ETV Bharat / bharat

অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপকক অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান - SC INTERIM BAIL TO MAHMUDABAD

উচ্চতম ন্যায়ালয়ে গোচৰৰ তদন্ত স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰি ইয়াৰ তদন্তৰ বাবে তিনিজনীয়া এছ আই টি গঠন কৰে ।

SC Interim Bail To Mahmudabad
অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক আলী খান মাহমুদাবাদ ফাইল ফটো (X/@Mahmudabad)
author img

By Sumit Saxena

Published : May 21, 2025 at 5:28 PM IST

5 Min Read

নতুন দিল্লী : অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক আলী খান মাহমুদাবাদক উচ্চতম ন্যায়ালয়ে অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰে । উল্লেখ্য যে ২২ এপ্ৰিলত পহলগামত ২৬ জন লোকৰ মৃত্যু হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতীয় সেনাই আৰম্ভ কৰা অপাৰেশ্যন সেন্দূৰক লৈ ছ’চিয়েল মিডিয়াত কৰা পোষ্টৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল ।

ন্যায়াধীশ সূৰ্য কান্ত আৰু এন কোটিশ্বৰ সিঙক লৈ গঠিত বিচাৰপীঠে অধ্যাপকগৰাকীক অন্তৰ্ৱৰ্তীকালীন সকাহ প্ৰদানৰ সিদ্ধান্ত ল'লেও তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টৰ সময়ৰ ওপৰত কঠোৰ পৰ্যবেক্ষণ কৰাৰ পৰা বিৰত নাথাকিল, য’ত সাম্প্ৰদায়িক বিস্ফোৰণ আছিল । লগতে তেওঁৰ শব্দ চয়নক সমালোচনা কৰি কয় যে ইয়াক ইচ্ছাকৃতভাৱে আন পক্ষক অপমান, হেয় বা কোনো ধৰণৰ অস্বস্তিত পেলাবৰ বাবে কৰা যেন লাগে ।

বিচাৰপীঠে অধ্যাপকগৰাকীৰ শব্দ চয়নৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয় যে এই শব্দবোৰ ইচ্ছাকৃতভাৱে অপমান, হেয় বা আনক অস্বস্তিত পেলোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছে । উচ্চতম ন্যায়ালয়ে কয়, "যেতিয়া দেশখনে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, তেতিয়া মানুহে সস্তীয়া জনপ্ৰিয়তা লাভৰ আশ্ৰয় কিয় ল'ব লাগে ।"

আনহাতে, উচ্চতম ন্যায়ালয়ে গোচৰটোৰ তদন্ত স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰি ইয়াৰ তদন্তৰ বাবে তিনিজনীয়া এছ আই টি গঠন কৰে । লগতে অধ্যাপকগৰাকীক দুয়োটা অনলাইন পোষ্টৰ সৈতে জড়িত কোনো অনলাইন পোষ্ট, প্ৰবন্ধ বা কোনো বক্তব্য লিখাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে । ইয়াৰ উপৰি ভাৰতৰ মাটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত বিষয়সমূহ বা দেশে ইয়াৰ প্ৰতি দিয়া সঁহাৰিৰ ওপৰত কোনো ধৰণৰ মতামত প্ৰকাশ কৰাৰ পৰাও বাধা প্ৰদান কৰা হৈছে ।

শুনানিৰ সময়ত ছ’চিয়েল মিডিয়াৰ পোষ্টবোৰৰ কথা উল্লেখ কৰি ন্যায়াধীশ কান্তে অধ্যাপকগৰাকীক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা কপিল ছিবালক প্ৰশ্ন কৰে, “এনেধৰণৰ কথা কোৱাৰ এইটো সময় নেকি ? ইমান সাম্প্ৰদায়িক বিস্ফোৰণ... দেশখনে এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে; বিভিন্ন ক্ষেত্ৰৰ পৰা দানৱে আহি আমাৰ নিৰীহ লোকসকলক আক্ৰমণ কৰিছিল । আৰু সেই সময়ত যেতিয়া আমি একত্ৰিত হৈছোঁ.... তেওঁলোকে (কিছুমান মানুহে) কিয় সস্তীয়া জনপ্ৰিয়তা লাভ কৰিবলৈ চেষ্টা কৰিছে ?”

আনহাতে, ইয়াৰ উত্তৰত ছিবালে দৃঢ়তাৰে কয় যে ইয়াত কোনো অপৰাধমূলক উদ্দেশ্য নাই আৰু তেওঁ কাকো বদনাম কৰা নাই ।

"আনটো বিষয়ত, যাৰ ইয়াৰ লগত কোনো সম্পৰ্ক নাই (তাৎক্ষণিক বিষয়ত) । কোনোবাই বাক স্বাধীনতাৰ অধিকাৰৰ কথা কৈ আছে, কিন্তু কৰ্তব্য ক'ত ? সকলোৱে অধিকাৰৰ কথা কয় । মোৰ এইটো কৰাৰ অধিকাৰ আছে.... যিহেতু বিগত ৭৫ বছৰৰ পৰা সমগ্ৰ দেশখনে জাতিটোৰ প্ৰতি কৰ্তব্য কি সেইটো নোকোৱাকৈয়ে কেৱল অধিকাৰ বিতৰণ কৰি আছে ।" ন্যায়াধীশ কান্তে কয় ।

