদালতে ২০ আগষ্টত গোচৰটোৰ শুনানি গ্ৰহণ কৰিব ।

By ANI
Published : August 18, 2024 at 9:04 PM IST
নেশ্যনেল ডেস্ক,১৮ আগষ্ট : কলকাতাৰ আৰজি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকক ধৰ্ষণ আৰু হত্যাকাণ্ডই ইতিমধ্যে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । তাৰ মাজতে ঘটনাটোক গুৰুত্বসহকাৰে লৈছে উচ্চতম ন্যায়ালয়ে । ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰাৰ বিচাৰপীঠে ২০ আগষ্টত গোচৰটোৰ শুনানি গ্ৰহণ কৰিব ।
উল্লেখ্য যে চিকিৎসা মহাবিদ্যালয়খনৰ স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীৰ মৃতদেহ ৯ আগষ্টত আৰজি কৰ হাস্পতালৰ চেমিনাৰ কোঠাত পোৱা গৈছিল । কলকাতা আৰক্ষীয়ে এই সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ কৰিছিল । কিন্তু কলকাতা উচ্চ ন্যায়ালয়ে কলকাতা আৰক্ষীৰ তদন্তত সন্তুষ্টিৰ অভাৱ প্ৰকাশ কৰাৰ পিচত চিবিআইক তদন্তৰ দায়িত্ব ল'বলৈ নিৰ্দেশ দিয়ে ।
উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি আবেদন :
শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত অনুশীলন কৰি থকা দুগৰাকী অধিবক্তা আৰু তেলেংগানাৰ এগৰাকী চিকিৎসকে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়লৈ এখন পত্ৰ লিখি কলকাতাৰ আৰজি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰটোত নিজাববীয়াকৈ বিবেচনা কৰিবলৈ আহ্বান জনায় ।
চিকিৎসক তথা স্বাস্থ্য সেৱাৰে জড়িত লোকৰ ওপৰত হোৱা আক্ৰমণৰ কেইবাটাও ঘটনা, বিশেষকৈ কলকাতাৰ আৰজি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ঘটনাৰ পিচত তাৎক্ষণিক হস্তক্ষেপ বিচাৰি উচ্চতম ন্যায়ালয়ত আন এখন আবেদন দাখিল কৰা হৈছে ।
তেলেংগানাৰ ছেকেন্দ্ৰাবাদৰ আৰ্মী কলেজ অৱ ডেণ্টেল চাইন্সেছৰ ডাঃ মণিকা সিঙে তেওঁৰ অধিবক্তা সত্যম সিঙৰ জৰিয়তে চিকিৎসা বৃত্তিধাৰীসকলৰ ওপৰত হোৱা কেইবাটাও আক্ৰমণৰ ঘটনাৰ পিচত তাৎক্ষণিক হস্তক্ষেপ বিচাৰে ।
১৪ আগষ্টত আৰজি কৰ চিকিৎসা মহাবিদ্যালয়ত হোৱা আক্ৰমণৰ কথা উল্লেখ কৰি তাৰ কৰ্মচাৰীসকলক সুৰক্ষা দিবলৈ তাৎক্ষণিকভাৱে কেন্দ্ৰীয় বাহিনী মোতায়েন কৰিবলৈও তেওঁ পত্ৰখনৰ জৰিয়তে আহ্বান জনায় । পত্ৰখনৰ জৰিয়তে সিঙে আক্ৰমণৰ সম্পূৰ্ণ আৰু নিৰপেক্ষ তদন্তৰ লগতে সমগ্ৰ দেশৰ চিকিৎসা প্ৰতিষ্ঠানসমূহৰ বাবে ব্যাপক নিৰাপত্তা ব্যৱস্থা বিচাৰিছিল ।

