কৰ্ণাল: হাৰিয়ানাৰ কৰ্ণালৰ এজন ব্যক্তিয়ে ১১ চাৰ্কল এপত আই পি এল মেচত দল গঠন কৰি ৩ কোটি টকা আৰু এখন বিলাসী থাৰ বাহন লাভ কৰিবলৈ সক্ষম হৈছে । শেখপুৰা চুহানা গাঁৱৰ বিক্ৰম নামৰ ব্যক্তিগৰাকী এটা মধ্যবিত্ত পৰিয়ালৰ বাসিন্দা ।
ইয়াৰ আগতেও বিক্ৰমে অনলাইন গেমৰ জৰিয়তে লাভ কৰিছে বিপুল পৰিমাণৰ ধন ৷ এই বৃহৎ পৰিমাণৰ ধন জিকা বিক্ৰমৰ পৰিয়ালত বিৰাজ কৰিছে সুখৰ পৰিৱেশ । ইফালে চুবুৰীয়া আৰু আত্মীয়-স্বজনৰ সোঁত বৈছে অভিনন্দন জনাবলৈ ৷
২০২১ চনতো জিকিছিল ২.৭০ লাখ টকা
বিক্ৰমে সদৰী কৰা অনুসৰি, তেওঁ ২০১৯ চনৰ পৰা অনলাইন গেম খেলি আহিছে । ২০২১ চনত বিক্ৰমে লাভ কৰিছিল ২.৭০ লাখ টকা । ১ এপ্ৰিলত পাঞ্জাৱ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মাজত অনুষ্ঠিত হোৱা আই পি এল মেচত তেওঁ ৪৯ টকাত নিজৰ দল গঠন কৰিছিল । য’ত তেওঁ এক নম্বৰ ৰেংক লাভ কৰিছিল, তাৰ পিছত তেওঁক প্ৰদান কৰা হয় ৩ কোটি টকাৰ লগতে মহিন্দ্ৰ থাৰ বাহন ৷ ইয়াৰোপৰি তেওঁ ড্ৰিম ১১ ত লাভ কৰিছে ২ লাখ টকা ।

পত্নীয়ে ক'লে - মই সপোনতো ভবা নাছিলো স্বামী যে কোটিপতি হ’ব
বিক্ৰমৰ পত্নী ৰেখা পেছাত এগৰাকী গাওঁপ্ৰধান ৷ এই কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰেখাই কয়, "মোৰ স্বামীয়ে অনলাইন ক্ৰিকেট খেলি ভাল পায় । যোৱা নিশা এই খবৰটো পাই মই থতমত খালো ।"
"আমি কোটিপতি হ’ম বুলিও কেতিয়াও ভবা নাছিলো । নামটো দেখি মোৰ বিশ্বাস নহ’ল । মই বুজি পোৱা নাই মোৰ সুখ কেনেকৈ প্ৰকাশ কৰিম" বুলি বিক্ৰমৰ পত্নী ৰেখাই কয় ৷

পিতৃক স্ক্ৰীণশ্বট দেখুৱাই পতিয়ন নিয়াইছিল
বিক্ৰমে কমন ছাৰ্ভিচ চেণ্টাৰত অপাৰেটৰ হিচাপে কাম কৰে । এনেকৈয়ে তেওঁৰ ঘৰখন চলি থাকে । বিক্ৰম আৰু পত্নীয়ে পঞ্চায়ত পুঁজিৰ সহায়ত গাঁওখনৰ ৰাজপথ আৰু নলা নিৰ্মাণ, চিচি টিভি আৰু স্বচ্ছতা ব্যৱস্থা স্থাপন আৰু গাঁওখনৰ উন্নয়নৰ কামত মনোনিৱেশ কৰি আহিছে ।
বিক্ৰমৰ দেউতাক বেদপ্ৰকাশে কয়, "নিশা পুত্ৰৰ জয়ৰ খবৰটো পাই প্ৰথমে বিশ্বাস কৰা নাছিলো ৷ পিছত যেতিয়া তেওঁ মোক ফোনত স্ক্ৰীণশ্বট দেখুৱাইছিল, তেতিয়া মই বিশ্বাস কৰিছিলো ।"
লগতে পঢ়ক: দেৱ-দেৱীক নহয়, কুকুৰক পূজা কৰা হয় এই মন্দিৰত