ETV Bharat / bharat

সম্ভলত বাহিৰা লোকৰ প্ৰৱেশ নিষিদ্ধ; ১০ ডিচেম্বৰলৈকে জিলা প্ৰশাসনৰ নিষেধাজ্ঞা

সম্ভলৰ জিলা দণ্ডাধীশে জাৰি কৰা বিবৃতিত কোৱা হৈছে যে ১০ ডিচেম্বৰলৈকে কোনো বহিৰাগত, সংগঠন বা ৰাজহুৱা প্ৰতিনিধিয়ে জিলাখনৰ সীমাত প্ৰৱেশ কৰিব নোৱাৰিব ।

Sambhal Masjid dispute
মছজিদৰ বাহিৰত নিৰাপত্তাৰক্ষীৰ পহৰা (ANI)
author img

By PTI

Published : November 30, 2024 at 11:13 AM IST

2 Min Read
Choose ETV Bharat

লক্ষ্ণৌ/সম্ভল : চেপা উত্তেজনাই বিৰাজ কৰি থকা সম্ভলত শান্তি-শৃংখলা বজাই ৰখাৰ বাবে শনিবাৰে জিলা প্ৰশাসনে ১০ ডিচেম্বৰলৈকে বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰে ।

সম্ভলৰ জিলা দণ্ডাধীশ ৰাজেন্দ্ৰ পেনচিয়াই জাৰি কৰা এক বিবৃতিত কয়, "১০ ডিচেম্বৰলৈকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ কোনো বহিৰাগত, কোনো সামাজিক সংগঠন বা কোনো ৰাজহুৱা প্ৰতিনিধিয়ে জিলাখনৰ সীমাত প্ৰৱেশ কৰিব নোৱাৰিব ।"

এই পদক্ষেপটো এক গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । কিয়নো এই নিষেধাজ্ঞা এনে এটা দিনত আহিছে, যিটো দিনত সমাজবাদী পাৰ্টীৰ এটা ১৫ জনীয়া প্ৰতিনিধি দলে শ্বাহি জামা মছজিদ চৌহদত জৰীপৰ পিচত সংঘটিত হিংসা সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিবলৈ সম্ভললৈ যোৱাৰ কথা আছিল ।

উত্তৰ প্ৰদেশ বিধানসভাৰ বিৰোধী দলৰ নেতা মাতা প্ৰসাদ পাণ্ডেৰ নেতৃত্বত ১৫ জনীয়া এছ পি প্ৰতিনিধি দলটো তালৈ যাবলগা আছিল । লক্ষ্ণৌত নিজৰ বাসগৃহৰ বাহিৰত সাংবাদিকৰ আগত তেওঁ কয় যে গৃহ সচিব সঞ্জয় প্ৰসাদে তেওঁক ফোন কৰি সম্ভললৈ নাযাবলৈ অনুৰোধ কৰে ।

"সম্ভলৰ জিলা দণ্ডাধীশে মোক ফোন কৰি কয় যে বাহিৰা লোকৰ প্ৰৱেশৰ ওপৰত নিষেধাজ্ঞা ১০ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে । গতিকে মই এতিয়া দলীয় কাৰ্যালয়লৈ যাম আৰু আমাৰ পৰৱৰ্তী পদক্ষেপৰ বিষয়ে সিদ্ধান্ত লোৱাৰ পূৰ্বে বিষয়টো আলোচনা কৰিম ।" পাণ্ডেয়ে কয় ।

তেওঁ লগতে কয়, "চৰকাৰে সম্ভৱতঃ তেওঁলোকৰ ভুল লুকুৱাবলৈ মোক সম্ভললৈ যোৱাত বাধা দিব বিচাৰিছিল । কিয়নো আমাৰ ভ্ৰমণে ইয়াৰ কেইবাটাও ভুল উন্মোচিত কৰিলেহেঁতেন ।"

উল্লেখ্য যে শুকুৰবাৰে নিশাৰ পৰা পাণ্ডেৰ বাসগৃহৰ বাহিৰত যথেষ্ট মাত্ৰাত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে । এছ পিৰ ৰাজ্যিক সভাপতি শ্যামলাল পালে শুকুৰবাৰৰ পূৰ্বে কৈছিল যে দলৰ মুৰব্বী অখিলেশ যাদৱৰ নিৰ্দেশত দলটোৰ এটা প্ৰতিনিধি দল শনিবাৰে সম্ভললৈ যাব । "দলটোৱে তাত সংঘটিত হিংসাৰ বিষয়ে বিতং তথ্য লোৱাৰ পিছত দলটোৰ মুৰব্বীৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব ।" তেওঁ কয় ।

এছ পিৰ ৰাজ্যিক সভাপতিয়ে পূৰ্বতে X-ত শ্বেয়াৰ কৰা এচা পোষ্টত হৈছিল যে প্ৰতিনিধি দলটোত বিধানসভাৰ বিৰোধী দলৰ নেতা মাতা প্ৰসাদ পাণ্ডে, বিধান পৰিষদৰ বিৰোধী দলপতি লাল বিহাৰী যাদৱ, এছ পিৰ ৰাজ্যিক সভাপতি শ্যামলাল পাল, সাংসদ জিয়াউৰ ৰহমান বাৰ্ক, হৰেন্দ্ৰ মালিক, ৰুচি বীৰা, ইক্ৰা হাছান আৰু নীৰজ মৌৰ্য আছে ।

লগতে পঢ়ক :সম্ভল হিংসা : উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ দাবী প্ৰিয়ংকা গান্ধীৰ
লগতে পঢ়ক :সম্ভল হিংসা : বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ, ইণ্টাৰনেট-বিদ্যালয় বন্ধ