ETV Bharat / bharat

মণিপুৰ পৰিদৰ্শন উচ্চতম ন্যায়ালয়ৰ প্ৰতিনিধি দলৰ: শান্তি স্থাপনৰ বাবে একত্ৰিতভাৱে কাম কৰাৰ আহ্বান - SC JUDGES VISIT MANIPUR

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত ন্যায়াধীশ বিক্ৰম নাথ, এম এম সুন্দ্ৰেশ, কে ভি বিশ্বনাথন আৰু এন কোটিশ্বৰ সিওে সংঘাতজৰ্জৰ অঞ্চলটো পৰিদৰ্শন কৰে ।

SC JUDGES VISIT MANIPUR
মণিপুৰত উচ্চতম ন্যায়ালয়ৰ প্ৰতিনিধি দলৰ (PTI)
author img

By ETV Bharat Assamese Team

Published : March 23, 2025 at 10:23 AM IST

Updated : March 23, 2025 at 10:37 AM IST

3 Min Read

গুৱাহাটী: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ পাঁচজনীয়া প্ৰতিনিধি দলে শনিবাৰে মণিপুৰ ভ্ৰমণ কৰি জনগোষ্ঠীয় সংঘাতগ্ৰস্ত ৰাজ্যখনৰ জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি পুনৰুদ্ধাৰৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনায় । উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত ন্যায়াধীশ বিক্ৰম নাথ, এম এম সুন্দ্ৰেশ, কে ভি বিশ্বনাথন আৰু এন কোটিশ্বৰ সিওে সংঘাতজৰ্জৰ অঞ্চলটো পৰিদৰ্শন কৰে ।

অশান্ত ৰাজ্যখনৰ চুৰচান্দপুৰত আইনী সেৱা শিবিৰ, স্বাস্থ্য শিবিৰ আৰু আইনী সাহায্য ক্লিনিক উদ্বোধন অনুষ্ঠানত ন্যায়াধীশ বি আৰ গাভাইয়ে কয়, "আমাৰ সংবিধানৰ লক্ষ্য হৈছে ন্যায়: সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক । সংবিধানৰ লক্ষ্য হৈছে দেশৰ সকলো নাগৰিকে অধিক ক্ষিপ্ৰতাৰে আৰু সুলভ হাৰত ন্যায়ৰ সুবিধা লাভ কৰা । আমি দেশৰ আটাইতকৈ দূৰৱৰ্তী অঞ্চলসমূহলৈ হাত আগবঢ়াবলৈ চেষ্টা কৰিলোঁ যিবোৰ ৰাজধানীৰ পৰা বহু দূৰত । এখন ন্যায়পৰায়ণ সমাজৰ বাবে প্ৰৱেশ, ন্যায়ৰ সুবিধা, স্বাস্থ্যসেৱাৰ সুবিধা আৰু ব্যক্তিক মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিবলৈ সক্ষম কৰা সুযোগৰ সুবিধা অতি গুৰুত্বপূৰ্ণ ৷"

তেওঁ লগতে কয়, "উচ্চতম ন্যায়ালয়ৰ এই ভ্ৰমণ এক উল্লেখযোগ্য কথা । আমি আগলৈ চাই ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব । আমি অতীত, ঘটা যন্ত্ৰণা বা ট্ৰেজেডীত জীয়াই থকা উচিত নহয় । সময় লাগিব পাৰে, কিন্তু আমি আশাবাদী আৰু ইতিবাচক হৈ থাকিব লাগিব ।"

"...আমাৰ সংবিধানেই আমাক একত্ৰিত আৰু শক্তিশালী কৰি ৰাখিছে । আমাৰ সংবিধানত বিশ্বাস ৰাখক। সংবিধানে এদিন মণিপুৰলৈ শান্তি সম্পূৰ্ণৰূপে ঘূৰাই অহাটো নিশ্চিত কৰিব ।"

"আজিৰ আমাৰ প্ৰচেষ্টা এই প্ৰতিশ্ৰুতিৰ প্ৰতিফলন আৰু এই পদক্ষেপ সম্ভৱ কৰি তোলা সকলো অংশীদাৰৰ প্ৰতি মই গভীৰভাৱে কৃতজ্ঞ । সমাজৰ অন্যতম দুৰ্বল শ্ৰেণীত আভ্যন্তৰীণভাৱে স্থানচ্যুত ব্যক্তিসকল গঠিত । নিজৰ নিয়ন্ত্ৰণৰ বাহিৰৰ বিভিন্ন পৰিস্থিতিৰ বাবে বহু ব্যক্তি আৰু পৰিয়ালক অঘৰী হোৱা দেখা গৈছে, নিজৰ জীৱন পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰি আছে । তেওঁলোকক যাতে পিছ পৰি নাথাকে, সেয়া নিশ্চিত কৰাটো নৈতিক আৰু সাংবিধানিক কৰ্তব্য ।" তেওঁ লগতে কয় ।

“...মণিপুৰ ৰাজ্য আৰু মণিপুৰ ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণে ২৬৫ খন আইনী সাহায্য ক্লিনিক স্থাপন কৰিছে । স্থানচ্যুত জনগোষ্ঠীৰ ভিতৰত স্থাপন কৰা আইনী সাহায্য ক্লিনিকসমূহে বিনামূলীয়া আইনী সাহায্য প্ৰদান কৰিব, লোকসকলক ন্যায় বিচাৰিবলৈ আৰু নিজৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ সক্ষম কৰি তুলিব । মই সকলো স্থানচ্যুত ব্যক্তিক এই সেৱাসমূহৰ সুবিধা ল’বলৈ আহ্বান জনাইছো আৰু তেওঁলোকক আশ্বস্ত কৰিছো যে আমি তেওঁলোকৰ জীৱন পুনৰ নিৰ্মাণৰ দিশত তেওঁলোকৰ সৈতে থিয় দিছো ৷” ন্যায়াধীশ গাভাইয়ে এইদৰে কয় ।

চুৰাচান্দপুৰৰ উপৰিও ইম্ফল উপত্যকাৰ বিষ্ণুপুৰ জিলাৰ কিছুমান সাহায্য শিবিৰ পৰিদৰ্শন কৰি ন্যায়াধীশৰ প্ৰতিনিধিৰ দলটোৱে শৰণাৰ্থীসকলক সাক্ষাৎ কৰে । মণিপুৰৰ পৰা অহা ন্যায়াধীশ এন কোটিশ্বৰ সিঙে পিছত সাংবাদিকৰ সৈতে কথা পাতি কয় যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ ভ্ৰমণে সকাহ দিব আৰু আগবাঢ়ি যোৱাৰ আশাৰ সৃষ্টি কৰিব ।

লগতে পঢ়ক: আইনী সাহায্য ক্লিনিক উদ্বোধনৰ বাবে ইম্ফলত উপস্থিত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দল

Last Updated : March 23, 2025 at 10:37 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.