পুনৰ ৰাজ্যৰ মৰ্যদা লাভ কৰিব নেকি জম্মু-কাশ্মীৰে ?
জম্মু-কাশ্মীৰৰ ৰাজ্যিক মৰ্যদা পুনৰ ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দি উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছে ।

Published : August 5, 2025 at 4:48 PM IST
নতুন দিল্লী: জম্মু-কাশ্মীৰৰ ৰাজ্যিক মৰ্যদা পুনৰ ঘূৰাই অনাৰ দাবীত কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ বিচৰা আবেদনখন ৮ আগষ্টত বিবেচনা কৰাৰ সম্ভাৱনা আছে উচ্চতম ন্যায়ালয়ৰ ৷
মঙলবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত ন্যায়াধীশ কে বিনোদ চন্দ্ৰনক লৈ গঠিত এখনীয়া বিচাৰপীঠৰ সন্মুখত বিষয়টো দাঙি ধৰা হয় । বিষয়টো দাঙি ধৰে জ্যেষ্ঠ অধিবক্তা গোপাল শংকৰ নাৰায়ণনে ।
অধিবক্তাই দাবী কৰে যে উচ্চতম ন্যায়ালয়ৰ ৱেবছাইট অনুসৰি বিষয়টোৰ শুনানি ৮ আগষ্টত অনুষ্ঠিত হ’ব । দেশৰ শীৰ্ষ আদালতখনৰ মুখ্য ন্যায়াধীশে বিষয়টো মানি লৈছে ৷
উল্লেখ্য যে, মঙলবাৰে পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যক বিশেষ মৰ্যদা প্ৰদান কৰা ৩৭০ অনুচ্ছেদ ২০১৯ বাতিলৰ ছয়টা বছৰ সম্পূৰ্ণ হয় ৷
২০২৩ চনৰ ডিচেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে সৰ্বসন্মতিক্ৰমে ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ পক্ষে ৰায়দান কৰিছিল ৷ আনকি ২০২৪ চনৰ ছেপ্টেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰি ইয়াৰ ৰাজ্যিকত্ব অতি শীঘ্ৰে পুনৰ ঘূৰাই অনাৰ নিৰ্দেশ দিছিল ।
যোৱা বছৰ উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰি দুমাহৰ ভিতৰত জম্মু-কাশ্মীৰৰ ৰাজ্যিক স্থান পুনৰ ঘূৰাই অনাৰ বাবে কেন্দ্রৰ নির্দেশনা বিচাৰিছিল ৷ এই আবেদন দাখিল কৰিছে শিক্ষাবিদ জহুৰ আহমদ ভাট আৰু সামাজিক-ৰাজনৈতিক কৰ্মী খুৰশ্বেইদ আহমদ মালিকে ।
আবেদনখনত এনেদৰে কোৱা হৈছে, ‘‘ৰাজ্যিক স্থান পুনৰুদ্ধাৰত কোনোধৰণৰ পলম হ’লে জম্মু-কাশ্মীৰৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনৰ কাৰ্যক্ষমতা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হ’ব ৷ যাৰ ফলত ভাৰতৰ সংবিধানৰ মৌলিক গাঁথনিৰ অংশ ফেডাৰেলিজমৰ ধাৰণাটো গুৰুতৰভাৱে উলংঘা হ’ব ।’’
আবেদনখনত কোৱা হৈছে যে জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছিল ৷ এই সময়চোৱাত কোনো ধৰণৰ হিংসাত্মক পৰিস্থিতি, অশান্তি বা কোনো নিৰাপত্তাজনিত উদ্বেগৰ খবৰ পোৱা নাছিল ।

