তিৰুপতি লাডু গোচৰ; স্বতন্ত্ৰ এছআইটি গঠনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ - Tirupati Laddu controversy
Tirupati Laddu case: তিৰুপতি লাডু গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । চিবিআইৰ সঞ্চালকৰ নেতৃত্বত স্বতন্ত্ৰ এছআইটিয়ে কৰিব নতুনকৈ তদন্ত ।

Published : October 4, 2024 at 1:57 PM IST
নেশ্যনেল ডেস্ক,৪ অক্টোবৰ : বিশ্ব প্ৰসিদ্ধ তিৰুপতি মন্দিৰৰ প্ৰসাদত (লাডু) জন্তুৰ চৰ্বি ব্যৱহাৰ কৰাৰ অভিযোগৰ পিচতে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিষয়টোক লৈ দেশজুৰি বিতৰ্ক অব্যাহত থকাৰ মাজতে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । শুনানি গ্ৰহণ কৰি এক স্বতন্ত্ৰ এছআইটিৰ দ্বাৰা গোচৰটোৰ নতুনকৈ তদন্তৰ নিৰ্দেশ দিছে আদালতে । বিশেষ তদন্তকাৰী দলটোত চিবিআই, ৰাজ্যিক আৰক্ষী আৰু এফএছএছএআইৰ এগৰাকী প্ৰতিনিধি থাকিব আৰু চিবিআই সঞ্চালকে এছআইটিৰ তত্বাৱধান কৰিব ।
চিবিআইৰ সঞ্চালকে দিব এছআইটিৰ নেতৃত্ব
ন্যায়াধীশ বি আৰ গাভাই আৰু কে ভি বিশ্বনাথনক লৈ গঠিত এক বিচাৰপীঠে শুনানি গ্ৰহণ কৰি কয়, "আৰম্ভণিতে, আমি স্পষ্ট কৰি দিওঁ যে আমি গোচৰীয়াৰ কোনো আৱেদন বা স্থিতিত অভিযোগ আৰু প্ৰতিৰোধী অভিযোগলৈ যোৱা নাই । আমি স্পষ্ট কৰি দিওঁ যে আমি আদালতক ৰাজনৈতিক যুদ্ধক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ অনুমতি নিদিওঁ ।"
"অৱশ্যে, কোটি কোটি লোকৰ অনুভূতিৰ কথা চিন্তা কৰি আমি দেখিছো যে ৰাজ্যিক আৰক্ষী, চিবিআই আৰু এফএছএছএআইৰ প্ৰতিনিধিক লৈ এক স্বতন্ত্ৰ এছআইটিৰ দ্বাৰা তদন্ত কৰা উচিত ।"
বিচাৰপীঠে কয় যে চিবিআইৰ সঞ্চালকৰ তত্বাৱধানত তদন্ত কৰাটো উচিত হ'ব । বিচাৰপীঠে কয়, "অৱশ্যে, আমি স্পষ্ট কৰি দিছো যে আমাৰ আদেশক এছআইটিৰ বিষয়াসকলৰ স্বাধীনতা বা নিৰপেক্ষতাৰ ওপৰত কোনো প্ৰতিফলন বুলি গণ্য কৰা নহ'ব...আমি কেৱল দেৱতাৰ ওপৰত বিশ্বাস থকা কোটি কোটি লোকৰ অনুভূতিৰ কথা চিন্তা কৰি স্বতন্ত্ৰ তদন্তৰ বাবে নিৰ্দেশ প্ৰদান কৰিছো ।"
বিচাৰপীঠে লগতে কয় যে অন্ধ্ৰ প্ৰদেশ চৰকাৰে নিযুক্তি দিয়া এছআইটিৰ সলনি স্বতন্ত্ৰ এছআইটিত চিবিআইৰ সঞ্চালকৰ দ্বাৰা মনোনীত চিবিআইৰ দুজন বিষয়া, অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ দ্বাৰা মনোনীত ৰাজ্যিক আৰক্ষীৰ দুজন বিষয়া আৰু এফএছএছএআইৰ এজন জ্যেষ্ঠ বিষয়া থাকিব । বিচাৰপীঠে উল্লেখ কৰিছে যে এজাহাৰত থকা অভিযোগবোৰে বিশ্বজুৰি বাস কৰা লোকসকলৰ অনুভূতিক আঘাত কৰাৰ সম্ভাৱনা আছে ।

