নতুন দিল্লী: ভাৰতীয় বায়ুসেনাৰ এগৰাকী মহিলা বিষয়াৰ পক্ষত থাকি উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । অপাৰেশ্যন বালাকোট আৰু অপাৰেশ্যন সেন্দূৰৰ অংশ এগৰাকী মহিলা বিষয়াক সেৱাৰ পৰা অব্যাহতি দিয়াৰ পৰা বিৰত থাকিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু বায়ুসেনাক নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে ।
ন্যায়াধীশ সূৰ্য কান্ত আৰু এন কোটিশ্বৰ সিঙৰ বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰে । বিচাৰপীঠে কয় যে দেশৰ বায়ুসেনা বিশ্বৰ অন্যতম শ্ৰেষ্ঠ সংগঠন, ইয়াৰ বিষয়াসকল প্ৰশংসনাৰ পাত্ৰ আৰু তেওঁলোকে দেখুওৱা সমন্বয়ৰ মানদণ্ড অতুলনীয় ।
ন্যায়াধীশ কান্তই কয়, "সেয়েহে আমি তেওঁলোকক সদায় চ্যেলুট দিওঁ । তেওঁলোক জাতিৰ বাবে এক ডাঙৰ সম্পদ । তেওঁলোক দেশৰ ৰক্ষক । তেওঁলোকৰ বাবেই আমি ৰাতি শুব পাৰিছোঁ ।"
বিচাৰপীঠে কয় যে ভাৰতীয় বায়ুসেনা এক পেছাদাৰী শক্তি আৰু এনে বিষয়াৰ বাবে সেৱাৰ অনিশ্চয়তা ভাল নহয় । শ্বৰ্ট ছাৰ্ভিচ কমিছনৰ (এছ এছ চি) বিষয়াসকলৰ তেওঁলোকৰ নিযুক্তিৰ পিছতে কঠোৰ জীৱন আৰম্ভ হয় । কিয়নো তেওঁলোকক স্থায়ী কমিচন প্ৰদান কৰিবলৈ ১০ বা ১৫ বছৰৰ সময় লাগে । বিচাৰপীঠে কয় যে সেই অনিশ্চয়তাৰ ভাব সশস্ত্ৰ বাহিনীৰ বাবে ভাল নহ'বও পাৰে । এয়া সাধাৰণ মানুহৰ পৰামৰ্শ, কাৰণ আমি বিশেষজ্ঞ নহয় । ন্যূনতম মানদণ্ডৰ ক্ষেত্ৰত আপোচ হ'ব নোৱাৰে ।
বিষয়াগৰাকীৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা মেনকা গুৰুস্বামীয়ে কয় যে তেওঁৰ মক্কেল এগৰাকী বিশেষজ্ঞ যুঁজাৰু নিয়ন্ত্ৰক, যিয়ে অপাৰেশ্যন সেন্দূৰ আৰু অপাৰেশ্যন বালাকোটত নিয়োজিত ইণ্টিগ্ৰেটেড এয়াৰ কমাণ্ড এণ্ড কণ্ট্ৰল চিষ্টেমত (আই এ চি চি এছ) বিশেষজ্ঞ হিচাপে কাম কৰিছিল ।
জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কয় যে বিষয়াগৰাকীয়ে ১৩.৫ বছৰতকৈও অধিক সময় কাৰ্যনিৰ্বাহ কৰি আহিছে যদিও ২০১৯ চনৰ নীতিৰ ফলত তেওঁক স্থায়ী কমিচনৰ পৰা বঞ্চিত কৰা হৈছিল আৰু এমাহৰ পিছত তেওঁ সেৱা সমাপ্ত কৰিবলৈ বাধ্য হৈছিল ।
কেন্দ্ৰৰ অধিবক্তাই বিচাৰপীঠৰ সন্মুখত দাখিল কৰিছে যে আবেদনকাৰীক বাছনি ব'ৰ্ডে অযোগ্য বুলি বিবেচনা কৰিছে আৰু বিষয়াজনে কোনো প্ৰতিনিধিত্ব দাখিল নকৰাকৈয়ে পোনপটীয়াকৈ উচ্চতম আদালতত আবেদন জনায় । কেন্দ্ৰৰ অধিবক্তাই দাবী কৰিছে যে দ্বিতীয়খন বাছনি ব'ৰ্ডে তেওঁৰ গোচৰটো বিবেচনা কৰিব । গুৰুস্বামীয়ে কয় যে দেশৰ বিশেষজ্ঞ এয়াৰ ফাইটাৰ কণ্ট্ৰলাৰৰ মেৰিট তালিকাত বিষয়াগৰাকী দ্বিতীয় স্থানত আছে । বিচাৰপীঠে বিষয়াগৰাকীক পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈ সেৱাৰ পৰা অব্যাহতি নিদিয়াৰ নিৰ্দেশ দিয়ে । লগতে ৬ আগষ্টত গোচৰটোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব ।