শ্বাৰিক আৰু চিকন্দৰৰ সম্পত্তি জব্দ; জনকল্যাণৰ নামত হ'ব ব্যৱহাৰ
সম্ভল হিংসাৰ দুই অভিযুক্তৰ সম্পত্তি জব্দ কৰিলে আৰক্ষীয়ে ।

Published : April 20, 2025 at 6:14 PM IST
সম্ভল : ২০২৪ চনৰ ২৪ নৱেম্বৰত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । হিংসাত জড়িত গাড়ীচুৰি চক্ৰৰ সদস্য শ্বাৰিক সাথা আৰু সহযোগী চিকন্দৰৰ ২ কোটি ৩১ লাখ টকাৰ সম্পত্তি জব্দ কৰে । দেওবাৰে গ্ৰহণ কৰে এই কঠোৰ পদক্ষেপ ।
জব্দ কৰা ভূমিসমূহ এতিয়া ৰাজহুৱা কল্যাণমূলক কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা হ'ব । জানিব পৰা মতে এই সম্পত্তিবোৰ দুয়োজন অভিযুক্তৰ দ্বাৰা অবৈধভাৱে অধিগ্ৰহণ কৰা হৈছিল । তেওঁলোকৰ পত্নীৰ নামত সেয়া ক্ৰয় কৰা হৈছিল ।
দেওবাৰে বাহজোইত সম্ভলৰ আৰক্ষী অধীক্ষক কৃষ্ণ কুমাৰ বিষ্ণোই কয় যে হিংসাত জড়িত শ্বাৰিক সাথা আৰু তেওঁৰ সহযোগী চিকন্দৰৰ ২.৩১ কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছে । ২০০৯ চনত গেংষ্টাৰ আইনৰ অধীনত শ্বাৰিক সাথাৰ দল আৰু তেওঁৰ সহযোগী চিকন্দৰৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল । দলটোৰ সদস্যসকল ২৪ নৱেম্বৰত সম্ভলত সংঘটিত হিংসাত্মক ঘটনাত জড়িত আছিল ।
সেই সময়ত কেইবাজনো লোক নিহত হৈছিল । অনুসন্ধানৰ সময়ত যেতিয়া অভিযুক্তজনৰ সম্পত্তি পৰীক্ষা কৰা হৈছিল তেতিয়া দেখা গৈছিল যে শ্বাৰিক সাথা আৰু চিকন্দৰে তেওঁলোকৰ নিজ নিজ পত্নীৰ নামত তুৰ্তিপুৰ ইলহাৰ মুখ্য স্থানত ২৬৮ বৰ্গ মিটাৰ ভূমি ক্ৰয় কৰিছিল ।

আৰক্ষী অধীক্ষকৰ মতে এই ভূমিৰ মূল্য হৈছে ২ কোটি ৩১ লাখ টকা । অৱশ্যে ২০১১ চনত এই সম্পত্তি গেংষ্টাৰ আইনৰ অধীনত জিলা দণ্ডাধীশৰ আদালতে জব্দ কৰিছিল । কেইবামাহ সময় দিয়া স্বত্বেও দুয়ো অভিযুক্তই প্ৰমাণ কৰিব নোৱাৰিলে যে তেওঁলোকে আইনীভাৱে এই সম্পত্তি ক্ৰয় কৰিছিল । তাৰ পিছত বিষয়টোৰ শুনানিৰ পিছত ইয়াক ধাৰা ১৫-ৰ অধীনত চৰকাৰে হস্তগত কৰে ।

আৰক্ষী অধীক্ষকে কয় যে ধাৰা ৪-ৰ অধীনত নিয়ম আছে যে সম্পত্তিখিনি ক্ৰয় কৰিবলৈ ধন ক'ৰ পৰা আহিছিল সেয়া প্ৰমাণ কৰিব লাগিব । দুয়োজন অভিযুক্তক কেইবাটাও সুযোগ দিয়া হৈছিল । ২০ ফেব্ৰুৱাৰীত শ্বাৰিক সাথা দলৰ এজন সদস্য গোলামক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় । ইফালে আৰক্ষী অধীক্ষকে জনোৱা মতে শ্বাৰিক আৰু চিকন্দৰ এতিয়াও পলাতক হৈ আছে ।
লগতে পঢ়ক :নীট ইউ জি পৰীক্ষা 2025; নতুন আৰ্হি আৰু পৰিৱৰ্তনসমূহ কেনেধৰণৰ - NEET UG EXAM 2025

