হঠাতে লাগি গ'ল অথন্তৰ, ইণ্ডিগো বিমানত খুন্দা মাৰিলে চৰায়ে, মাজ আকাশতে উৰি থাকিল বিমান আৰু তাৰ পিছত...
পাটনাৰ পৰা ৰাঁচীলৈ অহা এখন বিমানত আঘাত কৰে এটা চৰায়ে । যাত্ৰীৰ মাজত হাহাকাৰ । কেনেকৈ পাইলটে সুৰক্ষিতভাৱে অৱতৰণ কৰিব বিমানখন ?

Published : June 2, 2025 at 8:47 PM IST
ৰাঁচী : সকলো ঠিকেই আছিল । যথা সময়ত পাটনাৰ পৰা ৰাঁচীলৈ বুলি উৰিলে এখন ইণ্ডিগো বিমান । আনকি নিৰ্দিষ্ট সময়ত বিমানখন উপস্থিতো হৈছিল ৰাঁচীত । বিমানখনে চলাই আছিল অৱতৰণৰ প্ৰস্তুতি । পাইলটে সকলো দিশ পৰীক্ষা কৰি আছিল । কিন্তু তেনেতে ঘটিল এটা ঘটনা, কিন্তু পাইলৰ বিচক্ষণতাৰ বাবে প্ৰাণ ৰক্ষা পৰিল বিমান যাত্ৰী আৰু কৰ্মীৰ । কেতিয়াবা এক ছেকেণ্ডো যে বৰ মূল্যবান হয়, সেয়া প্ৰমাণিত হ'ল এই ঘটনাত ।
জানিব পৰা মতে, পাটনাৰ পৰা ৰাঁচীলৈ অহা বিমানখনে অৱতৰণ কৰিব লওঁতেই বিমানখনৰ সন্মুখভাগত এটা চৰায়ে খুন্দা মাৰে । ফলত বিমানখনত কিছু বিজুটি ঘটে । কিন্তু পাইলে নিজৰ অভিজ্ঞা আৰু কৌশল ব্যৱহাৰ কৰি বিমানখন অৱতৰণ কৰাৰ পৰিৱৰ্তে মাজ আকাশত কিছু পৰ উৰুৱাই ৰাখিল ।
কিছুপৰ সকলো পৰীক্ষা কৰাৰ অন্তত পাইলটে নিৰাপদে অৱতৰণ কৰে বিমানখন । এইঘটনাৰ ফলত কোনো যাত্ৰীৰে একো ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে ।
বিমানখন গ্ৰাউণ্ড কৰা হৈছে
ইণ্ডিগো কৰ্তৃপক্ষই জনোৱা মতে, ইতিমধ্যে চৰায়ে খুন্দা মৰা বিমানখন গ্ৰাউণ্ড কৰা হৈছে। ইয়াৰ তদন্ত চলি আছে । এই বিমানখনে পুৱা ১১.০৫ বজাত পাটনাৰ পৰা উৰা মাৰিছিল । পুৱা ১১.৫৫ বজাত ৰাঁচী বিমানবন্দৰত অৱতৰণ কৰিব লাগিছিল । কিন্তু চৰায়ে খুন্দা মৰাৰ বাবে বিমানখন অৱতৰণত কিছু পলম হয় ।
ইটিভি ভাৰতে লাভ কৰা তথ্য অনুসৰি, বিমানখনৰ সন্মুখৰ শঙ্কুৰ দৰে জোঙা অংশটোত চৰায়ে খুন্দা মৰাৰ ফলত কিছু ক্ষতি হৈছে । এই অংশটোৰ ওচৰত চৰাইটোৰ তেজৰ চিটিকনিও দেখা পোৱা গৈছে ।
যাত্ৰীসকলৰ বাবে কৰা বিশেষ ব্যৱস্থা
এই ঘটনাৰ কোনো যাত্ৰীৰে একো ক্ষতি হোৱা নাই । সকলো সুৰক্ষিত হৈ আছে । কিন্তু বিমানখনত কিমান যাত্ৰী আছিল সেই কথা বিমান কৰ্তৃপক্ষই অৱগত কৰা নাই ।
এই বিমানখনে ৰাঁচীত অৱতৰণ কৰি কলকাতালৈ উৰা মাৰিব লাগিছিল । কিন্তু গ্ৰাউণ্ডিঙৰ বাবে একাংশ যাত্ৰীক আন এখন বিমানেৰে কলকাতালৈ প্ৰেৰণ কৰা হৈছে । বাকী যাত্ৰীসকলক ৩ জুন আৰু ৪ জুনত যাত্ৰা কৰাৰ ব্যৱস্থা কৰিছে বিমান কৰ্তৃপক্ষই ।