ন্যায়াধীশ কান্তে লগতে কয়, “আপোনাৰ শৈক্ষিক মানদণ্ডৰে ছিবাল মহাশয়, আপুনি এইটো অতি ভালদৰে বুজিব পাৰে ।”

আনহাতে, ছিবালে কয় যে তেওঁৰ মক্কেলে দেশপ্ৰেমমূলক বক্তব্য দিছিল । এই ক্ষেত্ৰত ন্যায়াধীশ কান্তে কয়, "কিছুমান বক্তব্য এনেকুৱা.... কোনোবাই সহমত প্ৰকাশ কৰক বা নকৰক, সেয়া মতামত । কিছুমান মতামতে ৰাষ্ট্ৰক অপমানিত কৰা নাই....।"

ছিবালে কয় যে তেওঁৰ মক্কেলে কেৱল এইটো মন্তব্য কৰিছে যে এইটো এনেকুৱা কিছু কথা যিটো সমসাময়িক ভাৰতে কৰি আছে । এই সন্দৰ্ভত ন্যায়াধীশ কান্তে কয়, “মিষ্টাৰ ছিবাল, যি হৈ আছে সেয়া সমাজৰ বাবে অতি দুৰ্ভাগ্যজনক... যেতিয়া শব্দৰ চয়ন ইচ্ছাকৃতভাৱে আন পক্ষক অপমান, হেয় বা কোনো ধৰণৰ অস্বস্তিত পেলাবলৈ কৰা হয়.... এগৰাকী বিদ্বান অধ্যাপকৰ ওচৰত অভিধানৰ শব্দৰ অভাৱ থাকিব নোৱাৰে...।” ন্যায়াধীশ কান্তে লগতে কয় যে তেওঁ কাকো আঘাত নিদিয়াকৈয়ে নিজৰ অনুভৱটো সহজ ভাষাত প্ৰকাশ কৰিব পাৰিলেহেঁতেন ।

বিচাৰপীঠে কয়, "আপোনাৰ মত প্ৰকাশ কৰাৰ অধিকাৰ আছে আৰু অনুগ্ৰহ কৰি আনৰ আৱেগৰ কথাও মনত ৰাখক । তেওঁলোকৰ প্ৰতিও কিছু সন্মান প্ৰদৰ্শন কৰক । এনে পৰিভাষা ব্যৱহাৰ কৰক যিটো সহজ, সন্মানজনক আৰু অতি নিৰপেক্ষ ।"

ইফালে ছিবালে কয় যে তেওঁৰ মক্কেলৰ পত্নী ৯ মাহৰ গৰ্ভৱতী । হাৰিয়ানা চৰকাৰক প্ৰতিনিধিত্ব কৰি অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে আঙুলিয়াই দিয়ে যে মাহমুদাবাদৰ পোষ্টটো ছিবালে কোৱা কৰা ধৰণে ইমান সৰল নহয় ।

আনহাতে, বিচাৰপীঠে বিশ্ববিদ্যালয়খনৰ অধ্যাপকৰ দ্বাৰা দাখিল কৰা আবেদনৰ সন্দৰ্ভত জাননী জাৰি কৰি লগতে কয় যে আদালত এই কথাত সন্তুষ্ট যে তদন্ত স্থগিত ৰখাৰ কোনো গোচৰ নাই । “অৱশ্যে এই অনলাইন পোষ্টসমূহৰ প্ৰকাশভংগী বুজিবলৈ আমি হাৰিয়ানাৰ আৰক্ষী সঞ্চালকপ্ৰধানক তিনিজন আই পি এছ বিষয়াৰে এক বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰিবলৈ নিৰ্দেশ দিওঁ, যিসকল হাৰিয়ানা বা দিল্লীৰ নহয় । এছ আই টিৰ নেতৃত্ব মহাপৰিদৰ্শক বা তাতোকৈ ওপৰৰ বিষয়াৰ দ্বাৰা কৰা হ'ব । আৰু আন দুগৰাকী আৰক্ষী অধীক্ষক বা তাৰ ওপৰৰ পদবীৰ বিষয়া হ'ব । আনহাতে, এছ আই টিত এগৰাকী মহিলা আই পি এছ বিষয়াও থাকিব ।" বিচাৰপীঠে কয় ।

হাৰিয়ানাৰ শোনিপটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ (চি জে এম) ওচৰত জামিন বণ্ড প্ৰদানৰ চৰ্তসাপেক্ষে অধ্যাপকগৰাকীক অন্তৰ্ৱৰ্তীকালীন জামিনত মুকলি কৰি দিবলৈ বিচাৰপীঠে নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক :পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পূৰ্বে পাকিস্তান ভ্ৰমণ কৰিছিল জ্যোতি মালহোত্ৰাই - HARYANA YOUTUBER ARRESTED
লগতে পঢ়ক :ক্ষমা খুজিবলৈ অস্বীকাৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ: হাৰিয়ানা মহিলা আয়োগৰ মুৰব্বীক নকৰিলে সাক্ষাৎ - HARYANA WOMENS COMMISSION CHIEF

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.